ETV Bharat / bharat

2024 ৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰৰ

author img

By

Published : Jun 18, 2021, 1:05 PM IST

ভাৰতত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰৰ ৷ 2024 ৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ বাবে পদক্ষেপ আৰম্ভ ৷ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰী কৰিছে এই কথা ৷

Centre sets target to reduce 50 pc road accident deaths by 2024

নেশ্যনেল ডেস্ক, 18 জুন: 2024 চনৰ ভিতৰত ভাৰতত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰৰ ৷ বৃহস্পতিবাৰে মন্ত্ৰী নীতিন গাডকাৰীয়ে কেন্দ্ৰৰ এই লক্ষ্যৰ বিষয়ে সদৰী কৰে ৷ গাডকাৰীয়ে কয় যে, 2024 চনৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰই লক্ষ্য বান্ধি লৈছে ৷ ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (Federation of Indian Chambers of Commerce and Industry)ৰ দ্বাৰা আয়োজিত 'Role of Corporates in Arresting Road Fatalities' অংশ লৈ গাডকাৰীয়ে কৰ্প'ৰেট সংস্থাটোক পথ সুৰক্ষা কনচৰ্টিয়াম 'চফৰ'ৰ ঘোষণাৰ বাবে অভিনন্দন জনায় ৷

প্ৰতিখন ৰাজ্য, জিলা আৰু চহৰত 'black spot' চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিশ্ব বেংক আৰু এডিবি এ ইতিমধ্যে এক আঁচনি মঞ্জুৰ কৰিছে ৷ যাৰ জৰিয়তে কেন্দ্ৰই ৰাজ্যসমূহৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু অন্যান্য অংশীদাৰসকলক 'black spot' আঁতৰোৱাৰ বাবে 14,000 কোটি টকা আৱন্টন দিছে ৷

গাডকাৰীয়ে কয় যে, গাডকাৰীয়ে কয় যে, পথ সুৰক্ষাৰ চাৰিটা 'E'ৰ পুনৰ্গঠন আৰু শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁৰ মন্ত্ৰালয়ে পথ দুৰ্ঘটনাৰ হাৰ কম কৰাৰ বাবে কঠোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ লগতে এইবুলিও কয় যে, দুৰ্ঘটনাৰ আঁৰৰ কাৰণসমূহ চিনাক্ত কৰাৰ বাবে কৰ্প'ৰেট বিশ্বই স্বতন্ত্ৰভাৱে জৰীপ কৰি NHAI ক উক্ত প্ৰতিবেদন দাখিল কৰিব পাৰে ৷

50 শতাংশ দুৰ্ঘটনা আভিযান্ত্ৰিক সমস্যাৰ বাবে সংঘটিত হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি চৰকাৰে 'black spot' ৰ উন্নতিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই পদক্ষেপে ভাৰতত পথ দুৰ্ঘটনাৰ হাৰ শূণ্য কৰাৰ বাবে লোৱা লক্ষ্যত উপনীত হোৱা যথেষ্ট অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: RedFoxtrotৰ চাইবাৰ অনুপ্ৰৱেশৰ জৰিয়তে চীনা সেনাৰ টাৰ্গেটত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.