ETV Bharat / bharat

Congress Bharose ka Sammelan: ছত্তীশগড়ত নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে; বিজেপিক তীব্ৰ সমালোচনা খাৰ্গেৰ

ছত্তীশগড়ৰ জংজিৰ-চম্পা জিলাত কংগ্ৰেছৰ বিশাল জনসভা । মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপিক ক্ষুৰধাৰ সমালোচনা সভাপতি খাৰ্গেৰ । এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ'ব ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন ।

author img

By

Published : Aug 13, 2023, 6:13 PM IST

Congress Bharose ka Sammelan
ছত্তীশগড়ত নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে

নেশ্যনেল ডেস্ক,১৩ আগষ্ট : ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত ইতিমধ্যে কংগ্ৰেছে ৰাজ্যখনত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । তাৰ অংশস্বৰূপে জংজিৰ-চম্পা জিলাত এখন বিশেষ জনসভাৰ আয়োজন কৰা হয় । য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ।

অনুষ্ঠানত অংশ লৈ নেতাগৰাকীয়ে বিজেপি চৰকাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে । খাৰ্গেৰ মতে সংসদত মণিপুৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল প্ৰধানমন্ত্ৰীয়ে । আনহাতে সদনত প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে জৱাহৰ লাল নেহৰুক কটাক্ষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনাও কৰে খাৰ্গেয়ে ।

খাৰ্গেয়ে কয় যে ৰাহুল গান্ধী আৰু মিত্ৰজোঁট 'I.N.D.I.A'ৰ নেতাসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে তেওঁ মণিপুৰৰ ওপৰত কিয় উত্তৰ দিয়া নাছিল । উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে নেহৰু জী আৰু কংগ্ৰেছ নেতাসকলক উপহাসহে কৰিছিল । প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তেওঁ সকলো কৰিছে । কিন্তু মোদী শাসনলৈ অহাৰ পাচত শক্তি, বিদ্যালয় আদি ছত্তীশগড়লৈ আহিছে নেকি বুলি খাৰ্গেয়ে প্ৰশ্ন কৰে ।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহে কংগ্ৰেছৰ দ্বাৰা স্থাপিত চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰিছিল । তেওঁলোকে লণ্ডন বা অক্সফৰ্ডত পঢ়িছিল নেকি বুলি প্ৰশ্ন কৰে । খাৰ্গেৰ মতে বিজেপিয়ে কংগ্ৰেছক প্ৰশ্ন কৰিছে যে যোৱা ৭০ বছৰত কংগ্ৰেছ দলে কি কৰিছে ।

উল্লেখ্য যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু আন কেইবাগৰাকী কংগ্ৰেছ নেতা অনুষ্ঠানটোত উপস্থিত থাকে । অনুষ্ঠানত মুখ্যমন্ত্ৰী বাঘেলে জংজিৰ-চম্পা জিলাত ৪৬৭ কোটি টকাৰো অধিক টকাৰ ১,০৪৩ টা উন্নয়নমূলক কামৰ কথা ঘোষণা কৰে । ছত্তীশগড়ৰ ভাৰপ্ৰাপ্ত বিষয়া কুমাৰী চেলজা আৰু ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া দীপক বৈজকে ধৰি বহুমন্ত্ৰী আৰু কংগ্ৰেছ নেতাও এই কাৰ্যসূচীত উপস্থিত থাকে ।

বাঘেলে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেত্ৰী স্মৃতি ইৰাণীকো সমালোচনা কৰে । তেওঁ কয় যে স্মৃতি ইৰাণীৰ ৰাহুল ফোবিয়া আছে । স্মৃতি ইৰাণীৰ স্মৃতি ঠিক নহয় বুলিও তেওঁ অভিযোগ কৰে । স্মৃতি ইৰাণীয়ে ছত্তীশগড় চৰকাৰক আদানিক ভূমি দিয়াৰ অভিযোগ কৰিছিল । যি সময়ত ৰাহুল গান্ধীয়ে আদানিৰ বিৰোধিতা কৰে তেনে সময়তে কংগ্ৰেছে কেনেকৈ আদানিক ভূমি দিব বুলি তেওঁ প্ৰশ্ন কৰে ।

বিজেপিক আক্ৰমণ কৰি বাঘেলে কয় যে ২০১৮ চনৰ পৰা বিজেপিৰ ওপৰত ৰাইজৰ বিশ্বাস নাইকীয়া হৈছে । যোৱা নিৰ্বাচন বোৰত ৰাইজে কেৱল কংগ্ৰেছৰ ওপৰত বিশ্বাস দেখুৱাইছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক :New Criminal Law: নতুন ফৌজদাৰী আইন বিধেয়ক সন্দৰ্ভত গৃহমন্ত্ৰীক সমালোচনা বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.