ETV Bharat / bharat

Shraddha murder case Update : আফতাবৰ কণ্ঠৰ নমুনা সংগ্ৰহ CBIৰ CFSLৰ দলৰ - শ্ৰদ্ধা হত্যাকাণ্ডৰ চৰ্চা

সোমবাৰে দিল্লী আৰক্ষীয়ে শ্ৰদ্ধা হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব আমিন পুনাৱালাৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰিছে (CFSL team will take Aftab voice sample) ৷ বিগত 23 ডিচেম্বৰত সাকেট আদালত হোৱা শুনানিৰ সময়তে আৰক্ষীয়ে কণ্ঠৰ নমুনা লোৱাৰ অনুমতি বিচাৰিছিল ৷ আদালতৰ অনুমতি মৰ্মেই দিল্লী আৰক্ষীয়ে আফতাবৰ কণ্ঠৰ নমুনা চিবিআইৰ মুখ্য কাৰ্যালয়ত সংগ্ৰহ কৰে (Aftab voice sample)৷

Shraddha murder case Update
সংগ্ৰহ কৰা হ’ল আফতাবৰ কণ্ঠৰ নমুনা
author img

By

Published : Dec 26, 2022, 10:01 PM IST

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : এতিয়াও শ্ৰদ্ধা হত্যাকাণ্ডৰ চৰ্চা অব্যাহত আছে (Shraddha murder case)৷ পলিগ্ৰাফ টেষ্ট আৰু নাৰ্কো টেষ্ট সম্পূৰ্ণ হোৱাৰ পিচত দিল্লী আৰক্ষীয়ে শ্ৰদ্ধা হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাবৰ কণ্ঠৰ নমুনা সংগ্ৰহ কৰিছে (Aftab voice sample) । ইতিমধ্যে দিল্লী আৰক্ষীয়ে আফতাবৰ হোৱাটছএপ মেছেজ আৰু ভইচ ৰেকৰ্ডিং লাভ কৰিছে ৷

ইয়াৰ পিচত চিএফএছএল লেবত আফতাবৰ ভইচ চেম্পলৰ সৈতে মেচ কৰা হ’ব । আৰক্ষীয়ে আশা কৰিছে যে, এই কণ্ঠৰ নমুনাই শ্ৰদ্ধা হত্যাকাণ্ডৰ লগত জড়িত আৰু বহু ঘটনাই পোহৰলৈ আহিব । ইয়াৰ পূৰ্বে শ্ৰদ্ধা হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱাল্লাক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছিল ভইচ চেম্পলিং টেষ্টৰ বাবে । য'ত তেওঁৰ কণ্ঠৰ নমুনা পৰীক্ষা কৰা হৈছিল (CFSL team will take Aftab voice sample)।

ভয়েচ চেম্পল টেষ্টৰ পিচত ইয়াক ইয়াৰ পুৰণি অডিঅ’ ক্লিপৰ সৈতে মিলাই দিয়া হ’ব ।

ইয়াৰ পূৰ্বে 23 ডিচেম্বৰত সাকেট আদালতত শুনানিৰ সময়ত আৰক্ষীয়ে কণ্ঠৰ নমুনা লোৱাৰ অনুমতি বিচাৰিছিল, যিটো আদালতেও মানি লৈছিল । ইয়াৰ লগতে আদালতে আফতাবৰ ন্যায়িক জিম্মা 6 জানুৱাৰীলৈ বৃদ্ধি কৰিছিল । এতিয়া অভিযুক্ত আফতাব 6 জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মাত থাকিব ।

  • ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্ত আফতাবক উপস্থাপন :

যোৱা 23 ডিচেম্বৰত দিল্লীৰ সাকেট আদালতত এই শুনানি অনুষ্ঠিত হৈছিল । ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আফতাবক আদালতত দাখিল কৰা হয় । ইয়াৰ পিচত আদালতে সিদ্ধান্ত লয় যে, আফতাবৰ ন্যায়িক জিম্মা 14 দিনৰ বাবে বৃদ্ধি কৰা হ’ব । দিল্লী আৰক্ষীয়ে অভিযুক্ত আফতাবৰ হোৱাটছএপ চেট আৰু কলৰ সবিশেষ উলিয়ালে ৷ তাৰ পিচত এতিয়া আৰক্ষীয়ে ভইচ চেম্পলৰ তদন্ত কৰিব ।

লগতে পঢ়ক : Shraddha murder case clue: গুৰুগ্ৰাম জংঘলৰ পৰা উদ্ধাৰ কৰা পলিথিনৰ বেগত কি পালে আৰক্ষীয়ে ?

