ETV Bharat / bharat

Monkeypox in India : মাঙ্কিপক্স হ'লে 21 দিনৰ আইচ'লেশ্যচন

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো মাঙ্কিপক্সক লৈ আতংকৰ সৃষ্টি হৈছে । ভাৰতত চাৰিগৰাকী লোক মাঙ্কিপক্সত আক্ৰান্ত হৈছে (Monkeypox cases in India)। বৰ্ধিত ঘটনাক লৈ চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে । মাঙ্কিপক্স ৰোগীয়ে কি কি নিৰ্দেশনা মানি চলিব লাগিব ?

Monkeypox in India
মাঙ্কিপক্সক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা
author img

By

Published : Jul 28, 2022, 6:21 PM IST

নেশ্যনেল ডেস্ক,২৮ জুলাই : ক'ভিডৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে মাঙ্কিপক্সক লৈ আতংকৰ সৃষ্টি হৈছে (Panic over Monkeypox)। এতিয়ালৈ বিশ্বৰ ৭০ খনতকৈও অধিক দেশত ১৯,০০০ ৰো অধিক ঘটনা পোহৰলৈ আহিছে । মাঙ্কিপক্সৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাইও মাঙ্কিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে (Monkeypox Global public health emergency) । লগতে বিশ্ববাসীক এই ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিভিন্ন ধৰণৰ আহ্বান জনাইছে ।

বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰততো ধৰা পৰিছে মাঙ্কিপক্সৰ ঘটনা । এতিয়ালৈ ৪ গৰাকী লোক মাঙ্কিপক্সৰ দ্বাৰা আক্ৰান্ত হৈছে । কেৰালাত ৩ গৰাকী আৰু দিল্লীত শেহতীয়াকৈ এগৰাকী লোক মাঙ্কিপক্সৰ চিকাৰ হৈছে । যাৰ বাবে ভাৰত চৰকাৰেও বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে মাঙ্কিপক্স সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰিছে (Central Government Guidelines on Monkeypox)। নিৰ্দেশনা অনুসৰি মাঙ্কিপক্সৰ ৰোগীসকলে ২১ দিনলৈ আইচ'লেশ্যচনত থাকিব লাগিব । আন এক নিৰ্দেশনা অনুসৰি মাঙ্কিপক্সৰ ফলত হোৱা ঘাঁবোৰ ঢাকি ৰাখিব লাগিব । লগতে মাঙ্কিপক্স ৰোগীসকলে মাক্স পৰিধান কৰাটো বাধ্যতামূলক ।

ইয়াৰোপৰি হাত পৰিস্কাৰ কৰি ৰাখিব লাগিব । ঘাঁবোৰ সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈ আন লোকৰ সংস্পৰ্শলৈ নাহিবলৈও কেন্দ্ৰীয় চৰকাৰে ৰোগীসকলক আহ্বান জনাইছে । দিল্লীত ৩৪ বছৰীয়া এগৰাকী ব্যক্তি মাঙ্কিপক্সত আক্ৰান্ত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাই মাঙ্কিপক্স সন্দৰ্ভত কয় যে এই ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমণ হ'ব পাৰে । শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে জোৰ দি কৈছে যে মাঙ্কিপক্সে ৰোগী বা তেওঁলোকৰ দূষিত কাপোৰ বা বিছনা চাদৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত থকা যিকোনো লোকক সংক্ৰমিত কৰিব পাৰে । ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে শিশু বা গৰ্ভৱতী মহিলাৰ দৰে দুৰ্বল লোকৰ ক্ষেত্ৰত এই ৰোগ অধিক গুৰুতৰ হ'ব পাৰে ।

ভাৰতত যদিও মাঙ্কিপক্সৰ অধিক সন্দেহজনক ঘটনা ধৰা পোহৰলৈ আহিছে, বিষয়াসকলে কৈছে যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । মাঙ্কিপক্স ৰোগীৰ সৈতে অন্তিম সংস্পৰ্শলৈ অহা বা তেওঁলোকৰ দূষিত সামগ্ৰীৰ সংস্পৰ্শলৈ অহা সকলে ২১ দিনলৈ আইচ'লেশ্যচনত থকাৰ পৰামৰ্শ দিয়ে স্বাস্থ্য বিভাগৰ বিষয়াসকলে ।

লগতে পঢ়ক :Monkeypox vaccine: অচিৰেই উপলব্ধ হ'ব মাংকিপক্সৰ প্ৰতিষেধক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.