ETV Bharat / bharat

নন্দীগ্ৰাম সমষ্টিৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া: 12 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য - Nandigram Constituency

অহা 12 আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব নন্দীগ্ৰাম সমষ্টিৰ (Nandigram Constituency) ভোটগণনাৰ ফলাফলৰ পুনৰ বিবেচনা সন্দৰ্ভত মমতা বেনৰ্জীয়ে দাখিল কৰা আবেদনৰ ৷

CALCUTTA HIGH COURT NEXT HEARING OVER ELECTION PETITION OF MAMATA BANERJEE TO BE HELD ON 12TH AUGUST
নন্দীগ্ৰাম সমষ্টিৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া: 12 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য
author img

By

Published : Jul 14, 2021, 4:01 PM IST

Updated : Jul 14, 2021, 7:54 PM IST

নেশ্যনেল ডেস্ক, 14 জুলাই : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ (Nandigram Constituency) ভোটগননাৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া অব্যাহত আছে ৷ 12 আগষ্টত ইয়াৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে ৷ ন্যায়াধীশ চম্পা চৰকাৰে জনায় যে, নিৰ্বাচন আয়োগে নন্দীগ্ৰাম বিধানসভা কেন্দ্ৰৰ নিৰ্বাচন সংক্ৰান্তীয় সমস্ত নথি-পত্ৰ সংৰক্ষণ কৰিব লাগিব ৷

সমান্তৰালকৈ, এই গোচৰৰ বিপৰীত পক্ষ অৰ্থাৎ বিজেপি নেতা সুভেন্দু অধিকাৰীকো (Suvendu Adikari) জাননী প্ৰেৰণৰ বাবে মমতা বেনাৰ্জীক (Mamata Benarjee) নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰ পূৰ্বে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ কৌশিক চন্দৰৰ বিচাৰপীঠে ৷ কিন্তু অভিযোগকাৰী মমতা বেনাৰ্জীয়ে ন্যায়াধীশ কৌশিক চন্দৰ ঘটনাটো নুশুনাকৈয়ে এৰি দিয়া বুলি অভিযোগ উত্থাপন কৰে ৷

ইয়াৰ কাৰণ দৰ্শোৱা হৈছিল যে কৌশিক চন্দৰে কলকাতা উচ্চ ন্যায়ালয়ত (Calcutta high court) অধিৱক্তা হিচাপে অনুশীলন কৰি থকা সময়ত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অত্যন্ত সক্ৰিয় সদস্য আছিল আৰু বিজেপিৰ বহু গোচৰত তেওঁ আইনী যুঁজ দিছিল ৷

বিচাৰত কৌশিক চন্দৰে মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে 7 জুলাইত এক নিৰ্দেশনা জাৰি কৰি বিচাৰ প্ৰক্ৰিয়া ত্যাগ কৰাৰ সিদ্ধান্ত লয় ৷ কলকাতা উচ্চ ন্যায়ালয়ৰ (Calcutta high court) এগৰাকী বিচাৰকৰ নিৰপেক্ষতাক প্ৰশ্ন কৰা কাৰ্যই সমগ্ৰ দেশৰ বিচাৰ ব্যৱস্থাৰ মৰ্যাদা হানি কৰাৰ বাবে তেখেতক 5 লাখ টকাৰ জৰিমণা বিহা হয় ৷ ইয়াৰ পিছতে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধানে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে ন্যায়াধীশ চম্পা চৰকাৰৰ বিচাৰপীঠ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, 2021ৰ পশ্চিম বংগ নিৰ্বাচনৰ আটাইতকৈ হেভিৱেট সমষ্টি আছিল নন্দীগ্ৰাম ৷ কাৰণ এই সমষ্টিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মমতা বেনাৰ্জী আৰু বিজেপি নেতা সুভেন্দু অধিকাৰী ৷ কিন্তু 2 মে’ অৰ্থাৎ বিধানসভাৰ ফলাফল ঘোষণাৰ দিনটো আছিল অত্যন্ত নাটকীয় ৷

নন্দীগ্ৰামৰ পৰা মমতা বেনৰ্জীয়ে জয়লাভ কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছিল ৷ কিন্তু পৰৱৰ্তী সময়ত সেই কেন্দ্ৰটোৰ পৰা বিজয়ী প্ৰাৰ্থী হিচাপে নাম ঘোষণা হয় সুভেন্দু অধিকাৰীৰ ৷ অধিকাৰীয়ে 200 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ সেইদিনাই মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে, নিৰ্বাচনৰ ফলাফল পুনৰ বিবেচনাৰ বাবে তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৷

ইয়াৰ পিছতেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মমতা বেনাৰ্জী ৷ তেখেতক ষড়যন্ত্ৰমূলকভাৱে নন্দীগ্ৰামৰ পৰা পৰিজিত কৰোৱা হৈছে বুলি দাবী উত্থাপন কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু আবেদন দাখিলৰ দুমাহ পিছতো এই গোচৰৰ প্ৰকৃত শুনানি গ্ৰহণ কৰা হোৱা নাই ৷

12 আগষ্টত দুয়োপক্ষৰ উপস্থিতিত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জনায় ন্যায়াধীশ চম্পা চৰকাৰে ৷ ইয়াৰ মাজতে এই গোচৰ সম্পূৰ্ণৰূপে নিস্পত্তি নোহোৱা পৰ্যন্ত বিধানসভা নিৰ্বাচনৰ সমস্ত নথি পত্ৰ নিৰ্বাচন আয়োগক সংৰক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে ন্যায়াধীশ চম্পা চৰকাৰে ৷

লগতে পঢ়ক- ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ AIIMSৰ নাৰ্চক প্ৰশিক্ষণ

Last Updated : Jul 14, 2021, 7:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.