ETV Bharat / bharat

Assembly elections in Chhattisgarh : ছত্তীশগড়ত মাওবাদীৰ ভাবুকি, ভোটদানৰ বাবে হিংসাক অৱজ্ঞা জনতাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:30 PM IST

মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত ভোটদানৰ হাৰ কম হোৱাত অৰিহণা যোগোৱা এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ভোটগ্ৰহণ কেন্দ্ৰৰ মাজৰ বিশাল দূৰত্ব। বস্তৰৰ বিভিন্ন বিধানসভা সমষ্টিৰ ২৪ গৰাকী নেতাক ‘এক্স’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে চৰকাৰে।

Assembly elections in Chhattisgarh
ছত্তীশগড় মাওবাদীৰ ভাবুকি

নিউজ ডেস্ক, 14 অক্টোবৰ : 7 নৱেম্বৰত অনুষ্ঠিত হ'ব ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ত অন্তৰ্ভূক্ত হোৱা ৰাজ্যখনৰ 20 টা বিধানসভা সমষ্টিৰ ভিতৰত 18 টা মাওবাদী প্ৰভাৱিত অঞ্চলত অৱস্থিত ৷ আকৰ্ষণীয় কথাটো হ'ল যে বিগত তিনিটা নিৰ্বাচনত ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ এই প্ৰৱণতাই ইংগিত দিয়ে যে, হিংসা আৰু ভাবুকি স্বত্বেও ৰাইজে সাহসেৰে উগ্ৰপন্থীৰ ভাবুকিক অস্বীকাৰ কৰিছে আৰু দৃঢ়তাৰে গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস ৰাখিছে ৷

কিছুমান তথ্যই কথা প্ৰমাণ কৰিছে ৷ বছৰ বছৰ ধৰি মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত ভোটদানৰ শতকৰা হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ অংশগ্ৰহণৰ এই উৰ্ধমুখী ধাৰা জনসাধাৰণৰ স্থিতিস্থাপকতাৰ প্ৰমাণ ৷ 2003 চনত ভোটদানৰ হাৰ 66.04 শতাংশ আছিল, যিটো 2008 চনত 67.05 শতাংলৈ লৈ বৃদ্ধি পায় ৷ 2013 চনত এই সংখ্যা আৰু অধিক বৃদ্ধি পাই 76 শতাংশ হয় আৰু 2018 চনত 76.37 হয় ৷ উদাহৰণস্বৰূপে বিজাপুৰত ভোটাৰৰ ভোটদানৰ হাৰ 2008 চনত মাত্ৰ 29.19ৰ পৰা 2018 চনত আশাব্যঞ্জকভৱে 48.18 শতাংশলৈ বৃদ্ধি পায় ৷

প্ৰকৃততে নক্সালবাদে দীৰ্ঘদিন ধৰি অঞ্চলটোক পীড়িত কৰি আহিছে, বিক্ষিপ্ত ঘটনাই এতিয়াও শান্তিক প্ৰত্যাহ্বান জনাই আছে ৷ নিৰ্বাচনৰ পূৰ্বে মাওবাদীসকলে সাধাৰণতে নিৰ্বাচন বৰ্জনৰ আহ্বান জনাই পত্ৰিকা আৰু পোষ্টাৰ প্ৰচাৰ কৰে ৷ ফলত প্ৰায়ে স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয় ৷ অৱশ্যে চৰকাৰ আৰু নিৰ্বাচন আয়োগে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত ভোটাৰৰ হাৰ কম হোৱাত অৰিহণা যোগোৱা এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে ভোটগ্ৰহণ কেন্দ্ৰৰ মাজৰ বিশাল দূৰত্ব ৷ তথাপিও 2023 চনৰ নিৰ্বাচনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নিজ নিজ সমষ্টিত ভোটদান কৰিব পৰা 120 খনতকৈও অধিক গাঁও অন্তৰ্ভুক্ত হোৱাটো এটা উল্লেখযোগ্য পৰিঘটনা ৷

এই অঞ্চলসমূহৰ নিৰাপত্তা পৰিস্থিতি শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় হৈয়ে আছে ৷ বাস্তাৰৰ বিভিন্ন বিধানসভা সমষ্টিৰ 24 গৰাকী নেতাক ‘এক্স’ শ্ৰেণীৰ নিৰাপত্তা দিছে চৰকাৰে ৷ এই নেতাসকলৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুজন সশস্ত্ৰ প্ৰহৰী লগত থাকিব ৷ বৰ্তমান মাওবাদীসকলৰ প্ৰধান লক্ষ্য হৈছে স্থানীয় নেতৃত্বক নিৰ্মূল কৰা, কিয়নো তেওঁলোকে স্বীকাৰ কৰে যে নেতৃত্ব বৃদ্ধিৰ লগে লগে অঞ্চলটোৰ ওপৰত আকৰ্ষণ হ্ৰাস পায় ৷ দুখৰ বিষয় যে তেওঁলোকে নিজৰ উদ্দেশ্য সাধন কৰিবলৈ হিংসাৰ আশ্ৰয় ল’বলৈয়ো কুণ্ঠাবোধ নকৰে ৷

