ETV Bharat / bharat

প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা - অৱসৰকালীন ভাট্টা তথা পেন্সন

প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰ সন্দৰ্ভত চিডিএছ জেন. বিপিন ৰাৱাটে জাৰি কৰা নতুন নিৰ্দেশনাত স্থলসেনাৰ কৰ্ণেল বিষয়া আৰু বায়ুসেনা তথা নৌ-সেনাৰ সমপৰ্যায়ৰ বিষয়াৰ চাকৰিৰ উৰ্ধতম সময়সীমা 54 বছৰৰ পৰা 57 বছৰ কৰাৰ লগতে ব্ৰীগেডিয়াৰ আৰু ইয়াৰ সমপৰ্যায়ৰ বায়ু তথা নৌ-সেনা বিষয়াৰ বয়সৰ উৰ্ধতম সীমা 56ৰ পৰা 58 বছৰলৈ ধাৰ্য্য কৰা হৈছে ৷

প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা

author img

By

Published : Nov 5, 2020, 11:53 AM IST

নিউজ ডেস্ক, 5 নৱেম্বৰ : প্ৰতিৰক্ষাখণ্ডত গুৰুত্বপূৰ্ণ সংস্কাৰেৰে মানৱসম্পদৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন সাধণ কৰা হৈছে ৷ চিডিএছ জেন. বিপিন ৰাৱাটে ঘোষণা কৰা এই নিৰ্দেশনাত স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ প্ৰযুক্তিগত বিভাগৰ বিষয়া তথা জোৱানসকলৰ অৱসৰৰ সময়ত কিছু সালসলনি কৰা হৈছে ৷ সেই অনুসৰি, এইসকল বিষয়া তথা জোৱানৰ অৱসৰৰ উৰ্ধতম সময়সীমা বৃদ্ধি কৰা হৈছে ৷

চিডিএছৰ নেতৃত্বত থকা সামৰিক পৰিক্ৰমা বিভাগে অতিকে কৌশলী মানৱসম্পদক অধিক সময় ৰখা আৰু অসময়ত অৱসৰ লোৱা বিষয়াসকলৰ অৱসৰকালীন ভাট্টা তথা পেন্সনৰ ক্ষেত্ৰতো সংস্কাৰ সাধনৰ বাবে নীতি প্ৰস্তুত কৰিছে ৷ সামৰিক বিভাগক সৰ্বাধিক পৰিমানে কাৰ্যক্ষম কৰি তোলাৰ বাবে এইসমূহ সংস্কাৰ হাতত লৈছে বিভাগে ৷

স্থলসেনাৰ কৰ্ণেলৰ লগতে বায়ুসেনা আৰু নৌ-সেনাৰ সমপৰ্যায়ৰ বিষয়াৰ অৱসৰৰ সময় পূৰ্বৰ 54 বছৰৰ পূৰ্বে 57 বছৰলৈ বৃদ্ধি কৰা হৈছে ৷ একেদৰেই ব্ৰীগেডিয়াৰ আৰু সমপৰ্যায়ৰ বিষয়াৰ অৱসৰৰ সময় 56ৰ পৰা 58 বছৰ কৰা হৈছে ৷ মেজৰ জেনেৰেলসকলে পূৰ্বৰ 58 বছৰৰ তুলনাত এতিয়াৰে পৰা 59 বছৰ বয়সত অৱসৰ ল'ব পাৰিব ৷ লেফটেনেন্ট জেনেৰেলসকলৰ বাবে এই সময়সীমা 60 বছৰ ধাৰ্য্য কৰা হৈছে ৷ আনহাতে লজিষ্টিকছ, মেডিকেল আৰু ইএমই, এএছচি আৰু এঅ'চিৰ কনিষ্ঠ আয়োগপ্ৰাপ্ত বিষয়াৰ অৱসৰৰ সময় 57 বছৰ ধাৰ্য্য কৰা হৈছে ৷

আনহাতে আগতীয়াভাৱে অৱসৰ গ্ৰহণ কৰা বিষয়াসকলৰ বাবে পেন্সন নীতিটো কিছু সংশোধন কৰা হৈছে ৷ ইয়াৰ ভিতৰত 20-50 বছৰ সেৱাৰ পিচত অৱসৰ গ্ৰহণ কৰা সৈনিকসকলে দৰমহাৰ 50 শতাংশ অৱসৰৰ পিচত লাভ কৰিব ৷ একেদৰেই 25-30 বছৰ সেৱাৰ পিচত অৱসৰ লোৱা সৈনিকসকলে দৰমহাৰ 60 শতাংশ পেন্সন হিচাপে লাভ কৰিব বুলি প্ৰস্তাৱ দিয়া হৈছে ৷ 35 বছৰ সেৱা প্ৰদানৰ পিচত অৱসৰ লোৱা সৈনিকসকলে সম্পূৰ্ণ পেন্সন লাভ কৰিব ৷ আনহাতে সেৱাত থকা সময়ত যুদ্ধক্ষেত্ৰত আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱা সৈনিকসকলৰ বাবে কোনো সংশোধন কৰা হোৱা নাই ৷

জেন. ৰাৱাটে এই সন্দৰ্ভত অধিক প্ৰস্তাৱ আগবঢ়াব বুলি চৰকাৰী সূত্ৰে গম পোৱা গৈছে ৷ কম সময়তে সেৱানিবৃত হোৱা বিষয়াসকলক ভাৰতীয় সৈন্যবাহিনীৰ বিষয়াৰ অভাৱ পূৰণৰ বাবে এই সিদ্ধান্তৰ ওপৰত অধিক চিন্তা কৰা হ'ব বুলি চিডিএছে প্ৰকাশ কৰে ৷

লগতে পঢ়ক : পিনাকা ক্ষেপণাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.