ETV Bharat / bharat

Sisodia bail plea hearing : চিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা চিবিআইৰ

author img

By

Published : Apr 28, 2023, 1:20 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে (Sisodia bail plea hearing at Delhi HC)। চিবিআইৰ অভিযোগ আবকাৰী নীতি প্ৰস্তুত কৰাৰ পূৰ্বে ভুৱা জনমত গঠন কৰা হৈছিল । চিছোদিয়াই বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনো উপেক্ষা কৰিছিল ।

Sisodia bail plea hearing
চিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা চিবিআইৰ

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰীক লৈ চিবিআই আৰু ইডিৰ পৃথক গোচৰত আদালতত শুনানি চলি আছে । বৃহস্পতিবাৰে চিবিআইৰ গোচৰত আদালতত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনক লৈ শুনানি গ্ৰহণ কৰা হয় (Sisodia bail plea hearing)। চিবিআইয়ে চিছোদিয়াৰ জামিন আবেদনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত যুক্তি উত্থাপন কৰে ।

চিবিআইৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) এছ ভি ৰাজুৱে কথিত কেলেংকাৰীটোত চিছোদিয়াৰ ভূমিকাৰ বিষয়ে কেইবাটাও প্ৰমাণ উত্থাপন কৰে । চিবিআইয়ে আদালতক কয় যে জেৰাৰ সময়ত সাক্ষীসকলে ২০২১-২২ বৰ্ষৰ বাবে দিল্লী চৰকাৰৰ আবকাৰী নীতিত (Delhi Liquor Scam) হেৰফেৰ কৰাৰ ক্ষেত্ৰত চিছোদিয়াৰ ভূমিকা স্পষ্টভাৱে নিশ্চিত কৰিছে ।

ন্যায়াধীশ দিনেশ কুমাৰ শৰ্মাৰ সন্মুখত চিবিআইয়ে অভিযোগ কৰিছে যে এই নীতি প্ৰস্তুত কৰিবলৈ লোৱা জনমতো ভুৱা আছিল । ছলিচিটৰ জেনেৰেল ৰাজুৱে কয় যে এই নীতিসম্পৰ্কে বিশেষ সমিতিৰ (ৰবি ধাৱানৰ প্ৰতিবেদন) প্ৰতিবেদন উপেক্ষা কৰা হৈছিল । ইয়াৰ বাবে, আঁচনিখনৰ ৰাজহুৱা গ্ৰহণযোগ্যতা দেখুৱাবলৈ ভুৱা ই-মেইলৰ দ্বাৰা জনমত প্ৰভাৱিত কৰা হৈছিল ।

চিবিআইয়ে অভিযোগ কৰা মতে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনক বাধা দিবলৈ চিছোদিয়াৰ নিৰ্দেশত ভুৱা জনমত প্ৰস্তুত কৰা হৈছিল (CBI accuses Sisodia of fabricating public opinion)। চিবিআইয়ে আন এগৰাকী সাক্ষী ৰাহুল সিঙৰ বিবৃতিৰ উদ্ধৃতি দিয়ে । চিবিআইয়ে কয় যে সিঙে তেওঁৰ বিবৃতিত কৈছে যে চিছোদিয়াই তেওঁৰ সৈতে এখন বৈঠকত মিলিত হৈছিল য’ত তেওঁ কৈছিল যে বিষয়টোত গঠন কৰা মন্ত্ৰীৰ গোটটো বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত সন্তুষ্ট নহয় ।

আদালতক কোৱা হৈছে যে সাক্ষী সিঙে তেওঁৰ বিবৃতিত কৈছে যে তেওঁ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত ইমান বৃহৎ পৰিমাণৰ সংশোধনৰ বিষয়ে আপত্তি উত্থাপন কৰিছিল । তাৰ প্ৰতি সঁহাৰি দি চিছোদিয়াই কৈছিল যে চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু মন্ত্ৰীৰ এটা গোটে নিৰ্দেশনা দিব । চিছোদিয়াৰ জামিন আবেদনৰ বাবে পৰৱৰ্তী শুনানি হ'ব ৯ মে'ত । বিচাৰ আদালতে চিছোদিয়াৰ জামিন আবেদন নাকচ কৰাৰ পাচত উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰা হৈছিল ।

লগতে পঢ়ক :Covid cases in Delhi : দিল্লীত একেৰাহে দ্বিতীয় দিনাও ৭ ক'ভিড আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.