নেশ্যনেল ডেস্ক, 26 জুন : দেওবাৰ তথা 26 জুনত দেশৰ তিনিখন লোকসভা আসন আৰু সাতখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব (Bypolls Counting)। উত্তৰ প্ৰদেশৰ আজমেগড়, ৰামপুৰ আৰু পঞ্জাৱৰ চাংৰু লোকসভা সমষ্টিৰ লগতে সাতখন বিধানসভা আসন ক্ৰমে দিল্লীৰ ৰাজিন্দৰ নগৰ, ঝাৰখণ্ডৰ মান্দাৰ, অন্ধ্ৰপ্ৰদেশৰ আত্মাকুৰ আৰু ত্ৰিপুৰাৰ আগৰতলা, টাউন বৰদোৱালী, সুৰমা আৰু জবাৰাজনগৰৰ ভোটগণনা অনুষ্ঠিত হ'ব ৷
পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা ৷ প্ৰথমে ডাকযোগে প্ৰাপ্ত ভোটসমূহৰ গণনা কৰা হ'ব আৰু তাৰ পিছতহে ইভিএম খোলা হ'ব । ইতিমধ্যে ভোট গণনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে অঞ্চলকেইটাত ৷
এই উপ-নিৰ্বাচনত ত্ৰিপুৰাত সৰ্বাধিক চাৰিখন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটদান প্ৰক্ৰিয়া (Tripura By election 2022) ৷ ত্ৰিপুৰাৰ চাৰিওটা বিধানসভা সমষ্টিত প্ৰায় 1,89,032 জন ভোটাৰে মুখ্যমন্ত্ৰী মানিক সাহাকে ধৰি 24 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷
ভোটগণনা পুৱা আঠ বজাত আৰম্ভ হ'ব । যোৱা 23 জুনত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণত উত্তৰ-পূবৰ ৰাজ্যখনে সৰ্বাধিক ৭৬.৬২ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷
উল্লেখ্য যে ত্ৰিপুৰাত মানিক সাহাই মুখ্যমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকাল অব্যাহত ৰাখিবলৈ এই নিৰ্বাচনত জয়ী হ'ব লাগিব । যোৱা মাহত তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱৰ পদত্যাগৰ পিছতে সাহাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল(Tripura CM Manik Saha) ৷ বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মন আৰু বিজেপি বিধায়ক আশীষ কুমাৰ সাহাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিছত ৬ নং আগৰতলা আৰু ৮ নং টাউনৰ বৰদোৱালীৰ আসনসমূহ খালী হৈ পৰে ৷
একেদৰে ৪৬ চনত সুৰমা সমষ্টিত বিজেপি বিধায়ক আশীষ দাসে তৃণমূল কংগ্ৰেছত যোগদান কৰাত আৰু ৫৭ নং জুবাৰাজনগৰত চি পি আই এমৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেৱনাথৰ মৃত্যু হোৱাৰ পিছত সমষ্টি দুটাত নিৰ্বাচন অনিবাৰ্য হৈ পৰে ৷
লগতে পঢ়ক : Tripura by election 2022: চাৰি স্থানত বিকল ইভিএম