ETV Bharat / bharat

Gau sevak Marjeena Bano : গো সেৱা কৰি মুছলমান সমাজৰ ৰোষত মাৰ্জিনা

author img

By

Published : Jan 10, 2023, 6:37 PM IST

গো সেৱা কৰাই কাল হৈছে মধ্য প্ৰদেশৰ মাৰ্জিনাৰ বাবে (Gau sevak Marjeena Bano)৷ কিয়নো সমাজৰ বিপৰীতে এতিয়া থিয় দিছে মাৰ্জিনাই ৷ মুছলমান সমাজৰ বাবে গো সেৱা অনিয়ম যদিও ধৰ্মীয় গোৰামী বা অন্ধবিশ্বাস ত্যাগ কৰি সেই সম্প্ৰদায়ৰ হৈ মাৰ্জিনাই বিগত 4 বছৰ ধৰি গো পালন কৰি আহিছে ৷

Gau sevak Marjeena Bano
গো সেৱা কৰাই কাল হৈছে মাৰ্জিনাৰ

গো সেৱা কৰাই কাল হৈছে মাৰ্জিনাৰ

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : গো-সেৱা, সমাজৰ বাবে এক উত্তম সেৱা হিচাবে বিবেচিত হৈ আহিছে ৷ গো-সেৱা কৰিলে নেদেখাজনৰ আশীস লাভ কৰিব পাৰি বুলি জনবিশ্বাস আছে ৷ সেই উদ্দেশ্যে বহু দিনৰ পৰাই মধ্য প্ৰদেশৰ এগৰাকী মহিলাই কৰি আহিছে গো-পালন ৷ অৱশ্যে গো-পালন কৰা এই মহিলাগৰাকী হিন্দু ধৰ্মাৱলম্বীৰ নহয় ৷ তেওঁ এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলা (Gau sevak Marjeena Bano) ৷ নাম মাৰ্জিনা বানো ৷

মুছলমান সম্প্ৰদায়ৰ হৈয়ো মাৰ্জিনা বানোৱে দীৰ্ঘ দিন ধৰি গো-সেৱা কৰি অহাৰ বাবে এতিয়া ৰাইজৰ ৰোষত পৰিব লগা হৈছে ৷ আনকি মুছলমান সমাজৰ পৰা এঘৰীয়া পৰ্যন্ত কৰিছে মাৰ্জিনাৰ লগতে তেওঁৰ পৰিয়ালক (Muslim society boycott Marjeena Bano) ৷ বৰ্তমান তেওঁৰ পৰিয়ালটো মুছলমান সম্প্ৰদায়ৰ সমাজে সমাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাটো বন্ধ কৰি দিয়ে ৷ কিয়নো মুছলমান সম্প্ৰদায়ৰ বাবে গো-সেৱা কৰাটো অনিয়মৰ কথা ৷

মাৰ্জিনাৰ বাবে গো-সেৱা এক আবেগ :

মাৰ্জিনা বানোৱে ‘‘নন্দী গ্ৰাম’’ নামৰ এটা গো আশ্ৰয় শিবিৰ পৰিচালনা কৰে ৷ য’ত প্ৰায় 18 টা গোৰ বংশ আছে । গাই গৰুৰ পৰা আদি কৰি পোৱালিলৈকে এই শিবিৰটোত বহু গো-ধন আছে ৷ আনকি এই শিবিৰটোত ম’হো আছে ৷ গৰুৰ বাবে প্ৰয়োজনীয় খাদ্যৰ পৰা আৰম্ভ কৰি গো-ধনক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ গোহালিত জুইৰ ব্যৱস্থাও কৰা হৈছে ।

বৰ্তমান সময়ত একাংশ লোকৰ আৰ্থিক সাহায্যৰ লগতে মাৰ্জিনাই ব্যক্তিগত প্ৰচেষ্টাত এই গো-শালাটো চলাই আছে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মাৰ্জিনা বানোৱে কয়, ‘‘4 বছৰ পূৰ্বে আমাৰ ঘৰলৈ এজনী গাই গৰু আহিছিল ৷ সেই গাই গৰুজনীক খুৱাই-বোৱাই পোহপাল কৰিছিলো ৷ সেয়াই আৰম্ভনি ৷

তেতিয়াৰ পৰাই গো পালন কৰিবলৈ আৰম্ভ কৰিছো ৷ প্ৰথম লকডাউনৰ সময়ত অঘৰী বা পদপথৰ গৰুবোৰক সেৱা আগবঢ়াইছিলো (Marjina Bano Served Cows)৷ এতিয়া ই মোৰ দৈনন্দিন কামৰ এটা অংশ হৈ পৰিছে । এইক্ষেত্ৰত মোৰ কন্যা জৈনাম খানেও মোক সহায় কৰে । এয়াই মোৰ কাম’’ ৷

সমাজ পৰা বৰ্জিত মাৰ্জিনাৰ পৰিয়াল :

মাৰ্জিনাৰ পৰিয়ালত আছে দুগৰাকী কন্যা আৰু এজন ল’ৰা ৷ মাৰ্জিনাৰ স্বামী এজন চিকিৎসক । মাৰ্জিনাই কয়, ‘‘মোৰ পৰিয়ালৰ সকলো মানুহে মোক কেৱল গো-সেৱাৰ বাবে সহযোগ কৰাই নহয়, তেওঁলোকে মোৰ মনোবলো বৃদ্ধি কৰে । মোৰ ডাঙৰ ছোৱালী জৈনাম খানে মোক সদায় গো-সেৱা কৰাত সহায় কৰে ।

যদিও আমাৰ সমাজখনে গৰুৰ গোবৰ স্পৰ্শ কৰা বা গৰুক পোহপাল কৰাটো অনিয়মৰ কথা বুলি বিবেচিত কৰে ৷ তথাপিও মই এই কামৰ সৈতে জড়িত হৈ আছো ৷ এই কাৰণেই এতিয়া আমাৰ নিজৰ সমাজৰ মানুহে আমাক কাফেৰ বুলি ক’বলৈ আৰম্ভ কৰিছে’’ ।

লগতে পঢ়ক : Anjali hit and run case : হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰাৰ দাবীত থানাৰ বাহিৰত পৰিয়ালৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.