ETV Bharat / bharat

যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই - Surajpur Collector slaps man

ছট্টিশড়ৰ সুৰজপুৰৰ জিলা উপায়ুক্তৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । শনিবাৰে লকডাউনৰ সময়চোৱাত উপায়ুক্ত গৰাকীয়ে ক'ভিড বিধি পালন নকৰা এজন লোকক চৰিয়াইছিল আৰু তেওঁৰ ফোনটো মাটিত পৰি গৈছিল । ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে সমালোচনা কৰা দেখা গৈছে । ইয়াৰ পিছতে সামাজিক মাধ্যমত ৰাজহুৱা ক্ষমা বিচাৰিলে সুৰজপুৰ জিলাৰ উপায়ুক্ত ৰণবীৰ শৰ্মাই ।

Surajpur Collector slaps man
যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই
author img

By

Published : May 23, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক,২৩ মে': ক'ভিড পৰিস্থিতিৰ মাজতে চৰ্চাত এগৰাকী জিলা উপায়ুক্ত । ছট্টিশড়ৰ সুৰজপুৰৰ জিলা উপায়ুক্তৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । শনিবাৰে লকডাউনৰ সময়চোৱাত উপায়ুক্ত গৰাকীয়ে ক'ভিড বিধি পালন নকৰা এজন লোকক চৰিয়াইছিল আৰু তেওঁৰ ফোনটো মাটিত পৰি গৈছিল । ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । বহুতে উপায়ুক্তগৰাকীক সমালোচনাও কৰা দেখা গৈছে । আনকি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । টুইটযোগে ভুক্তভোগী যুৱকজন আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে উপায়ুক্তগৰাকীৰ এই কাৰ্যক গৰিহণা দিয়ে আৰু উপায়ুক্তক অতি শীঘ্ৰে দায়িত্বৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে ।

ইয়াৰ পিছতে সামাজিক মাধ্যমত ৰাজহুৱা ক্ষমা বিচাৰিলে সুৰজপুৰৰ জিলা উপায়ুক্ত ৰনবীৰ শৰ্মাই আৰু ক'লে যে যুৱকজনে বিষয়াসকলক মিছা কৈছিল আৰু দুৰ্ব্যৱহাৰ কৰিছিল যাৰ বাবে তেওঁ যুৱকজনক চৰিয়াইছিল । ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে কয় যে সুৰজপুৰৰ ক'ভিড পৰিস্থিতি অতি বেয়া আৰু শেহতীয়াকৈ তেওঁৰ লগতে পৰিয়ালৰ সদস্যসকল কৰ'ণাত আক্ৰান্ত হৈছে । এই মহামাৰীৰ সৈতে যুঁজিবলৈ প্ৰশাসনৰ লোকসকলে যথেষ্ট কষ্ট কৰি আছে ।

উপায়ুক্তগৰাকীয়ে পিছত কয় যে ভিডিঅ'টোত থকা ব্যক্তিজন নাবালক বুলি ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছে কিন্তু তেওঁৰ বয়স ২৩ বছৰ আছিল । যুৱকজন দ্ৰুতবেগত আহিছিল আৰু তেওঁৰ দুচকীয়া বাহনখন ৰখোৱা নাছিল । পিছত বিষয়াসকলৰ সৈতেও দুৰ্ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.