ETV Bharat / bharat

ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী - চীনৰ চাইবাৰ আক্ৰমণ

ভাৰতৰ ওপৰত চীনৰ চাইবাৰ আক্ৰমণৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, চীনে ভাৰতক ভাবুকি দিবলৈ সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । যোৱা মাহত, দুয়োখন দেশে পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ প্ৰত্যাহাৰ কৰে ।

ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী

author img

By

Published : Mar 3, 2021, 9:09 PM IST

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে টুইটযোগে কয় যে, ভাৰতক ভাবুকি দিবলৈ চীনে নিজৰ সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । লগতে তেওঁ সতৰ্ক কৰি দিয়ে যে, ভাৰত চৰকাৰৰ কাপুৰুষত্বৰ বাবে ভৱিষ্যতে পৰিণাম ভয়াৱহ হ'ব । কংগ্ৰেছ নেতাগৰাকীয়ে এটা বাতৰিৰ সৈতে প্ৰকাশিত নিশাৰ উপগ্ৰহ আলোকচিত্ৰও টুইটযোগে শ্বেয়াৰ কৰিছে ।

আলোকচিত্ৰকেইখনৰ দ্বাৰা দাবী কৰা হৈছে যে, লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ দেপছাং আঞ্চলত চীনে পুনৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা কৰি আছে । ভাৰতক ভাবুকি দিবলৈ চীনে সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । ৰাহুল গান্ধীয়ে টুইটটোত উল্লেখ কৰিছে যে, বৰ্তমান দৌলত বেগ অল্ডি সুৰক্ষিত নহয় ।

ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী
ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী

বিগত বৰ্ষৰ মে' মাহত পূৱ লাডাখৰ পাংগং হ্ৰদ এলেকাত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ হোৱাৰ পিছতে দুয়ো পক্ষই ক্ৰমান্বয়ে প্ৰায় ১০ হাজাৰ সেনা মোতায়েন কৰিছিল আৰু গধুৰ অস্ত্ৰ-শস্ত্ৰও সেই স্থানত মজুত ৰাখিছিল । যোৱা মাহত, দুয়োখন দেশে পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ প্ৰত্যাহাৰ কৰে । সমগ্ৰ বিষয়টোক লৈ ৰাহুল গান্ধীয়ে বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি আছে ।

লগতে পঢ়ক:DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.