ETV Bharat / bharat

Modi Cabinet : কাৰ প্ৰৱেশ, কাৰ প্ৰস্থান ?

ইটিভি ভাৰত (ETV Bharat)ৰ বাৰ্তা সম্পাদক (News Editor) কৃষ্ণানন্দ ত্ৰিপাঠী (Krishnanand Tripathy)ৰ পৰ্যালোচনা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত বুধবাৰে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet) ৰদ-বদল তথা সম্প্ৰসাৰণ কৰে ৷ এই নতুন মন্ত্ৰীসভাত 43 গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে ৷

author img

By

Published : Jul 7, 2021, 8:09 PM IST

Modi Cabinet
মোদী মন্ত্ৰীসভা

নেশ্যনেল ডেস্ক, 7 জুলাই : কেন্দ্ৰীয় মন্ত্ৰীসভা (Union Cabinet)ৰ ৰদল-বদলৰ পূৰ্বে বুধবাৰে বহু কেইগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে নিজ পদৰ পৰা পদত্যাগ কৰে ৷ পদত্যাগ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক (Ramesh Pakhariyal Nishank), ৰসায়ন আৰু উৰ্বৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া (DV Sadanand Gowda), শ্ৰম মন্ত্ৰী সন্তোষ গংগৱাৰ (Santosh Gangwar) আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী অন্তৰ্ভুক্ত হৈ আছে ৷ আশ্চৰ্যকৰভাৱে পদত্যাগ পত্ৰ দাখিল কৰা আন এগৰাকী মন্ত্ৰী হৈছে স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধন (Dr Harsh Vardhan) ৷ এই মন্ত্ৰীসকলৰ লগতে ৰাজ্যিক মহিলা আৰু বাল্য বিকাশ মন্ত্ৰী দেবাশ্ৰী চৌধুৰী (Debasree Chaudhuri)য়েও পদত্যাগ কৰে ৷

কেবিনেট বৈঠকৰ এদিন পূৰ্বে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱৰ চান্দ গেহলট (Thawar Chand Gehlot)ক কৰ্ণাটকৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয় ৷ ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, মুঠ 12 গৰাকী মন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰে ৷ তেওঁলোকৰ ভিতৰত আছে- ডিভি সদানন্দ গৌড়া (DV Sadanand Gowda), ৰবি শংকৰ প্ৰসাদ (Ravi Shankar Prasaad), থাৱৰ চান্দ গেহলট (Thawar Chand Gehlot), ৰমেশ পোখৰিয়াল নিশাংক (Ramesh Pakhariyal Nishank), ড৹ হৰ্ষবৰ্ধন (Dr Harsh Vardhan), প্ৰকাশ জাৱেদকাৰ (Prakash Javadekar), সন্তোষ গংগৱাৰ (Santosh Gangwar), বাবুল সুপ্ৰিঅ’ (Babul Supriyo), ধোত্ৰী সঞ্জয় শ্বামৰাও (Dhotre Sanjay Shamrao), ৰট্টন লাল কাটাৰিয়া (Rattan Lal Kataria), প্ৰতাপ চন্দ্ৰ চাৰংগী (Pratap Chandra Sarangi) আৰু দেবাশ্ৰী চৌধুৰী (Debasree Chaudhuri) ৷

ৰাজনৈতিক ক্ষেত্ৰখনত পদত্যাগৰ মাত্ৰাৰ পৰা অনুমান কৰিব পাৰি যে, এয়া কেৱল কেন্ত্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়, প্ৰধানমন্ত্ৰী মোদীৰ দলৰো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা হৈছে ৷ য’ত শিক্ষা, স্বাস্থ্য, শ্ৰম, আইন আৰু ন্যায়ৰ সৈতে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ অন্তৰ্ভুক্ত হৈ আছে ৷

