ETV Bharat / bharat

Kanker encounter: আৰক্ষীৰ গুলীত নিহত দুই নক্সালবাদী নেতা

author img

By

Published : Oct 31, 2022, 9:40 PM IST

সোমবাৰে পুৱা ছত্তীশগড়ৰ কাংকেৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত দুজন নক্সালবাদী নেতাক গুলীয়াই হত্যা কৰা হয়(Two ultras gun down in Kanker region ) । আৰক্ষীয়ে জনোৱা মতে, সেই স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভাণ্ডাৰো উদ্ধাৰ কৰা হৈছে(BSF and DRG forces involved in operation ) ।

bsf-soldiers-police-gun-down-two-rebels-in-kanker-region-of-chhattisgarh
Kanker encounter: আৰক্ষীৰ গুলীত নিহত দুই নক্সালবাদী নেতা

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: দেশত অব্যাহত আছে নক্সাল বিৰোধী অভিযান (Anti Naxal campaign)৷ সোমবাৰে ছত্তীশগড়ৰ বাষ্টাৰ অঞ্চলৰ কাংকেৰ জংঘলৰ গভীৰত সংঘটিত হয় মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী ৷ সীমান্ত সুৰক্ষা বাহিনী ৮১ বেটেলিয়ন আৰু জিলা সংৰক্ষিত গোটৰ জোৱানে যৌথভাবে চলায় এই নক্সাল বিৰোধী অভিযান ৷ এই অভিযানত দুজন বিদ্ৰোহী নেতাক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে (Two ultras gun down in Kanker region )।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰীৰ এটা বিশাল ভাণ্ডাৰ । প্ৰতাপপুৰ এলেকা কমিটিৰ সদস্য হোৱাৰ লগতে নিষিদ্ধ সংগঠন চিপিআই(মাওবাদী)ৰ উত্তৰ বস্তাৰ সংমণ্ডল সমিতিৰ সৈতে জড়িত হৈ থকা ডিভিচিৰ সদস্য দৰ্শন পাড্ডা বুলি চিনাক্ত কৰা হৈছে মৃতজনক আৰক্ষীয়ে চিনাক্ত কৰিছে ।

  • Kanker, Chhattisgarh | 2 male naxals killed in an encounter with District Reserve Guard (DRG) near Kadme Village under Siksod Police Station limit. Huge amount of arms, ammunition and Naxal-related things recovered. Search operation underway: IG Bastar P Sundarraj

    (File pic) pic.twitter.com/fqXFX7aX1s

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) October 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

কাংকাৰৰ আৰক্ষী অধীক্ষক শলাভ সিনহাই সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গভীৰ নিশাৰ পৰা ছত্তীশগড়ৰ কাংকেৰ অঞ্চলত নক্সাল বিৰোধী অভিযান চলাই থকাৰ বিষয়ে জানিবলৈ দিয়ে (Kanker SP Shalabh Sinha confirms)। বি এছ এফৰ ৮১ বেটেলিয়ন আৰু জিলা ৰিজাৰ্ভ গ্ৰুপৰ জোৱানৰ যৌথ দলে ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলত চলাইছিল মাওবাদবিৰোধী অভিযান(BSF and DRG forces involved in operation )৷ অভিযানৰ সময়ছোৱাত সোমবাৰে দুজন বিদ্ৰোহী নেতাক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে বুলি অভিযানৰ নেতৃত্বত থকা আৰক্ষী অধীক্ষক শলাভ সিনহাই জানিবলৈ দিয়ে । কমেও দুঘণ্টা পৰ্যন্ত চলে আৰক্ষীৰ এই অভিযান ৷ অৱশ্যে অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলটো প্ৰত্যক্ষ কৰাৰ পাছতে বিদ্ৰোহী নেতাসকলে সংঘৰ্য আধাতে সামৰে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷

অভিযানকালত মৃত্যু হোৱা লোকজনক দৰ্শন পড্ডা বুলি চিনাক্ত কৰাৰ লগতে কেইবাটাও গোচৰত অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Darshan Padda killed in Bastar encounter) । আৰক্ষীয়ে বিচাৰি থকা দৰ্শন পড্ডাই অঞ্চলটোত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । তেওঁৰ হত্যাৰ ফলত অঞ্চলটোত উগ্ৰপন্থী কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস পাব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

অৱশ্যে অভিযানকালত মৃত্যু হোৱা আনগৰাকী বিদ্ৰোহীৰ পৰিচয় বৰ্তমানেো জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক শলাভ সিনহাই । আৰক্ষীয়ে বিদ্ৰোহী নেতাগৰাকীৰ পৰিচয় জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰাৰ লগতে অভিযানস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰীৰ এটা বিশাল ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: National Unity day 2022: দুপৰীয়া পৰ্যন্ত ৰঙিয়াত পালন কৰা নহ’ল ৰাষ্ট্ৰীয় একতা দিৱস

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.