ETV Bharat / bharat

Chandrayaan-3: 13 জুলাইত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-3 - ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান

চন্দ্ৰযান-3ৰ উৎক্ষেপণৰ বাবে সম্পূৰ্ণৰূপে সাজু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ৷ মাৰ্ক-3 নামৰ এখন উৎক্ষেপণ বাহনে কঢ়িয়াই নিব চন্দ্ৰযান-3ক ৷

Chandrayaan
Chandrayaan
author img

By

Published : Jun 28, 2023, 8:44 PM IST

নেশ্যনেল ডেস্ক, 28 জুন: যন্ত্ৰযান-3ৰ উৎক্ষেপণৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ৷ 13 জুলাই আবেলি 2.30 মিনিটত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-3 ৷ বুধবাৰে ISROৰ (Indian Space Research Organisation) বিষয়াসকলে সদৰী কৰিছে এই কথা ৷ উল্লেখ্য যে চন্দ্ৰযান 2 ৰ পৰৱৰ্তী অভিযানৰ অংশ হিচাবে প্ৰেৰণ কৰা হ’ব এই চন্দ্ৰযান-3 ৷

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উৎক্ষেপণ বাহন (Launch Vehicle) মাৰ্ক-3 দ্বাৰা চন্দ্ৰযান-3 উৎক্ষেপণ কৰা হ’ব ৷ এই বাহনখনে 100 কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈকে কঢ়িয়াই নিব চন্দ্ৰযান-৩ক ৷

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ (ইছৰো) অধ্যক্ষ এছ সোমনাথে কয় যে যদি পৰীক্ষাসমূহ পৰিকল্পনা অনুসৰি হয় তেন্তে ইছৰোৰ চন্দ্ৰ অভিযানৰ তৃতীয় সংস্কৰণ চন্দ্ৰযান-3ক 12 ৰ পৰা 19 জুলাইৰ ভিতৰত উৎক্ষেপণ কৰা হ'ব ৷ এছ সোমনাথে লগতে কয় যে চন্দ্ৰযান-3 ইতিমধ্যে ইউ আৰ ৰাও (U R Rao Satellite Centre) উপগ্ৰহ কেন্দ্ৰৰ পৰা শ্ৰীহৰিকোটৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডলৈ লৈ যোৱা হৈছে ৷

ISROৰ অধ্যক্ষগৰাকীয়ে কয় যে আগন্তুক উৎক্ষেপণৰ সময়ত যিকোনো সমস্যা পৰিহাৰ কৰাৰ বাবে চন্দ্ৰযান-৩ ত ইয়াৰ হাৰ্ডৱেৰ, গাঁথনি, কম্পিউটাৰ, ছফ্টৱেৰ আৰু চেন্সৰত সংশোধন কৰা হৈছে ৷

তেওঁ আৰু কয়, ‘‘উৎক্ষেপণ যানত অধিক ইন্ধন যোগ কৰা হৈছে ৷ অধিক শক্তি উৎপাদনৰ বাবে বৃহৎ সৌৰ পেনেল স্থাপন কৰা হৈছে আৰু চেন্সৰ সংযোগ কৰা হৈছে ৷ গতিবেগ নিৰীক্ষণৰ বাবেও বিশেষ সঁজুলি স্থাপন কৰা হৈছে ৷ ’’ অৱতৰণৰ সহায় বাবে শক্তিশালী লেণ্ডাৰ স্থাপন কৰা হৈছে বুলিও সদৰী কৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক: Odisha Train Crash: ওড়িশা ট্ৰেজেডী; এতিয়াও চিনাক্ত হোৱা নাই 81 টা মৃতদহেৰ পৰিচয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.