ETV Bharat / bharat

CBI raids Delhi Deputy CM office: দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আকৌ চিবিআইৰ অভিযান

author img

By

Published : Jan 14, 2023, 9:03 PM IST

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ কাৰ্যালয়ত চিবিআইৰ অভিযান ৷ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই টুইট কৰি সদৰী কৰে এই কথা । অৱশ্যে কোনটো গোচৰৰ ভিত্তিত চিবিআইয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত এই অভিযান চলাই, সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই(CBI raids Delhi Deputy CM office) ৷

CBI raids Delhi Deputy CM office
দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আকৌ চিবিআইৰ অভিযান

নিউজ ডেস্ক, 14 জানুৱাৰী: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ কাৰ্যালয়ত শনিবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইয়ে অভিযান চলায়(CBI raided Deputy CM Manish Sisodia office) । উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই নিজেই টুইট কৰি এই তথ্য সদৰী কৰে । অৱশ্যে চিবিআইয়ে কোনটো গোচৰৰ ভিত্তিত উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত এই অভিযান চলাইছিল সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ ইয়াৰ পূৰ্বে 2022 চনৰ আগষ্ট মাহত চিবিআইয়ে দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিত কেলেংকাৰীৰ বিৰুদ্ধে ৰুজু কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত তালাচী চলাইছিল ।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ কাৰ্যালয় সচিবালয়ৰ ষষ্ঠ মহলাত আছে । উপ-মুখ্যমন্ত্ৰীয়ে টুইটত কয়, "আজি আকৌ চিবিআই মোৰ কাৰ্যালয়ত উপস্থিত হৈছে(CBI raided Delhi Deputy CM Manish Sisodia office) । তেওঁলোকক স্বাগতম জনাইছো । তেওঁলোকে মোৰ ঘৰত তালাচী চলাইছিল, কাৰ্যালয়ত তালাচী চলাইছিল, লকাৰত তালাচী চলাইছিল, আনকি মোৰ গাঁৱতো তালাচী চলাইছিল । মোৰ বিৰুদ্ধে একো পোৱা নাই আৰু একো নাপাব, কাৰণ মই একো ভুল কৰা নাই । মই দিল্লীৰ শিশুসকলৰ শিক্ষাৰ বাবে আন্তৰিকতাৰে কাম কৰিছো ।"

  • आज फिर CBI मेरे दफ़्तर पहुँची है. उनका स्वागत है.
    इन्होंने मेरे घर पर रेड कराई, दफ़्तर में छापा मारा, लॉकर तलशे, मेरे गाँव तक में छानबीन करा ली.मेरे ख़िलाफ़ न कुछ मिला हैं न मिलेगा क्योंकि मैंने कुछ ग़लत किया ही नहीं है. ईमानदारी से दिल्ली के बच्चों की शिक्षा के लिए काम किया है.

    — Manish Sisodia (@msisodia) January 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, চিবিআইয়ে দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত 17 আগষ্টত মনীষ চিছোদিয়া আৰু আন 15 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল(Delhi liquor scam case) । এই এজাহাৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ লগতে আবকাৰী আয়ুক্ত আৰ্ভ গোপী কৃষ্ণা, আবকাৰী উপায়ুক্ত আনন্দ তিৱাৰীৰ নামো অন্তৰ্ভুক্ত আছিল । ইয়াৰ দুদিন পিছত, 19 আগষ্টত চিবিআইয়ে অভিযান চলাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছিল ।

চিবিআইয়ে 17 অক্টোবৰত তেওঁক সোধপোছৰ বাবে চিবিআই কাৰ্যালয়লৈ তলব কৰিছিল ৷ গাজিয়াবাদস্থিত তেওঁৰ বেংক একাউণ্টো তদন্ত কৰিছিল চিবিআয়ে । উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে যেতিয়া আবকাৰী বিভাগে সুৰাৰ দোকানৰ বাবে অনুজ্ঞাপত্ৰ জাৰি কৰিছিল, মনীষ চিছোদিয়াই এই সময়ছচোৱাত মুঠ ব্যক্তিগত বিক্ৰেতাসকলক 144.36 কোটি টকাৰ সুবিধা প্ৰদান কৰিছিল । এইটো অভিযোগ কৰা হৈছে যে তেওঁলোকে অনুজ্ঞা পত্ৰৰ মাচুল ৰেহাই দি লাভালাভ দিছিল ।

চিবিআয়ে দিল্লী সুৰা নীতি কেলেংকাৰীত 10,000 পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছে, য'ত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছোদিয়াৰ নাম উল্লেখ কৰা হোৱা নাই । গোচৰটোত অভিযুক্ত হিচাপে সাতজন লোকৰ নাম উল্লেখ কৰা হৈছে । চিবিআইয়ে এই অভিযোগপত্ৰ দিল্লীৰ ৰাউজ এভিনিউ আদালতত দাখিল কৰিছিল ৷ আনহাতে ইডিয়েও এতিয়ালৈকে এই গোচৰটোত দুখন অভিযোগপত্ৰ দাখিল কৰিছে । কিন্তু ইয়াত চিছোদিয়াৰ নাম নাই । ইডিৰ অভিযোগপত্ৰখনত 12 জন লোকৰ নাম আছে ।

লগতে পঢ়ক: Govt employees deprived of salary: ৰাজ্যৰ সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ বাবে কঙালী হ’ল ভোগালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.