ETV Bharat / bharat

President election : ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব বিএছপিয়ে

author img

By

Published : Jun 25, 2022, 1:06 PM IST

মায়াৱতীয়ে কয়, তেওঁৰ দলে জনজাতীয় সমাজক নিজৰ বুলি বিবেচনা কৰি ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে (Mayawati decided support Draupadi as tribal) । অৱশ্যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো বিজেপি আৰু এন ডি এৰ সপক্ষে বা বিৰোধী দলৰ বিৰুদ্ধে লোৱা নাই বুলিও তেওঁ জনায় ।

a
a

নিউজ ডেস্ক, ২৫ জুন : বহুজন সমাজ পাৰ্টিৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ (NDA) প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে (Bahujan Samaj Party support to Draupadi Murmu) । মায়াৱতীয়ে কয়, তেওঁৰ দলে জনজাতীয় সমাজক নিজৰ বুলি বিবেচনা কৰি ৰাষ্ট্ৰপতি পদত দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে (Mayawati decided support Draupadi as tribal) । অৱশ্যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো বিজেপি আৰু এন ডি এৰ সপক্ষে বা বিৰোধী দলৰ বিৰুদ্ধে লোৱা নাই বুলিও তেওঁ জনায় ।

আনহাতে, মায়াৱতীয়ে শনিবাৰে লক্ষ্ণৌত বিৰোধীয়ে বহুজন সমাজ পাৰ্টিক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ অনুষ্ঠিত কৰা বৈঠকৰ পৰা আঁতৰাই ৰাখিছিল বুলিও মন্তব্য কৰে । এনচিপিৰ সভাপতি শাৰদ পাৱাৰে (NCP President Sharad Pawar) বহুজন সমাজ পাৰ্টিৰ (Bahujan Samaj Party) নেতাসকলক বৈঠকলৈ আমন্ত্ৰণ নজনোৱাটোৱে তেওঁৰ চিন্তাধাৰা প্ৰদৰ্শন কৰে বুলি মায়াৱতীৰ মন্তব্য । ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত বিৰোধীৰ ষড়যন্ত্ৰও স্পষ্টভাৱে দেখা গৈছে বুলি তেওঁৰ মত । এন ডি এক নহয়, জনজাতীয় লোকৰ সপক্ষে ভোট দিয়াৰ আহ্বান জনাই বিএছপি (BSP) নেত্ৰীগৰাকীয়ে কয় যে বিএছপি কাৰো পিছফালে থকা দল নহয় । তেওঁ লগতে কয় যে বিএছপিক বিচ্ছিন্ন কৰি ৰখাৰ কাৰণ হ'ল আন দলৰ জাতিবাদী মনোভাব ।

ইফালে বিৰোধী পক্ষক আক্ৰমণ কৰি তেওঁ কয় যে বিৰোধী ঐক্যৰ প্ৰচেষ্টা একেবাৰে গুৰুত্বপূৰ্ণ নহয় । এইটো মাত্ৰ এটা প্ৰদৰ্শনীহে । ভাৰতীয় জনতা পাৰ্টিৰ (Bharatiya Janata Party) সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি মায়াৱতীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল বিৰোধীৰ সৈতে কথা পতাৰ ভাওহে লয় । বাকী দলবোৰে বহুজন সমাজ পাৰ্টিক বিজেপিৰ 'বি দল' বুলি মিছা অভিযোগ কৰি ধ্বংস কৰিব বিচৰা বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি (Samajwadi Party) পৰাজিত হোৱাৰ বাবে বহুজন সমাজ পাৰ্টিয়েও যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ উল্লেখ কৰে । তেওঁৰ দলৰ কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাই বুলি উল্লেখ কৰি মায়াৱতীয়ে কয়, "আমি নিৰ্ভীক হোৱাৰ ক্ষতিও বহন কৰিবলগা হৈছে । আমাৰ দলৰ সংকল্প আন দলৰ দৰে নহয় । আমাৰ দলে জুমলেবাজীত (jumlebaazi) কাম নকৰে ।"

আনহাতে, বিএছপিৰ মুৰব্বীগৰাকীয়ে (BSP chief Mayawati) কয় যে তেওঁ বহুজন সমাজ পাৰ্টিৰ নেতৃত্বক বদনাম কৰাৰ কোনো সুযোগ দিয়া নাই । তেওঁলোকে ভয়হীনভাৱে সিদ্ধান্ত লয় বুলিও উল্লেখ কৰে । বিএছপিৰ চাৰিবাৰৰ শাসনকালত দেশে অৰ্থনৈতিক বিকাশ দেখিছে বুলিও তেওঁ প্ৰকাশ কৰি কয়, আন দলৰ কাম মুখত ছুৰি ৰখাৰ দৰে । উল্লেখ্য, বহুজন সমাজ পাৰ্টিৰ বৰ্তমান উত্তৰ প্ৰদেশত (Uttar Pradesh) ১০ জন সাংসদ আৰু এজন বিধায়ক আছে ।

লগতে পঢ়ক :Presidential Election 2022 : বিৰোধীৰ পৰা সমৰ্থন বিচাৰিলে NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.