নিউজ ডেস্ক, 1 জানুৱাৰী: চুৰাটৰ এগৰাকী মহিলাক ব্যৱসায়ী মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানীৰ ভুৱা পৰিচয় পত্ৰৰ জৰিয়তে প্ৰায় ২৫ লাখ টকাৰ প্ৰতাৰণাৰ অভিযোগ উত্থপিত হৈছে । প্ৰৱঞ্চকে টুইটাৰত এখন প্ৰাকবিদ্যালয়ৰ এগৰাকী সঞ্চালিকাক অনুসৰণ কৰিবলৈ অনুৰোধ প্ৰেৰণ কৰিছিল ৷ যাৰ পিছত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হৈছিল ৷
মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক প্ৰতাৰণা কৰা হৈছে । ভুক্তভোগী মহিলাগৰাকী চুৰাটৰ ভেচু অঞ্চলৰ এখন প্ৰাকবিদ্যালয়ৰ সঞ্চালিকা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৪২০ ধাৰাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ।
মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে তেওঁ আকাশ আম্বানীৰ টুইটাৰ আইডিৰ(Akash Ambani Twitter page) পৰা এটা বাৰ্তা পাইছিল আৰু তাৰ পাছতে দুয়োৰে মাজত কথোপকথন আৰম্ভ হৈছিল । শচীন সুশীল হালৱাই আৰু দেৱশীষ মোহান্তি নামৰ আন দুজন লোকে সামাজিক মাধ্যমৰ বন্ধু বুলি উল্লেখ কৰিছিল আকাশ আম্বানী নামৰ একাউণ্টটোৰ পৰা ৷ লগতে মহিলাগৰাকীক আকাশে কয় যে, তেওৰ বন্ধু শচীন সুশীল হালৱাই আৰু দেৱশীষ মোহান্তিয়ে যি কয়, সেই মতেই মহিলাগৰাকীয়ে কৰি যাব লাগে ।
ইয়াৰ পাছত এদিন শচীনে মহিলাগৰাকীলৈ ফোন কৰি কয় যে, আকাশ আম্বানী আই পি এল মেচত পৰাজিত হোৱাৰ পাছত আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে । এই কথা শুনাৰ পাছত মহিলাগৰাকীও সাজু হ'ল আৰ্থিকভাৱে সহায় কৰিবলৈ ।
ইফালে ইতিমধ্যে আকাশ আম্বানীৰ নামত থকা টুইটাৰ একাউণ্টটো টুইটাৰ কৰ্তৃপক্ষই স্থগিত ৰখা বুলি মহিলাগৰাকীক জানিবলৈ দিয়ে । গতিকে আকাশ আম্বানীয়ে মহিলাগৰাকীৰ লগত যোগাযোগ অব্যাহত ৰাখিবলৈ মেইলযোগে দুটা মোবাইল নম্বৰ দিয়ে । ইয়াৰে এটা ভাৰতত থাকোতে ব্যৱহাৰ কৰা আৰু আনটো বিদেশত থাকোতে ব্যৱহাৰ কৰা নম্বৰ বুলি মহিলাগৰাকীক জানিবলৈ দিয়ে ৷
ইয়াৰ পাছতো দুয়োৰে মাজত অব্যাহত থাকে কথোপকথন ৷ দুবছৰ পাছত শচীন হালৱাইএ ফোন কৰি মহিলাগৰাকীক কয় যে, তেওঁ আকাশ আম্বানীৰ বন্ধু । চুৰাটত এটা ব্যৱসায় আৰম্ভ কৰাৰ লগতে এটা কাৰখানা আৰম্ভ কৰিবলৈ 50 লাখ টকাৰ প্ৰয়োজন হৈছে আকাশক ৷ এই কথা শুনাৰ পাছতে মহিলাগৰাকীক সন্দেহ হৈ শচীনৰ সৈতে কথা পতা বন্ধ কৰিছিল ।
ইয়াৰ পাছতে শচীনে মেইলযোগে মহিলাগৰাকীক ভাবুকি দিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ অতিষ্ঠ হৈ মহিলাগৰাকী উকীলৰ কাষ চাপে ৷ ইয়াৰ পাছতো প্ৰৱঞ্চকে পিছ নেৰিলে মহিলাগৰাকীৰ ৷ মহিলাগৰাকীৰ টুইটাৰ আইডিলৈ বাৰ্তা প্ৰেৰণ কৰে শচীন নামৰ প্ৰৱঞ্চকটোৱে ৷ বাৰ্তাত আকাশ আম্বানীৰ নামত এটা ভুৱা আইডি খোলা শচীন সুশীল হালৱাইএ আকাশ আম্বানীৰ এখন ফটো প্ৰেৰণ কৰে মহিলাগৰাকীলৈ । আকাশ আম্বানীৰ সৈতে ঘনিষ্ঠভাৱে থকাৰ দৰে ফটো প্ৰেৰণ কৰি মহিলাগৰাকীক বিশ্বাস জন্মাবলৈ চেষ্টা কৰে যে তেওঁ আকাশ আম্বানীৰ ভাল বন্ধু ৷
ইয়াৰ পাছতো মহিলাগৰাকীৰ সঁহাৰি নাপাই শচীন হালৱাই নামৰ প্ৰৱঞ্চকটোৱে মহিলাগৰাকীলৈ এখন নগ্ন ফটো প্ৰেৰণ কৰে আৰু তেওঁৰ পৰাও এখন ফটো দাবী কৰে । ইয়াৰ পাছতে টুইটাৰযোগেও শচীনৰ লগতে কথা-বতৰা বন্ধ কৰে মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁক ব্লেকমেইল কৰা হৈছে । এই সন্দৰ্ভত চুৰাটৰ ভেচু আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে (Cheating case in Name of Akash Ambani)।
লগতে পঢ়ক: Corruption of Former Maldivian President: মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ১১ বছৰৰ কাৰাদণ্ড