ETV Bharat / bharat

Himanta Biswa Sarma at Chhattisgarh: ছোনিয়া গান্ধী-ৰাহুল গান্ধী ৰামলাল্লালৈ গ’লে, আমি তেওঁলোকক হিন্দু বুলি মানি লম

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে ছত্তীশগড়ত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰে ৷ পৰিৱৰ্তন যাত্ৰাত কংগ্ৰেছক আক্ৰমণ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰামলাল্লাৰ দৰ্শনৰ দাবীত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক পোনপটীয়াকৈ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 12:35 AM IST

Himanta Biswa Sarma at Chhattisgarh
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ: ধৰ্মীয় বিষয়বোৰ এতিয়া যেন প্ৰৱেশ কৰিছে সমাগত ছত্তীশগড় বিধানসভা নিৰ্বাচনত । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে ছত্তীশগড়ৰ বেমেতাৰা জিলাত বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ এখন সভাত ভাষণ দিয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সভাত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷

হিন্দুত্ববাদী মন্তব্যৰে কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেমেতাৰাৰ পৰিৱৰ্তন যাত্ৰাত হিন্দুত্ববাদী মন্তব্যৰে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয়, "যদি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ৰামলাল্লা দৰ্শন কৰিবলৈ অযোধ্যালৈ যায়, তেন্তে আমি মানি লম যে তেওঁলোক হিন্দু । মই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কমল নাথক প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ৰামলাল্লাক দৰ্শন কৰিবলৈ লৈ আনক ।" তেতিয়া আমি মানি লম যে তেওঁলোক হিন্দু ।

"প্ৰধানমন্ত্ৰী মোদীৰ দিনত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল": মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাৰ মঞ্চৰ পৰা দাবী কৰি কয়, "শুনা ৰাহুল গান্ধী । নিৰ্বাচন আহিলে ভোট দি কংগ্ৰেছৰ নিষ্পত্তি হ'ব । ভূপেশ বাঘেলে কয় যে মইও হিন্দু ।" যদি আপুনি হিন্দু, তেতিয়া ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক লৈ ৰামলাল্লাৰ মন্দিৰলৈ যাওক । মোদীজী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছিল । ৰাহুল নিৰ্বাচনৰ সময়ত মন্দিৰে মন্দিৰে যাব, কিন্তু ৰামলাল্লাৰ মন্দিৰলৈ নাযায় ৰাহুল গান্ধী ।"

তেওঁ লগতে ৰাহুল গান্ধীক কটাক্ষ কৰি কয়, আমি হিন্দু, আপুনিও হিন্দু হওক । নিৰ্বাচনৰ সময়তহে আপুনি মহাকাল মন্দিৰলৈ যায় । হিন্দু দেৱ-দেৱীৰ কথা মনলৈ আহে । নিৰ্বাচন শেষ হ'লে হিন্দুক ডেংগু, মেলেৰিয়া আৰু এইডছ বুলি কয় ।"

মহিলা সংৰক্ষণ বিধেয়কৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সংৰক্ষণ বিধেয়কৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে । তেওঁ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই কয় যে মোদীজীয়ে আমাৰ ভগ্নী আৰু মাতৃক ৩৩ শতাংশ সংৰক্ষণ দি ঐতিহাসিক কাম কৰি আছে । এতিয়া ছত্তীশগড়বাসীৰ সন্মুখত প্ৰত্যাহ্বান হৈছে নতুন চৰকাৰ গঠন কৰা । বিজেপি চৰকাৰ গঠন কৰিব লাগিব । ছত্তীশগড়ৰ গৌৰৱৰ কাহিনী আমি বহু দূৰলৈ লৈ যাব লাগিব ।"

কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতি দিছিল বুলিও তেওঁ কয় । ছত্তীশগড়ত এটাও কাম কৰা নহ’ল । য'তেই নিৰ্বাচন হয় ভূপেশ বাঘেল তালৈ যায় । অসমৰ নিৰ্বাচন অনুষ্ঠিত হ’ল, ভূপেশ বাঘেল এমাহ অসমত থাকিল ।

লগতে পঢ়ক: Himanta Biswa Sarma: ৰাহুল গান্ধী এতিয়াও সৰু হৈ আছে, তেওঁক বেছি গুৰুত্ব সহকাৰে নল’ব; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.