ETV Bharat / bharat

Chinese spy in Bihar: দালাই লামাক অনুসৰণ কৰিবলৈ আহি ধৰা পৰিল চীনা মহিলা চোৰাংচোৱা - Chinese spy in Bihar

বৌদ্ধ ধৰ্মগুৰু দালাই লামাক এগৰাকী চীনা মহিলা চোৰাংচোৱাই অনুসৰণ কৰি থকাৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতে সতৰ্ক হৈ পৰিছিল দেশৰ চোৰাংচোৱা সংস্থাসমূহ ৷ দালাই দালাৰ বিহাৰ ভ্ৰমণৰ সময়তে পোহৰলৈ আহিছিল এই তথ্য ৷ যাক লৈ বিহাৰ আৰক্ষীয়েও জাৰি কৰিছিল সতৰ্কতা ৷ কাৰণ বৰ্তমান বিহাৰত আছে বৌদ্ধ ধৰ্ম গুৰুগৰাকী ৷ আনহাতে, শেহতীয়াকৈ চীনা মহিলাগৰাকীক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

Chinese spy in Bihar
দালাই লামাক অনুকৰণ কৰিবলৈ আহি ধৰা পৰিল চীনা মহিলা চোৰাংচোৱা
author img

By

Published : Dec 29, 2022, 9:33 PM IST

Updated : Dec 29, 2022, 9:47 PM IST

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ: বৌদ্ধ গুৰু দালাই লামাক অনুসৰণ কৰিবলৈ আহি বিহাৰত গ্ৰেপ্তাৰ হ’ল চীনা মহিলা চোৰাংচোৱা(Chinese spy arrested in Bihar) ৷ সম্প্ৰতি মহিলাগৰাকীৰ গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে বিহাৰৰ বোধগয়া আৰক্ষীয়ে ৷ শেহতীয়াকৈ তাৎপৰ্যপূৰ্ণ ভাৱে চীনৰ লক্ষ্য হৈ পৰিছে তিব্বতৰ বৌদ্ধ গুৰু দালাই লামা(buddhist guru Dalai Lama) ৷

উল্লেখ্য যে, বৰ্তমান বিহাৰৰ বোধগয়া ভ্ৰমণত আছে দালাই লামা ৷ এই ভ্ৰমণ কালচোৱাতে চোৰাংচোৱা সংস্থাই খবৰ লাভ কৰিছিল যে দালাই লামাক হত্যাৰ বাবে ভাৰতত প্ৰৱেশ কৰিছে এগৰাকী চীনা চোৰাংচোৱা মহিলা(suspected Chinese spy in Bodh Gaya) ৷ এই খবৰ লাভ কৰাৰ পিছতে অধিক সতৰ্ক হৈ পৰিছিল বিহাৰ আৰক্ষী আৰু মহিলাগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান(Alert in Bodh Gaya) ৷ সামাজিক মাধ্যমতো বিহাৰ আৰক্ষীয়ে সদৰী কৰিছিল এই কথা ৷ লগতে চীনা চোৰাংচোৱা মহিলাগৰাকী বিহাৰৰ বোধগয়াত অৱস্থান কৰি থকাৰো খবৰ লাভ কৰিছিল চোৰাংচোৱা সংস্থাই ৷

চোৰাংচোৱা সংস্থাৰ পৰা খবৰ লাভ কৰাৰ পিছতে চীনা মহিলাগৰাকীক আটক কৰিছে বিহাৰ আৰক্ষীয়ে( Chinese spy arrested in Bodh Gaya) ৷ কিন্তু এই তথ্য বৰ্তমানেও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই বিহাৰ আৰক্ষীয়ে ৷ মন কৰিবলগীয়া যে, 22 ডিচেম্বৰত বিহাৰত উপস্থিত হৈছিল বৌদ্ধ ধৰ্ম গুৰু দালাই লামা ৷ দালাই লামাই অংশগ্ৰহণ কৰা এখন সভাতেই দেখিবলৈ পোৱা গৈছিল শ্বাং জিয়ালন(Song Xiaolan) নামৰ চীনা মহিলাগৰাকীক ৷ ইয়াৰ পিছতেই সন্দেহযুক্ত মহিলাগৰাকীৰ এখন স্কেচ প্ৰকাশ( Bihar police release Chinese spy sketch) কৰি কোনো লোকে মহিলগৰাকীক প্ৰত্যক্ষ কৰিলে খবৰ দিবলৈ মুকলি কৰিছিল ফোন নম্বৰ ৷ ইফালে, এই মহিলগৰাকী প্ৰায় দুবছৰ ধৰি বিহাৰৰ বোধগয়াৰ লগতে দেশৰ বিভিন্ন প্ৰান্তন অৱস্থান কৰি থকাৰ তথ্যও সদৰী কৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ আনহাতে, গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ইতিমধ্যেই চীনা চোৰাংচোৱা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

চীনা চোৰাংচোৱা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিহাৰ আৰক্ষীয়ে সম্প্ৰতি অতি কটকটীয়া কৰি ৰাখিছে দালাই লামাৰ নিৰাপত্তা(Dalai Lama security increased) ৷ দালাই লামাৰ সুৰক্ষাৰ বাবে বিহাৰৰ আৰক্ষীয়ে গঢ়ি তুলিছে চাৰি তৰপীয়া নিৰাপত্তা ব্যৱস্থা ৷ লগতে দালাই লামাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই বুলিও আশ্বাস প্ৰদান কৰিছে বিহাৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: Clash in Flight : যাত্ৰীৰ গালে-মুখে ইটোৰ পাছত সিটো পুৰ্ণহতীয়া চৰ চলন্ত বিমানৰ ভিতৰত

Last Updated : Dec 29, 2022, 9:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.