ETV Bharat / bharat

Cheetah Oban free roaming : আৱাসিক এলেকাত মুক্ত বিচৰণ কুনোৰ চিতাৰ; বন বিভাগে কৰিব নোৱাৰে উদ্ধাৰ

author img

By

Published : Apr 17, 2023, 1:40 PM IST

কুনো ৰাষ্ট্ৰীয় উদ্যানৰ ওলাই অহা চিতাই সমীপৰ গাঁওবোৰত মুক্ত বিচৰণ কৰা দেখা গৈছে (Free roaming of Cheetah in Shivpuri)। কিছুদিন পূৰ্বে উদ্যানৰ বাহিৰৰ পৰা নামিবিয়াৰ চিতাটোক উদ্ধাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল । কিন্তু পুনৰ চিতাটো উদ্যানৰ পৰা ওলাই অহাত চিন্তিত বন বিভাগ ।

Cheetah Oban free roaming
আৱাসিক এলেকাত মুক্ত বিচৰণ কুনোৰ চিতাৰ

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল : নামিবিয়াৰ পৰা ভাৰতলৈ অনা চিতাই এতিয়াই বন বিভাগক সৰিয়হৰ ফুল দেখুৱাইছে । কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া এটা চিতাই শেহতীয়াকৈ উদ্যানৰ পৰা ওলাই গৈ গ্ৰামাঞ্চলত প্ৰৱেশ কৰিছে । যাক লৈ আতংকিত হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাইজ । দেওবাৰে চিতাটোক গোটেই দিনটো শিৱপুৰী জিলাৰ বাইৰাদ তহচিলৰ এটা আৱাসিক এলেকাৰ ওচৰত পথাৰত মুক্ত বিচৰণ কৰা দেখা গৈছে (Cheetah Oban roaming towards Bairad town)।

প্ৰথমে চিতাটোক বাইৰাদ তহচিল অঞ্চলৰ জাউৰাই গাঁৱত দেখা গৈছিল । তাৰ পাচত কাইমাই ৰায়ন আৰু দেৱপুৰা গাঁৱৰ পথাৰত বিচৰণ কৰা দেখা গৈছে । ইফালে চিতাটোৰ মুক্ত বিচৰণক লৈ ওচৰৰ গাঁওবাসীৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে যদিও শ শ লোকে ওলাই আহি ম’বাইলৰ কেমেৰাত চিতাৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী কৰাৰ চেষ্টা কৰিছে (Free roaming of Cheetah of Kuno National Park)।

চিতাটো এতিয়াও আৱাসিক এলেকাৰ আশা-পাশে বিচৰণ কৰি আছে । ইফালে বন বিভাগৰ দলে চিতাটোৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰতিটো সময়তে চিতাটোৰ নজৰ ৰাখিছে বন বিভাগৰ এটা দলে ।

আচলতে, শিৱপুৰী জিলাৰ বাইৰাদ তহচিল অঞ্চল কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত অৱস্থিত । যাৰ বাবে চিতাই ৰাষ্ট্ৰীয় উদ্যানৰ সীমা অতিক্ৰম কৰি শিৱপুৰী জিলাৰ অৰণ্যত বাৰে বাৰে প্ৰৱেশ কৰিছে । প্ৰায় ১০ দিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাটোক ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এখন গাঁৱত ট্ৰেংকুলাইজড কৰি উদ্ধাৰ কৰা হৈছিল । তাৰ পাচত পুনৰ চিতাটোক কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল ।

কিন্তু পুনৰ চিতাটো উদ্যানৰ বাহিৰলৈ ওলাই অহাত চিন্তাত পৰিছে বন বিভাগ । ইফালে বন বিষয়া আৰু পশু চিকিৎসা বিশেষজ্ঞসকলে জনোৱা মতে ইমান কম সময়ৰ ভিতৰত পুনৰ চিতাটোক ট্ৰেংকুলাইজড কৰিব নোৱাৰি । যাৰ বাবে শেহতীয়াকৈ বন বিভাগে চিতাটোৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । স্থানীয় প্ৰশাসনৰো সহায় লৈছে বন বিভাগে ।

লগতে পঢ়ক :Agnipath Scheme: আজিৰে পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব অগ্নিবীৰ নিযুক্তিৰ অনলাইন প্ৰৱেশ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.