নিউজ ডেস্ক , ২৮ জানুৱাৰী : বিগত প্ৰায় ৬০ দিন ধৰি সিন্ধু সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে ২৬ জানুৱাৰীত শান্তিপূৰ্ণ ট্ৰেক্টৰ ৰেলী আয়োজনৰ ঘোষণা কৰিছিল কিন্তু আৰক্ষীয়ে বাধা দিয়াৰ পিছত কৃষকসকলে বেৰীকেড ভাঙি লালকিল্লাত উপস্থিত হয় । পুৱা ৰাজপথত গণতন্ত্ৰ দিৱসৰ পেৰেড অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ বিয়লি ভাগত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ দ্বাৰা এক প্ৰকাৰ সমগ্ৰ দেশ জোকাৰি গৈছিল । দিল্লীত হঠাৎ যেন আতংকিত হৈছিল সকলো । আইন-শৃংখলা সম্পূৰ্ণৰূপে বিঘ্নিত হৈছিল । ট্ৰেক্টৰ ৰেলীৰ সময়ত দিল্লীৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনাও সংঘটিত হয় ।
কৃষকৰ এই হিংসাত্মক ঘটনাৰ বাবে বিজেপি চৰকাৰক এইবাৰ আক্ৰমণ শিৱসেনাৰ । শিৱসেনাৰ অভিযোগ কৃষকৰ আন্দোলন প্ৰতিহত কৰিবলৈ বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ উৎসাহিত কৰিছে । শিৱসেনাৰ মুখপাত্ৰ সমান্নাই কয় যে গণতন্ত্ৰ দিৱসৰ দিনটোত ৰাজধানী চহৰত যি ঘটনা সংঘটিত হৈছিল সেয়া কোনেও সমৰ্থন নকৰে ।
গণতন্ত্ৰ দিৱসত এই ঘটনাই সকলোকে মনত আঘাত দিয়ে বুলি মন্তব্য় কৰে শিৱসেনাই লগতে শিৱসেনাৰ হৈ মুখপাত্ৰ গৰাকীয়ে কয় যে দিল্লীত প্ৰৱেশ কৰাৰ কাৰ্যসূচীটো এটা পূৰ্বপৰিকল্পিত কাৰ্যসূচী আছিল আৰু বিজেপিৰ বুদ্ধিমত্তা প্ৰণালী অনুসৰি কৃষক আন্দোলন সন্ত্ৰাসবাদৰ ৰূপ লৈছে । কিয়নো লালকিল্লাত প্ৰৱেশ কৰা কৃষক প্ৰতিবাদকাৰীৰ নেতৃত্বত আছিল দ্বীপ সিদ্ধু নামৰ এজন যুৱকে । যুৱকজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী শিবিৰৰ লগতে বিজেপি সাংসদ চানী দেওলৰো ঘনিষ্ঠ বুলিও অভিযোগ উত্থাপন কৰে শিৱসেনাই । কেৱল এয়াই নহয় কৃষক নেতা ৰাজেশ টীকাইৰ দৰে নেতাও ইতিমধ্য়ে কৈছে যে সিদ্ধুৱে যোৱা দুমাহ ধৰি কৃষকসকলৰ মাজত প্ৰৱেশ কৰি বিদ্ৰোহ আৰু পৃথকতাৰ কথা কৈ কৃষকসকলক প্ৰৰোচিত কৰিছে ।
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত যুৱকৰ মৃত্য়ুৰ বাবে দায়ী কেৱল কৃষকসকলক দিয়া উচিত নহয় বুলিও দাবী কৰে শিৱসেনাই কিয়নো তেওঁলোকৰ মতে চৰকাৰে যি বিছাৰিছিল সেয়াই হৈছে। শিৱসেনাই লগতে কয় যে যদি পঞ্জাৱত পুনৰ অশান্ত পৰিৱেশে বিৰাজ কৰে তেনেহলে সেয়া দেশৰ বাবে উচিত নহ'ব । সমান্তৰালকৈ দেশত কৃষি আইনৰ ভৱিষ্য়ত নাই বুলিও দাবী কৰে শিৱসেনাই ।
লগতে পঢ়ক :কৃষক বিদ্ৰোহঃ ৩৭ গৰাকী কৃষক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