কিছুসংখ্যক কনিষ্ঠ মন্ত্ৰী (Junior Ministers)ৰ পদোন্নতি-

এয়া স্পষ্ট হৈ পৰিছে যে, কমেও চাৰিগৰাকী মন্ত্ৰীৰ স্থান কেবিনেটৰ স্থানলৈ নিয়া হ’ব, অন্যথা তেওঁলোকক স্বতন্ত্ৰ পদত ৰখা হ’ব ৷ সেইসকলৰ ভিতৰত চৰ্চাত আছে- অনুৰাগ ঠাকুৰ (Anurag Thakur), মনচুখ মান্দাভিয়া (Mansukh Mandavia), জি কিষাণ ৰেড্ডী (G Kishen Reddy) আৰু পুৰুষোত্তম ৰূপালা (Parshottam Rupala) ৷ প্ৰধানমন্ত্ৰী মোডী (PM Modi)য়ে সম্পূৰ্ণৰূপে দলৰ সাল-সলনি কৰা পৰিলক্ষিত হৈছে ৷ সূত্ৰই জনোৱা মতে, তেওঁ ব্যক্তিগতভাৱে গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব তথা সংগঠন প্ৰভাৰী বিএল সন্তোষ (BL Santosh)ৰ সৈতে প্ৰত্যেকগৰাকী মন্ত্ৰীৰ সমীক্ষা চলায় ৷

প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় কাৰ্যকালৰ আৰম্ভণি অতি কঠিন হৈ পৰিছে, কিয়নো প্ৰধানমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালত লেহেমীয়া গতিৰ অৰ্থব্যৱস্থা আৰু ক’ভিড (Covid)ৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় ৷ বিগত বৰ্ষত দেশৰ জিডিপি (GDP) আছিল 7 শতাংশৰো অধিক ৷ অনুমান কৰা হৈছে যে, প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলত প্ৰথমাৱস্থাত 43 গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল ৷

কিন্তু কিছুসংখ্যক সদস্যক মন্ত্ৰী পৰিষদৰ পৰা আঁতৰাই নিদিয়াকৈ এই বৃহৎ পৰিৱৰ্তন সম্ভৱ নাছিল ৷ কাৰণ মন্ত্ৰী পৰিষদৰ বাবে অধিকতম সদস্যৰ সংখ্যাৰ এক সাংবিধানিক সীমা আছে ৷

মন্ত্ৰীবৃন্দৰ সংখ্যাত সাংবিধানিক প্ৰতিবন্ধকতা (Constitutional Bar)-

বৰ্তমান মন্ত্ৰীসভাত 21 গৰাকী কেবিনেট মন্ত্ৰী, 9 গৰাকী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু 23 গৰাকী ৰাজ্যিক মন্ত্ৰী আছে ৷ মন্ত্ৰী পৰিষদত মুঠ 54 গৰাকী সদস্য আছে, য’ত প্ৰধানমন্ত্ৰী মোডীও অন্তৰ্ভুক্ত হৈ আছে ৷ ভাৰতীয় সংবিধানৰ 72 নং অনুচ্ছেদ মতে, প্ৰধানমন্ত্ৰীৰ সৈতে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সংখ্যা লোকসভাৰ শক্তি অনুযায়ী 15 শতাংশতকৈ অধিক হ’ব নোৱাৰে ৷

17 সংখ্যক লোকসভাত 540 গৰাকী সদস্যৰ শক্তি আছে, কিয়নো এংলো-ইণ্ডিয়ান সমূদায়ৰ বাবে দুখন আসন খালী হৈ আছে ৷

91 সংখ্যক সংবিধান সংশোধন অনুসৰি, 17 সংখ্যক লোকসভাত প্ৰধানমন্ত্ৰীৰ সৈতে মন্ত্ৰী পৰিষদত অধিকতম 81 গৰাকী সদস্য অন্তৰ্ভুক্ত হ’ব পাৰে ৷ নিয়মানুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ বাবে উপস্থিত সহযোগীসকলক আঁতৰাই নিদিয়াকৈ 28 গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰাতো অসম্ভৱ ৷ স্বাস্থ্য, শিক্ষা আৰু শ্ৰম মন্ত্ৰীৰ পদত্যাগৰ ওপৰত নিৰীক্ষণ কৰি এই কথা স্পষ্ট হৈ পৰিছে যে, এয়া কেবিনেটৰ সম্প্ৰসাৰণ নহয়, এয়া সম্পূৰ্ণ পৰিৱৰ্তন ৷ ইয়াত কিছুসংখ্যক সদস্যক আঁতৰাই দিয়া হৈছে আৰু আন কিছু সংখ্যকক পুৰস্কৃত কৰা হ’ব ৷

লগতে পঢ়ক : মোডী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.