ETV Bharat / bharat

Tripura police arrest cannabis suppliers: ত্ৰিপুৰাত ৩০ লাখ টকাৰ গাঞ্জা জব্দ - ত্ৰিপুৰাত ৩০ লাখ টকাৰ গাঞ্জা জব্দ

ত্ৰিপুৰাত ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । অভিযানৰ মাজতে জব্দ প্ৰায় ৩০ লাখ টকাৰ নিষিদ্ধ গাঞ্জা (Cannabis seized in Tripura)। বহি:ৰাজ্যৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । ঘটনা সন্দৰ্ভত দুজন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

Tripura police arrest cannabis suppliers
ত্ৰিপুৰাত ৩০ লাখ টকাৰ গাঞ্জা জব্দ
author img

By

Published : Jan 20, 2022, 4:25 PM IST

আগৰতলা,২০ জানুৱাৰী : ত্ৰিপুৰাত নিষিদ্ধ গাঞ্জাৰ অবৈধ সৰবৰাহ অব্যাহত আছে । তাৰ মাজতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযানো অব্যাহত ৰাখিছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাত জব্দ প্ৰায় ৩০ লাখ টকাৰ নিষিদ্ধ গাঞ্জা (Cannabis seized in Tripura)।

তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মুংগিয়াকামিত আৰক্ষীয়ে অভিযান চলাই দুজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বুধবাৰে পুৱা ৭ মান বজাত মুংগিয়াকামি আৰক্ষী থানাৰ অন্তৰ্গত ৩৯ মাইল অঞ্চলত চলিছিল আৰক্ষীৰ এই অভিযান । মুংগিয়াকামি আৰক্ষী থানাৰ এছ আই ৰঞ্জিত দাস আৰু ডিএছপি প্ৰসেনজিৎ ৰয়ৰ লগতে আন আৰক্ষীৰ জোৱানসকলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাইছিল । তালাচীৰ মাজতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে UP-67-AT-5814 নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।

ট্ৰাকখন জব্দ কৰাৰ লগে লগে ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া সোনাচৰণ জামাতিয়া উপস্থিত হয় । তালাচী চলোৱাৰ পাছতে আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ৫৮৩.৫ কিলোগ্ৰাম শুকান গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক প্ৰমোদ যাদৱ আৰু বীৰেন্দ্ৰ ৰয় নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষী বিষয়া সোনাচৰণ জামাতিয়াই জনোৱা মতে গাঞ্জাখিনি আগৰতলাৰ পৰা আন ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল ।

লগতে পঢ়ক :ধুবুৰীত কাৰাগাৰৰ পৰা ওলাই আহোতেই পুনৰ গ্ৰেপ্তাৰ চাৰিটা মাফিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.