ETV Bharat / bharat

চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ - Chinese PLA arm

অৰুণাচল প্ৰদেশৰ এজন কিশোৰক চীনা সৈন্যই অপহৰণ কৰাৰ অভিযোগ অৰুণাচল প্ৰদেশৰ লোকসভা সদস্য টাপিৰ গাৱৰ ৷ দেশ জুৰি ইয়াক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সবিশেষ জানো আহক ৷

chinese-army-kidnaped-teen-from-arunachal-pradesh-claims-arunachal-mp-tapir-gaon
অৰুনাচলৰ কিশোৰক অপহৰণ কৰিছে নেকি চীনা PLA সৈন্যই ?
author img

By

Published : Jan 20, 2022, 11:45 AM IST

নিউজ ডেস্ক, 20 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ লোক সভা সদস্য টাপিৰ গাৱে শেহতীয়াকৈ অভিযোগ কৰিছে যে চীনৰ পি এল এ সেনাই ৰাজ্যখনৰ ভাৰত-চীন সীমান্তৰ পৰা ১৭ বছৰীয়া এজন যুৱকক অপহৰণ কৰিছে । গাৱে সংবাদ মাধ্যমক জনোৱা মতে পিএলএ সেনাই আপাৰ চিয়াং জিলাৰ লুংটা জ’ নামৰ অঞ্চলৰ পৰা যুৱকজনক অপহৰণ কৰিছে (Chinese PLA allegedly kidnapped Arunachal teen) ।

তেওঁ কয় যে, সেই অঞ্চলৰ দুজন যুৱক চিকাৰলৈ গৈছিল আৰু চীনা সৈন্যই অপহৰণ কৰাৰ পাছত এজনে পলাই আহিবলৈ সক্ষম হয় । লোকসভাৰ সদস্যজনে জনোৱা মতে, মিৰাম টাৰন নামৰ যুৱকজন এতিয়াও পিএলএৰ কৱলত আৱদ্ধ হৈ আছে । গাৱে তেওঁৰ এক টুইটৰ জৰিয়তে এই কথা সদৰি কৰি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিতীশ প্ৰমানিকক এই বিষয়ে শীঘ্ৰেই বিহিত ব্যবস্থা ল’বলৈ আহ্বান জনায় ।

অৰুনাচলৰ কিশোৰক অপহৰণ কৰিছে নেকি চীনা PLA সৈন্যই ?

উল্লেখযোগ্য যে, এই সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ বিধায়ক নিনং এৰিঙো সৰৱ হৈছে ৷ তেওঁ ঘটনাৰ সবিশেষ বৰ্ণনা কৰি অপহৃত কিশোৰজনক পিএলএৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনাইছে ৷

চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (Chinese PLA army) ৰাজ্যখনৰ ভাৰতীয় ভূ-খণ্ডৰ উজনি চিয়াং জিলাৰ পৰা ১৭ বছৰীয়া কিশোৰজনক অপহৰণ কৰিছে । অপহৃত কিশোৰজনক মিৰাম টাৰন বুলি চিনাক্ত কৰা হৈছে । সাংসদ টাপিৰ গাৱৰ মতে চীনা সেনাই কিশোৰজনক চিয়ুংলা অঞ্চলৰ লুংটা জ’ অঞ্চলৰ পৰা অপহৰণ কৰিছিল । মন কৰিব লগীয়া যে, ইয়াৰ আগতেও অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ খবৰ পোৱা গৈছিল ।

লগতে পঢ়ক : New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.