ETV Bharat / bharat

Delhi Excise Policy scam case : CBIৰ অভিযোগনামাত মনীষ চিছোদিয়াৰ নাম আছে নে ?

CBIয়ে শুকুৰবাৰে দিল্লী সুৰা কেলেংকাৰী গোচৰৰ প্ৰথমখন অভিযোগনামা দাখিল কৰে (CBI files charge sheet in Delhi Excise Policy scam) । ৭ গৰাকী লোকক অভিযুক্ত কৰা হৈছে । একে সময়তে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগনামা সন্দৰ্ভত টুইট কৰি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পিছে অভিযোগনামাত থকা ৭ গৰাকী ব্যক্তি কোন কোন ?

author img

By

Published : Nov 25, 2022, 5:29 PM IST

Manish Sisodia
CBIৰ অভিযোগনামাত মনীষ চিছোদিয়াৰ নাম আছে নে

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : চিবিআইয়ে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰ সন্দৰ্ভত দুগৰাকী চৰকাৰী কৰ্মচাৰীকে ধৰি ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে চিবিআই আদালতত অভিযোগনামা দাখিল কৰিছে (CBI files charge sheet in Delhi Excise Policy scam case) । এই অভিযোগনামাত বিজয় নায়াৰ, অভিষেক বইনপল্লী, সমীৰ মহেন্দ্ৰু, অৰুণ ৰামচন্দ্ৰ পিল্লাই, মুথু গৌতম, আবকাৰী বিভাগৰ উপায়ুক্ত কুলদীপ সিং আৰু আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত নৰেন্দ্ৰ সিঙৰ নাম অন্তৰ্ভুক্ত আছে । কিন্তু লক্ষণীয়ভাৱে বিতৰ্কত থকা উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ নাম ইয়াত উল্লেখ নাই (Charge sheet in Delhi Excise Policy scam case) ।

  • CBI चार्जशीट में मनीष का नाम नहीं

    पूरा केस फ़र्ज़ी।रेड में कुछ नहीं मिला।800 अफ़सरों को 4 महीने जाँच में कुछ नहीं मिला

    मनीष ने शिक्षा क्रांति से देश के करोड़ों गरीब बच्चों को अच्छे भविष्य की उम्मीद दी।मुझे दुःख है ऐसे शख़्स को झूठे केस में फँसा बदनाम करने की साज़िश रची गयी

    — Arvind Kejriwal (@ArvindKejriwal) November 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

CBIয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭, ৭A আৰু ৮ ৰ অধীনত ১০,০০০ পৃষ্ঠাতকৈও অধিক পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে আৰু লগতে অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি ধাৰাও দাখিল কৰিছে । বিশেষ ন্যায়াধীশ এম কে নাগপালে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আছে । শুকুৰবাৰে দুপৰীয়া ২ বজাত আৰম্ভ হোৱা শুনানিত আদালতে বিষয়টো ৩০ নৱেম্বৰত পুনৰ শুনানিৰ ঘোষণা কৰে । আদালতে উক্ত দিনা অভিযোগনামাখন বিবেচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পাছত, অভিযুক্তৰ বিৰুদ্ধেও অভিযোগ উত্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

CBIয়ে আদালতক কোৱা মতে অৰুণ ৰামচন্দ্ৰ পিল্লাই বিজয় নায়াৰৰ জৰিয়তে অভিযুক্ত কৰ্মচাৰীক দিবলৈ মহেন্দ্ৰুৰ পৰা অযথা অৰ্থনৈতিক সুবিধা সংগ্ৰহ কৰিছিল । অৰ্জুন পাণ্ডেয়ে এবাৰ নায়াৰৰ হৈ মহেন্দ্ৰুৰ পৰা প্ৰায় ২-৪ কোটি টকাৰ বৃহৎ নগদ ধন লৈছিল ।

ইফালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিষয়ত টুইট কৰি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Delhi CM on CBI charge sheet)। তেওঁ কয় যে মনীষৰ নাম চিবিআইৰ অভিযোগনামাত নাই, কিয়নো এই গোটেই গোচৰটো ভুৱা । তদন্তত একো পোৱা নগ'ল ।

৮০০ গৰাকী বিষয়াই ৪ মাহ ধৰি তদন্তত একো বিচাৰি নাপালে । মনীষ চিছোদিয়াই শিক্ষা বিপ্লৱৰ জৰিয়তে দেশৰ কোটি কোটি দৰিদ্ৰ শিশুক এক উন্নত ভৱিষ্যতৰ বাবে আশাৰ পথ দেখুৱাইছে । সেয়ে তেনে এগৰাকী ব্যক্তিক মিছা গোচৰত জড়িত কৰি বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী দুঃখিত বুলি উল্লেখ কৰে ।

আপৰ ৰাজ্যিক আহ্বায়ক তথা মন্ত্ৰী গোপাল ৰায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সুৰা কেলেংকাৰীত চিবিআইয়ে দাখিল কৰা অভিযোগনামাখনে প্ৰমাণ কৰিছে যে উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মনে সজা আছিল । ইয়াৰ কোনো ভিত্তি নাছিল । ৰায়ে লগতে কয় যে চিবিআইয়ে আদালতত দাখিল কৰা অভিযোগনামাত মূল অভিযুক্ত মনীষ চিছোদিয়াৰে নাম নাই । এইটোৱে স্পষ্ট কৰি দিছে যে সুৰা কেলেংকাৰী সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰা হৈছিল, তালাচী চলোৱা হৈছিল সকলোবোৰ বিজেপিৰ নিৰ্দেশত কৰা হৈছিল ।

উল্লেখ্য যে যোৱা ১৭ আগষ্টত, চিবিআইয়ে চিছোদিয়াকে ধৰি ১৫ গৰাকী লোকৰ বিৰুদ্ধে এক এজাহাৰ পঞ্জীয়ন কৰিছিল । চিবিআইয়ে ২৭ ছেপ্টেম্বৰত দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত বিজয় নায়াৰক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল । ইডিয়েও নায়াৰৰ বাসগৃহত অভিযান চলাইছিল ।

১৯ আগষ্টৰ পুৱা চিবিআইয়ে গোৱা, দমন আৰু দিউ, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশকে ধৰি ৭ খন ৰাজ্যৰ আন ২০ টা স্থানত কেইবাজনো আমোলা আৰু ব্যৱসায়ীৰ বিৰুদ্ধে তালাচী চলাইছিল । চিবিআইয়ে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰতো তালাচী চলাইছিল ।

লগতে পঢ়ক :Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.