বাস্তাৰ অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক মনীষ গুপ্তাই কয়, ‘মাওবাদী প্ৰভাৱিত অঞ্চলত শান্তিপূৰ্ণ ভোটদানৰ সুবিধাৰ বাবে অলপ বেছি নিৰাপত্তাৰ ব্যৱস্থা থাকিব লাগে ৷ চৰকাৰেও এই অঞ্চলসমূহত উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰিছে, কিন্তু উন্নয়নৰ গতি ত্বৰান্বিত কৰা উচিত আৰু ইয়াৰ দ্বাৰা এই অঞ্চলসমূহৰ পৰা নক্সালবাদক আঁতৰাই পেলাব পৰা যাব ৷”

এগৰাকী মাওবাদী বিশেষজ্ঞ বৰ্ণিকা শৰ্মাই কয়, ‘যদিও মাওবাদী প্ৰভাৱিত জিলা আৰু চহৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে উন্নয়নে প্ৰতিশ্ৰুতি দেখুৱাইছে, কিন্তু এতিয়াও আকাংক্ষিত স্তৰত উপনীত হোৱা নাই ৷ তথাপিও এই অঞ্চলসমূহত ভোটাৰৰ ভোটদানৰ হাৰ বৃদ্ধি পোৱাটো সাধাৰণ জনতাৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সজাগতাৰ প্ৰমাণ ৷”

মাওবাদীৰ দ্বাৰা সৃষ্টি হোৱা হিংসাত্মক ঘটনাই ছত্তিশগড়ৰ ইতিহাস বিনষ্ট কৰিছে ৷ নিৰ্বাচনত ইয়াৰ প্ৰভাৱৰ এক উদাহৰণ 2013 চনত ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে ঘটিছিল ৷ বাস্তাৰ জিলাৰ ঝীৰাম উপত্যকাত ‘পৰিৱৰ্তন যাত্ৰা’ৰ সময়ত মাওবাদীয়ে কংগ্ৰেছ নেতাৰ কনভয়ক লক্ষ্য কৰি লৈছিল ৷ এই নৃশংস আক্ৰমণৰ ফলত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নন্দ কুমাৰ পেটেল, বিৰোধী দলৰ প্ৰাক্তন নেতা মহেন্দ্ৰ কৰ্ম, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিদ্যা চৰণ শুক্লাকে ধৰি 29 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় ৷

যোৱা কিছু বছৰতো মাওবাদীয়ে ৰাজনৈতিক ব্যক্তিক লক্ষ্য কৰি লোৱাৰ পৰা আঁতৰি থকা নাই ৷ 2019 চনত লোকসভা নিৰ্বাচনৰ সময়ত দন্তেৱাড়াৰ বিজেপি বিধায়ক ভীমা মাণ্ডৱীক হত্যা কৰিছিল ৷ এই ঘটনা সংঘটিত হৈছিল 2019 চনৰ 9 এপ্ৰিলত ৷ মাওবাদীয়ে নকুলনাৰৰ শ্যামগিৰি গাঁৱৰ সমীপত এটা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) স্থাপন কৰিছিল, যাৰ ফলত ভীম মাণ্ডৱী আৰু আন তিনিজন লোকৰ মৃত্যু হৈছিল ৷

2023 চনত মাওবাদীয়ে তেওঁলোকৰ দলৰ চাৰিজন নেতাক হত্যা কৰিছে বুলি বিজেপিয়ে দাবী কৰাৰ লগে লগে এই ভয়ংকৰ সংখ্যা অব্যাহত আছে ৷ এই চাৰিজন ব্যক্তি হ’ল নাৰায়ণপুৰ জিলাৰ সাগৰ সাহু, বাস্তাৰৰ বুধৰাম কৰতাম আৰু বিজাপুৰ জিলাৰ নীলকণ্ঠ কাক্কেম আৰু ৰামধন আলমী ৷

এই হতাশাজনক কাণ্ডৰ মাজতো কেন্দ্ৰীয় গৃহ বিভাগে দৃঢ়তাৰে কয় যে মাওবাদীৰ হিংসা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৷ তেওঁলোকে 2010 চনৰ তুলনাত 2022 চনত মাওবাদী হিংসা 77 শতাংশ হ্ৰাস পোৱা আৰু মাওবাদী হিংসাৰ বাবে নিৰাপত্তাৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যু 90 হ্ৰাস পোৱা বুলি জনাইছে ৷

লগতে পঢ়ক : Sharjeel Imam Case : শ্বাৰ্জিল ইমামৰ উচটনিমূলক ভাষণ; ২ নৱেম্বৰলৈকে স্থগিত জামিন আবেদনৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.