ETV Bharat / bharat

কাঁইটীয়া তাঁৰৰ কাম অতি সোনকালেই সমাপ্ত হোৱাৰ আশা ত্ৰিপুৰা বিএছএফৰ

ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত কাঁইটীয়া তাঁৰৰ আধৰুৱা কাম অহা বৰ্ষত সম্পূৰ্ণ হৈ উঠিব ৷ এই মন্তব্য ত্ৰিপুৰা ফ্ৰন্টিয়াৰ বিএছএফৰ আৰক্ষী মহাপৰিদৰ্শক সুশান্ত নাথৰ ৷ এক সংবাদমেলযোগে এই মন্তব্য কৰে নাথে ৷

author img

By

Published : Jan 7, 2021, 9:11 PM IST

ত্ৰিপুৰা ফ্ৰন্টিয়াৰ বিএছএফৰ আৰক্ষী মহাপৰিদৰ্শক সুশান্ত নাথ

নেশ্য়নেল ডেস্ক, 7 জানুৱাৰী : ত্ৰিপুৰা ফ্ৰন্টিয়াৰ বিএছএফৰ আৰক্ষী মহাপৰিদৰ্শক সুশান্ত নাথে আশা কৰে যে, ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত কাঁইটীয়া তাঁৰৰ আধৰুৱা কাম অতি সোনকালেই সমাপ্ত হ'ব আৰু অহা বৰ্ষত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷

বিএছএফৰ বাৰ্ষিক সংবাদমেল সম্বোধনত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে কয়, "বৰ্ডাৰ গাৰ্ডছ অৱ বাংলাদেশে (BGB) আপত্তি দৰ্শোৱা কিছু অঞ্চলত কাঁইটীয়া তাঁৰৰ কাম 5 শতাংশ বাকী আছে ৷ এই সম্পৰ্কত BGB ৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান কৰা হ'ব ৷ নৱেম্বৰত আমি (BSF-BGB) এক মহাপৰিদৰ্শক পৰ্যায়ৰ বৈঠকত মিলিত হৈছিলো আৰু এই বিষয়টো আলোচনা কৰিছিলো ৷ আমি আশা কৰিছো যে, সমস্যাটো অতি সোনকালে সমাধান হ'ব আৰু অহা বছৰ পৰ্যন্ত কাঁইটীয়া তাঁৰৰ কাম সমাপ্ত হ'ব ৷"

2020 বৰ্ষত BSF ৰ সফলতা সম্পৰ্কত সুশান্ত নাথে কয়, "2020 চনত ক'ভিড মহামাৰীৰ ফলত সমগ্ৰ বিশ্বই সন্মুখীন হোৱা জটিলতা সম্পৰ্কত সকলো জ্ঞাত ৷ বিএছএফ ত্ৰিপুৰা ফ্ৰন্টিয়াৰেও এই সময়ছোৱাত বহু জটিলতাৰ সন্মুখীন হৈছিল ৷ তথাপিও আমি সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সহযোগিতাত আমি সকলো সমস্যাৰে যুঁজিবলৈ সক্ষম হ'লো ৷ বিএছএফ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ 1531 গৰাকী জোৱান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷"

তেওঁ লগতে কয়, "কিন্তু আপোনালোকক জনাবলৈ পাই সুখী যে, আমাৰ এজনো জোৱান এই মহামাৰীৰ ফলত মৃত্যু হোৱা নাই ৷ তেওঁলোকক বিভিন্ন ক'ভিড কেয়াৰ চেন্টাৰসমূহত চিকিৎসা প্ৰদান কৰা হৈছে ৷"

লগতে তেওঁ জনাই যে, বিএছএফে এই জটিল সময়ছোৱাত প্ৰায় 42 কোটি টকাৰ অবৈধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি, বিএছএফে প্ৰায় 9 কোটি টকাৰ গাঞ্জা গছ ধংস কৰিছে ৷ এই কামত বিএছএফক ৰাজ্যখনৰ আৰক্ষী, বন বিভাগেও সহায় আগবঢ়োৱা বুলি জানিবলৈ দিয়ে সুশান্ত নাথে ৷ ইয়াৰোপৰি, অবৈধ অনুপ্ৰৱেশকাৰীক দেশত প্ৰৱেশত বাধা দিবলৈও বিএছএফ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে নাথে ৷

লগতে পঢ়ক : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.