ETV Bharat / bharat

Sub-Inspector recruitment scam: এছ আই নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CID ক অৰ্পন - cid to probe psi recruitment scam karnataka high court

PSI নিযুক্তিৰ কেলেংকাৰী(PSI recruitment scam)ৰ পাছত পুনৰ পৰীক্ষা পতাৰ কথা ঘোষণা কৰিছিল কৰ্ণাটক চৰকাৰে । কিন্তু দ্বিতীয়বাৰতো ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Police Sub-Inspector recruitment scandal) । সেয়েহে এই বিষয়টোৰ ওপৰত উচিত বিচাৰৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ে(Karnataka High Court) তদন্তৰ দায়িত্ব CBIক অৰ্পন কৰে ।

cid to probe psi recruitment scam karnataka high court
PSI নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CID ক অৰ্পন কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ
author img

By

Published : Jul 1, 2022, 1:43 PM IST

নেশ্যনেল ডেস্ক,১ জুলাই: দেশজুৰি তোলপাৰ লগোৱা কৰ্ণাটকৰ এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী(PSI recruitment scam)ৰ তদন্তৰ দায়িত্ব CBI ক অৰ্পন কৰা হয় । আৰক্ষীৰ সন্মান ৰক্ষাৰ বাবে CID ক দায়িত্ব অৰ্পন কৰা বুলি উল্লেখ কৰিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । কৰ্ণাটক উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত সন্মান ৰক্ষা কৰাৰ দায়িত্ব কেৱল ৰাজ্যৰ আৰক্ষী বিভাগৰ হাততহে আছে(Police Sub-Inspector recruitment scandal) ।

ন্য়ায়ালয়ে উল্লেখ কৰে যে PSI নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বহু অভিযোগ উত্থাপন হৈছে । আনহাতে আৰক্ষী আৰু বহু মধ্যভোগীলৈ উঠিছে অভিযোগৰ আঙুলি । গতিকে এই ক্ষেত্ৰত এক নিৰপেক্ষ তদন্ত নিত্যান্তই প্ৰয়োজন । গতিকে ন্যায়াধীশ এইচ.পি. সন্দেশৰ একক ন্যায়াধীশ বিচাৰপীঠে CID ৰ DGP পি.এছ. সান্ধুক ব্যক্তিগতভাৱে এই তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

ন্যায়ালয়ে উল্লেখ কৰে যে, উপ-পৰিদৰ্শক নিযুক্তিৰ দুৰ্নীতি এক গুৰুতৰ বিষয় । গতিকে ইয়াৰ প্ৰকৃত সত্য পোহৰলৈ আনিবই লাগিব । এই ক্ষেত্ৰত আদালতে তদন্তৰ অগ্ৰগতিৰ ওপৰতো চোকা দৃষ্টি ৰাখিব । অভিযুক্ত মন্ত্ৰী-বিধায়ক বা উচ্চ পদস্থ বিষয়া হ'লেও দোষী সাব্যস্ত হ'লে তেঁওলোকৰ ওপৰত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত অমৰনাথ যাত্ৰীৰ বাহন; কথমপি প্ৰাণ ৰক্ষা চাৰি তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.