ETV Bharat / bharat

কেন্দ্ৰই পশ্চিমবংগৰ ন্যায়াধিকাৰত হস্তক্ষেপ কৰিছেঃ মমতা বেনাৰ্জী - বিজেপিয়ে

বিজেপিয়ে পশ্চিমবংগক গুজৰাটৰ দৰে গঢ়ি তুলিব বিচাৰিছে বুলি কৈ আক্ৰমণাত্মক মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । ৰাজ্যখনক ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ নিবলৈ কৈ কেন্দ্ৰক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰই পশ্চিমবংগৰ ন্যায়াধিকাৰত হস্তক্ষেপ কৰিছেঃ মমতা বেনাৰ্জী

author img

By

Published : Dec 15, 2020, 9:16 PM IST

নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মঙলবাৰে অভিযোগ উত্থাপন কৰে যে, কেন্দ্ৰই সৰ্বভাৰতীয় সেৱাৰ বিষয়ালৈ চমন জাৰি কৰি কেন্দ্ৰই ৰাজ্যখনৰ ন্যায়াধিকাৰত হস্তক্ষেপ কৰিছে । তেওঁ ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰচলন কৰি দেখুৱাবলৈও কেন্দ্ৰক প্ৰত্যাহ্বান জনায় । বিজেপিয়ে পশ্চিমবংগক ৰায়ত টৰ্ণ গুজৰাট কৰিব বিচাৰিছে বুলিও তেওঁ গেৰুৱা দলটোক কটাক্ষ কৰে ।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ কনয়ভয় আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, নড্ডাৰ কনভয় আক্ৰমণ কৰা হোৱা নাছিল । লগতে তেওঁৰ সৈতে দোষী সাব্যস্ত হোৱা অপৰাধী কিয় আছিল বুলিও আশ্চৰ্য প্ৰকাশ কৰে ।

মঙলবাৰে ৰাজ্যখনত এক সমদলত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'যদি বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে ভাৱে যে, কেন্দ্ৰীয় সুৰক্ষা বাহিনী মোতায়েন কৰি আৰু ৰাজ্যৰ শীৰ্ষ বিষয়াক স্থানান্তৰ কৰি তেওঁলোকে আমাক শংকিত কৰাত সফল হৈছে, তেন্তে তেওঁলোকৰ ভুল হৈছে । কেন্দ্ৰই আমাৰ উচ্চ পদস্থ বিষয়ালৈ চমন জাৰি কৰিছে । কোনেও নড্ডা আৰু তেওঁৰ কনভয়ক আক্ৰমণ কৰিব বিচৰা নাছিল ।'

লগতে তেওঁ প্ৰশ্ন কৰে যে, কিয় ইমানবোৰ বাহনে তেওঁৰ কনভয়ক সংগ দিছিল? দোষী সাব্যস্ত হোৱা অপৰাধী তেওঁৰ লগত কিয় আছিল? শেহতীয়াকৈ বিজেপি সাংসদ সুভ্ৰমণিয়াম স্বামীয়ে ৰাষ্ট্ৰীয় সংগীত সলনি কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ প্ৰসংগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে কয় যে, এনে কাম কৰাৰ দিশত আগবাঢ়িলে বিজেপিক ৰাজ্যখনৰ লোকে উচিত প্ৰত্যুত্তৰ দিব ।

তেওঁ কয় যে, বিজেপিয়ে আমাৰ দেশৰ ইতিহাস সলনি কৰিব বিচাৰিছে আৰু এতিয়া ৰাষ্ট্ৰীয় সংগীত সলনি কৰাৰ কথা উল্লেখ কৰিছে । বেনাৰ্জীয়ে লগতে কয় যে, বিদেশীৰ কলনী চিনাক্তকৰণ কৰা হৈছে । সেয়ে কোনো নাগৰিকে NRCৰ বাবে ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই । বিজেপিয়ে বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাইছে ।

লগতে পঢ়ক:চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যোৱাৰ পৰামৰ্শ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.