নেশ্যনেল ডেস্ক,২৯ মে': বৰ্তমান দেশৰ কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰই লোৱা সিদ্ধান্ত অনুসৰি, প্ৰতিখন ঘৰুৱা বিমানে এবাৰত ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াই নিব পাৰিব । পূৰ্বে ৮০ শতাংশ যাত্ৰীক যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছিল ।
লগতে বিমানৰ টিকটৰ নুন্যতম মূল্য ১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই নতুন নিৰ্দেশনা ১ জুনৰ পৰা কাৰ্যকৰী হ'ব আৰু ৩১ জুলাইলৈ বাহাল থাকিব । বৰ্তমান ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হৈছে ২,২০০-৭,২০০ টকা আৰু সৰ্বাধিক মূল্য ৭,৮০০-২৪,২০০ টকা ।
কিন্তু ১ জুনৰ পৰা ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হ'ব ২,৬০০-৭,৮০০ টকা আৰু সৰ্বাধিক মূল্য ৮,৭০০-২৪,২০০ টকা । জানিব পৰা মতে, শেহতীয়াকৈ অসামৰিক বিমান পৰিবহণৰ সচিব প্ৰদীপ সিং খাৰ'লাৰ সৈতে এয়াৰলাইনছৰ প্ৰতিনিধিয়ে এখন বৈঠকত মিলিত হৈছিল । বৈঠকত প্ৰতিনিধিসকলে কৰ'ণাৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচাৰিছিল আৰু বিমানযাত্ৰীৰ হাৰ ৬০ শতাংশৰ কম কৰিবলৈ আহ্বান জনাইছিল ।
বিগত বৰ্ষৰ ২৩ মাৰ্চত লক ডাউনৰ বাবে বিমান সেৱা বহু দিন ধৰি বন্ধ হৈ পৰিছিল আৰু ২৫ মে'ৰ পৰা পৰ্যায়ক্ৰমে বিমানসেৱা পুনৰ আৰম্ভ হৈছিল । ইয়াৰ পিছত চৰকাৰে বিমান যাত্ৰীৰ হাৰ ৩৩ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি কৰিছিল ।
লগতে পঢ়ক: পতঞ্জলি ব্ৰেণ্ডৰ নামেৰে তেল পেকিং কৰা কাৰখানা জব্দ: ভেজালীকৰণৰ অভিযোগ