ETV Bharat / bharat

লুধিয়ানাত শিশুৱে গঢ়ি তুলিলে Micro Oxygen Chamber - Micro Oxygen Chamber

সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱৰ বাতৰিয়ে শীৰ্ষ স্থান দখল কৰাৰ সময়তে লুধিয়ানাৰ এজাক শিশুয়ে লৈছে ব্যতিক্ৰমী পদক্ষেপ ৷ দেওবাৰে পঞ্জাৱৰ লুধিয়ানাত প্ৰায় 750 টা গছপুলি ৰোপণ কৰি শিশুসকলে এটা মাইক্ৰ' অক্সিজেন চেম্বাৰ (Micro Forest) সৃষ্টি কৰে ।

Children create 'micro oxygen chamber' by planting 750 sapling in Ludhiana
লুধিয়ানাৰ শিশুৱে সৃষ্টি কৰিলে Micro Oxygen Chamber
author img

By

Published : Jun 13, 2021, 8:07 PM IST

নেশ্যনেল,13 জুন : সমগ্ৰ বিশ্ব এতিয়া মহামাৰী কৰ'ণাৰ গ্ৰাসত ৷ এক ভয়ংকৰ ৰূপ ধাৰণ কৰি কৰ'ণাই লৈছে সংহাৰী ৰূপ ৷ চৌদিশে এতিয়া মাথো মৃত্যুৰ কিৰিলি ৷ কোনোবাই যদি খাবলৈ নাপাই প্ৰাণ হেৰুৱাইছে কোনোবাই আকৌ অক্সিজেনৰ অভাৱত হেৰুৱাইছে জীৱন ৷ একাংশই নিজ মুনাফা লাভৰ বাবে বনাঞ্চল ধ্বংস কৰাৰ পাচতে লাহে লাহে হ্ৰাস পাইছে অক্সিজেনৰ মাত্ৰা ৷ প্ৰকৃতি মানৱ জাতিৰ বাবে কিমান প্ৰয়োজনীয় সেয়া কৰ'ণাৰ দ্বিতীয় ঢৌৱে মানৱ জাতিক আকৌ এবাৰ উপলব্ধি কৰাইছে ৷ প্ৰথমবাৰৰ বাবে অক্সিজেনৰ অভাৱত বিশ্বত লাখ লাখ লোকে প্ৰাণ হেৰুওৱাৰ পাচতে একাংশলোকে প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন পন্থা হাতত লৈছে ৷ তাৰ মাজতে পঞ্জাৱৰ লুধিয়ানাৰ এজাক শিশুৱে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ চহৰখনত প্ৰায় 750 টা গছ পুলি ৰোপন কৰি শিশুসকলে মাইক্ৰ' অক্সিজেন চেম্বাৰ (Micro Oxygen Chamber) গঢ়ি তুলিছে ৷

Children create 'micro oxygen chamber' by planting 750 sapling in Ludhiana
লুধিয়ানাৰ শিশুৱে সৃষ্টি কৰিলে Micro Oxygen Chamber

এই গছ পুলি কাৰ্যসূচীত শিশুসকলক বিশেষভাৱে এটি দম্পতীয়ে উদগনি জনাইছে ৷ ৰোহিত মেহৰা আৰু গীতাঞ্জলী মেহৰা নামৰ দম্পতীটোৱে শিশুসকলক ৰাগ বাগ নামৰ অঞ্চলটোত গছ পুলি ৰোপনৰ বাবে একত্ৰিত কৰি এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ৷ অঞ্চলটোৰ প্ৰায় 10 জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৱে এই মহৎ পদক্ষেপটোত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে ৷

এই গছ পুলি ৰোপন কাৰ্যসূচীৰ অন্তত লুধিয়ানাৰ চেক্ৰেড হাৰ্ট কনভেন্ট স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মাধৱী শৰ্মাই কয় যে, এই মহামাৰী সময়ত আমাৰ সমাজৰ সকলোৱে অক্সিজেনৰ গুৰুত্ব উপলব্ধি কৰিছে । আমি সকলোৱে জানো যে গছবোৰ প্ৰাকৃতিক অক্সিজেনৰ একমাত্ৰ উৎস ৷ সেয়েহে এয়াক আমি সংৰক্ষণ কৰাৰো প্ৰয়োজন ৷

ইফালে, ৰোহিত মেহৰাই কয় যে, এইখন বিশ্বৰ শিশুসকলৰ দ্বাৰা সৃষ্টি কৰা প্ৰথমখন অৰণ্য, য'ত শিশুসকল ইয়াৰ নিৰ্মাতা হ'ব ৷ এই দলটোক ভাৰতীয় সেউজীয়া যোদ্ধা বুলি অভিহিত কৰি এই সূক্ষ্ম অৰণ্যখনত 60 ৰো অধিক প্ৰকাৰৰ গছ ৰোপন কৰা হৈছে জানিবলৈ দিয়ে মেহতাই ৷

উল্লেখ্য যে, বিদ্যালয় কেইখনৰ ছাত্ৰ-ছাত্ৰী সকলে এই অৰণ্যখন সন্দৰ্ভত মত পোষণ কৰি সকলো শিশুকে গছ পুলি ৰোপনৰ বাবে আহ্বান জনায় ৷ যাতে ভৱিষ্যৎ প্ৰজন্মই প্ৰাকৃতিক অক্সিজেনৰ উৎস পাব পাৰে । সকলো অংশগ্ৰহণকাৰী শিশুৱে এই মাইক্ৰ' অৰণ্যখন ৰক্ষা কৰিবলৈ আৰু ইয়াক বহনক্ষম নোহোৱালৈকে দুবছৰৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দি কয় যে, এই সূক্ষ্ম অৰণ্যখনত বিভিন্ন ধৰণৰ উদ্ভিদ,জীৱ-জন্তু আৰু চৰাই-চিৰিকটি ৰখা হ'ব ৷ যাতে লুধিয়ানাক এখন অক্সিজেন সমৃদ্ধ চহৰ হিচাপে গঢ়ি তুলিব পৰা যায় ।

লগতে পঢ়ক: ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.