নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত আটক কৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখক । মুম্বাই চহৰৰ বিভিন্ন বাৰ আৰু ৰেষ্টুৰেণ্টসমূহৰ পৰা অনিল দেশমুখে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূৰ্বে অনিল দেশমুখৰ ডিন্যানেশ্বৰী বাংল' আৰু ৱৰ্লিস্থিত বাসগৃহতো তালাচী চলায় । নাগপুৰত থকা দেশমুখৰ সম্পত্তিতো তালাচী চলোৱা হয় । বৰ্তমান, অনিল দেশমুখ নাগপুৰত আছে । দিল্লীৰ পৰা যোৱা চি বি আইৰ বিষয়াৰ এটা দলে তেওঁক ২৪ ঘণ্টা ধৰি জেৰা চলায় ।
এক সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই গৃহমন্ত্ৰী দিলীপ ৱালছে-পাটিল আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী প্ৰধানৰ সৈতে এক বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে । আনহাতে, গ্ৰামোন্নয়ন মন্ত্ৰী হাছান মুছৰিফে কয় যে, এই ঘটনাৰ জৰিয়তে এন চি পি দলক অপমানিত কৰাৰ প্ৰয়াস কৰা হৈছে । তেওঁ লগতে কয় যে, অনিল দেশমুখ নিৰ্দোষী আৰু তেওঁক শীঘ্ৰেই মুক্তি দিয়া হ'ব ।
এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু চি বি আইক ৰাজনৈতিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ অভিযোগ তোলে । তেওঁকো বিৰুদ্ধেও এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে তদন্ত চলাইছিল তেওঁ মন্তব্য কৰে ।
উল্লেখ্য যে, যোৱা ২৫ মাৰ্চত মুম্বাইৰ তদানীন্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে চি বি আইৰ তদন্ত বিচাৰি উচ্চতম ন্যয়ায়লয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল । এই আবেদনত তেওঁ দাবী কৰিছিল যে, দেশমুখে নিলম্বিত শচীন ৱেজকে ধৰি আৰক্ষী বিষয়াসকলক বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ কৈছিল ।
লগতে পঢ়ক:অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাই আৰু নাগপুৰৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান