ETV Bharat / bharat

Chandrayaan 3 Mission update : মহাকাশত কি পৰ্যায়ত আছে চন্দ্ৰযান-৩ ?

author img

By

Published : Jul 16, 2023, 11:15 AM IST

যোৱা ১৪ জুলাইত সফলতাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল । বৰ্তমান কি পৰ্যায়ত আছে চন্দ্ৰযান-৩ ? কিমান দূৰ অতিক্ৰম কৰিলে যানখনে ? সেই কথা জানিবলৈ মানুহৰ মনত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । অৱশ্যে ইছৰোৱে শেহতীয়া আপডেট দিছে ।

Chandrayaan 3 Mission update
মহাকাশত কি পৰ্যায়ত আছে চন্দ্ৰযান-৩

নেশ্যনেল ডেস্ক,১৬ জুলাই : মহাকাশত তিনিদিন পাৰ কৰিলে চন্দ্ৰযান-৩য়ে । আপোনাৰো জানিবলৈ মন গৈছে নে কি অৱস্থাত আছে চন্দ্ৰযান-৩ । ইছৰোৰ মতে মহাকাশযানখনৰ অৱস্থাত বৰ্তমান স্বাভাৱিক হৈ আছে । কোনো অসুবিধা অবিহনে চন্দ্ৰযান-৩ৰ গতিবিধি বেংগালুৰুত থকা ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইএছটিআৰএচি)ত লক্ষ্য কৰা হৈছে । আনহাতে চন্দ্ৰযানখনে সফলতাৰে প্ৰথমকক্ষপথ উত্থান কৌশল সম্পাদন কৰিছে ।

ইছৰোৱে টুইটযোগে এই কথা জনাইছে । টুইটত ইছৰোৱে লিখিছে, "চন্দ্ৰযান-৩ অভিযান আপডেট । মহাকাশযানখনৰ অৱস্থা স্বাভাৱিক । প্ৰথম কক্ষপথ বৃদ্ধিৰ কৌশল (পৃথিৱীমুখী ফায়াৰিং-১) আইএছটিআৰএচি/ইছৰো বেংগালুৰুত সফলতাৰে সম্পাদন কৰা হৈছে । মহাকাশযান এতিয়া ৪১,৭৬২ কিলোমিটাৰ x ১৭৩ কিলোমিটাৰ কক্ষপথত আছে ।"

শনিবাৰে বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক এছ উন্নিকৃষ্ণন নায়াৰে কৈছিল যে ইছৰোৰ বিজ্ঞানীসকলে শনিবাৰৰ পৰা চন্দ্ৰযান-৩ৰ সৈতে সংলগ্ন থ্ৰাষ্টাৰবোৰ ধ্বংস কৰিব, যাৰ ফলত মহাকাশযানখনে ৪১ দিনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত পৃথিৱীৰ পৰা আৰু আঁতৰি যাব আৰু ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰিব ।

শনিবাৰে তিৰুৱন্তপুৰমত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি নায়াৰে কয় যে উৎক্ষেপণ বাহনখনে অত্যন্ত ভাল প্ৰদৰ্শন কৰিছে আৰু চন্দ্ৰযান-৩ৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক পৰিস্থিতিসমূহ অতি সঠিকভাৱে প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এলভিএম৩-এম৪ ৰকেটৰ জৰিয়তে চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে । ২.৩৫ বজাত লিফ্ট-অফৰ ১৭ মিনিট পাছত চন্দ্ৰযানে সঠিকভাৱে নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰে ।

ইছৰোৰ এগৰাকী বিষয়াই আশা প্ৰকাশ কৰি কয় যে যিহেতু অভিযানৰ প্ৰথম পৰ্যায়টো ১০০ শতাংশ সফল হৈছে, মহাকাশযানখনো যথেষ্ট ভাল অৱস্থাত আছে আৰু ইয়াৰ প্ৰপালচন আৰু ইয়াৰ সঁজুলি ব্যৱহাৰ কৰি নিজে চন্দ্ৰলৈ যাব পাৰিব । এই পৰ্যায়ত বিজ্ঞানীসকলে কেইবাটাও কক্ষপথৰ উন্নয়নৰ প্ৰক্ৰিয়াত নিয়োজিত থাকিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Chandrayaan 3 : চন্দ্রযান-২ৰ বিফলতাত কান্দিছিল বিজ্ঞানী চয়ন দত্তই; চন্দ্রযান-৩ৰ সফল উৎক্ষেপণত সুঁৱৰিলে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.