ETV Bharat / bharat

Odisha train tragedy : বালাছোৰ দুৰ্ঘটনাক লৈ চিবিআইৰ তদন্ত আৰম্ভ

author img

By

Published : Jun 6, 2023, 5:30 PM IST

চিবিআইয়ে আৰম্ভ কৰিছে বালাছোৰ ৰে'ল দুৰ্ঘটনাৰ গোচৰৰ তদন্ত (CBI to probe Balasore train accident)। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি চিবিআইয়ে প্ৰমাণ আৰু বিবৰণ সংগ্ৰহ কৰিছে ।

Odisha train tragedy
বালাছোৰ দুৰ্ঘটনাক লৈ চিবিআইৰ তদন্ত আৰম্ভ

নেশ্যনেল ডেস্ক,৬ জুন : ওড়িশাৰ বালাছোৰৰ ৰে'ল দুৰ্ঘটনাৰ গোচৰ ইতিমধ্যে চিবিআইক হস্তান্তৰ কৰা হৈছে (CBI to probe Balasore train accident)। তাৰ পাছতে চিবিআইৰ দল উপস্থিত বালাছোৰৰ দুৰ্ঘটনাস্থলীত । দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দলটোৱে অনুসন্ধান আৰম্ভ কৰিছে ।

চিবিআইৰ ১০ জনীয়া দলটোৱে বাহানাগা ৰে'ল ষ্টেচন পৰিদৰ্শন কৰাৰ লগতে তদন্ত আৰম্ভ কৰে । চিবিআইৰ চোৰাংচোৱাসকলৰ লগত এটা ফৰেনচিক দলও আছে (CBI team visit Balasore accident spot)। দলটোৱে অনুসন্ধানৰ অংশ হিচাপে মূল লাইন আৰু লুপ লাইনো পৰিদৰ্শন কৰে । দলটোৰ কিছুমান সদস্যই ছিগনেল কোঠা পৰিদৰ্শন কৰে আৰু তাত থকা বিষয়াসকলক সোধা-পোছা কৰে ।

আশা কৰা মতে যে দলটোৱে নিয়ন্ত্ৰণ কক্ষলৈও যাব পাৰে আৰু দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে আন বিষয়াসকলৰ সৈতে ষ্টেচন মাষ্টাৰক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে । ইফালে ৰে'লৱে ব'ৰ্ডেও দেওবাৰে এই শোকাৱহ দুৰ্ঘটনাটোৰ চিবিআই তদন্তৰ পৰামৰ্শ দিছে ।

ইয়াৰ পূৰ্বে, ৰে'ল সুৰক্ষা বিভাগৰ মুখ্য আয়ুক্ত শৈলেশ কুমাৰ পাঠকে সোমবাৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে য'ত তেওঁ বাহানাগা ৰে'ল ষ্টেচনৰ নিয়ন্ত্ৰণ কক্ষ, ছিগনেল ৰুম আৰু ছিগনেল পইণ্ট পৰিদৰ্শন কৰে (CCRS Shailesh Kumar Pathak visit Balasore)।

দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে জনোৱা মতে চিবিআইৰ দলটোৱে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে বালাছোৰত উপস্থিত হৈছে । তেওঁলোকে তেওঁলোকৰ অনুসন্ধান চলাই আছে । তেওঁ জনোৱা মতে চিবিআইৰ অনুসন্ধানৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰে । চিবিআইয়ে ঘটনাস্থলীৰ পৰা সকলো প্ৰমাণ আৰু বিৱৰণ সংগ্ৰহ কৰিব বুলিও তেওঁ উল্লেখ কৰে (CPRO on Balasore train accident)।

উল্লেখ্য যে বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত ২৭৫ গৰাকী লোকৰ মৃত্যু হয় (Total death in Balasore train accident)। ১০০০ৰো অধিক লোক আহত হয় । ইফালে এতিয়াও মৰ্গত আছে বহু অচিনাক্ত মৃতদেহ । দুৰ্ঘটনাটোত নিহতৰ পৰিয়াল আৰু আহতসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে ।

লগতে পঢ়ক :IIT Student Faizan dead case : হত্যা কৰা হৈছিল IITৰ ছাত্ৰ ফাইজানক !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.