ETV Bharat / bharat

ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১ - CTET ৱেবছাইটৰ জৰিয়তেহে অনলাইন আবেদন কৰিব লাগিব

চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা অথবা আগন্তুক বৰ্ষৰ ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব ১৫ সংখ্য়ক CTET পৰীক্ষা ৷ ক'ত আৰু কেনেকৈ এই পৰীক্ষাৰ বাবে কৰিব আবেদন ?

ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১
ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১
author img

By

Published : Sep 19, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : ১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (CTET) । এইবাৰ কম্পিউটাৰ মাধ্যমেৰে (Computer Based Test) অনুষ্ঠিত হ'ব এই পৰীক্ষা । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰে মতে, এই পৰীক্ষা প্ৰায় ২০ টা ভাষাত অনুষ্ঠিত কৰা হ'ব ৷

পৰীক্ষাৰ সঠিক তাৰিখ প্ৰাৰ্থীৰ প্ৰৱেশ পত্ৰত উল্লেখ কৰা থাকিব । পৰীক্ষা সম্পৰ্কীয় সকলো তথ্য ২০ ছেপ্টেম্বৰৰ পৰা CTET ৰ অফিচিয়েল ৱেবছাইট https://ctet.nic.in উপলব্ধ হ'ব ।

CBSE য়ে জনোৱা মতে পৰীক্ষাৰ পাঠ্যক্ৰম, ভাষা, যোগ্যতাৰ চৰ্ত, পৰীক্ষা মাচুল, পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰ আৰু গুৰুত্বপূৰ্ণ তথ্যবোৰ ৱেবছাইটত উপলব্ধ হ'ব । প্ৰাৰ্থীসকলে কেৱল CTET ৱেবছাইটৰ জৰিয়তেহে অনলাইন আবেদন কৰিব লাগিব । আবেদন প্ৰক্ৰিয়া ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৷ আবেদন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৯ অক্টোবৰ ।

সাধাৰণ (General) আৰু অ'বিচি (OBC) শ্ৰেণীৰ বাবে আবেদন মাচুল কেৱল প্ৰশ্নকাকত ১ বা ২-ৰ বাবে ১,০০০ টকা আনহাতে দুয়োখন কাকতৰ বাবে ১,২০০ টকা হ'ব । অনুসূচীত জনজাতি বা অনুসূচীত জাতিৰ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ক্ষেত্ৰত দুয়োখন কাকতৰ বাবে মাচুল হ'ব ক্ৰমে ৫০০ টকা আৰু ৬০০ টকা ।

লগতে পঢ়ক: চাৰ ধাম যাত্ৰাৰ বাবে IRCTC ৰ বিশেষ ৰে’ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.