তাৎপৰ্যপূৰ্ণভাৱে শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশক কঁপাই তুলিছে । এই ঘটনাটো প্ৰায় 6 মাহ পুৰণি । এই কথা তেতিয়াহে পোহৰলৈ আহে, যেতিয়া শ্ৰদ্ধাৰ পিতৃয়ে 10 নৱেম্বৰত শ্ৰদ্ধা নিখোজ হোৱা সন্দৰ্ভত আৰক্ষী চকীত দাখিল কৰিছিল এক এজাহাৰ ৷ এই এজাহাৰৰ পাচতেই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আটক কৰিছিল শ্ৰদ্ধাৰ লিভ ইন পাৰ্টনাৰ আফতাবক ৷ তথ্য অনুসৰি, ডেটিং ৱেবছাইটৰযোগে প্ৰথম চিনাকী হৈছিল আফতাব আৰু শ্ৰদ্ধা ৷ পৰৱৰ্তী সময়ত দুয়ো একেলগে দিল্লীৰ ছটাৰপুৰত এটা ভাড়াতীয়া ফ্লেটত থাকিবলৈ আৰম্ভ কৰিছিল ।

  • সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক :

তাৎপৰ্যপূৰ্ণভাৱে 2021 চনত ইন্দোৰত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযুক্তসকলক পাকিস্তানীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । পাকিস্তানী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰাত কণ্ঠৰ নমুনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

এই গোচৰত অভিযুক্ত ইৰফান আলতামাছৰ ম’বাইলত পাকিস্তানী নম্বৰৰ সৈতে কথা-বতৰা হৈছিল ৷ যাৰ অডিঅ’ ৰেকৰ্ডিং আৰক্ষীয়ে লাভ কৰিছিল । ইয়াৰ পিচত আৰক্ষীয়ে এই গোচৰৰ অভিযুক্তক পাকিস্তানীৰ সৈতে সংযোগৰ তথ্য লাভ কৰা অডিঅ’ নমুনাৰ জৰিয়তে নিশ্চিত কৰিছিল ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 18 মে’ত শ্ৰদ্ধা আৰু আফতাবৰ কাজিয়া হৈছিল । ইয়াৰ পিচত আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰে । পৰৱৰ্তী সময়ত আফতাবে শ্ৰদ্ধাৰ শৰীৰটো 35 টুকুৰা কৰি কাটি পেলায় (Delhi Shraddha murder)। আফতাবে এই টুকুৰাবোৰ ফ্ৰীজত ৰাখিছিল ।

তেওঁ প্ৰতি নিশাই শ্ৰদ্ধাৰ মৃতদেহৰ এটুকুৰা মেহৰাউলী হাবিত পেলাই দিবলৈ গৈছিল । গ্ৰেপ্তাৰৰ হোৱাৰ পাচতে আৰক্ষীৰ জেৰাৰত এই কথা স্বীকাৰ কৰিছে আফতাবে । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে মেহৰৌলী বনাঞ্চল আৰু গুৰুগ্ৰামত উল্লেখ কৰা স্থানৰ পৰা হাড়ৰ আকাৰত মৃতদেহটোৰ কেইবাটাও টুকুৰা উদ্ধাৰ কৰিছিল ৷

লগতে পঢ়ক : Shraddha Murder Case: শ্ৰদ্ধাৰ পিতৃৰ সৈতে ডি এন এৰ মিল আছে জংঘলত পোৱা হাঁড়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.