ETV Bharat / bharat

ভাৰত-পাক সীমান্তত বি এছ এফে আৰম্ভ কৰিছে অপাৰেচন চাৰ্ড হাৱা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:50 PM IST

Operation Sard Hawa: সাধাৰণতে গণৰাজ্য দিৱস উদযাপনৰ ১০ দিন পূৰ্বে ভাৰত-পাক সীমান্ত সতৰ্কবাণী জাৰি কৰা হয় । কিন্তু ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেকৰ বাবে চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ ১৫ দিন পূৰ্বে জাৰি কৰা হৈছে সতৰ্কবাণী ।

BSF issues Operation Sard Hawa
BSF issues Operation Sard Hawa

নিউজ ডেস্ক, ১৬ জানুৱাৰী: ‘অপাৰেচন চাৰ্ড হাৱা’ ক’ডনামেৰে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ ভাৰত-পাক সীমান্তত ১৫ দিনীয়া বিশেষ সতৰ্কবাণী জাৰি কৰিছে । জম্মু-কাশ্মীৰ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থানকে ধৰি পাকিস্তানৰ সৈতে নিজৰ সীমান্ত ভাগ কৰা চাৰিওখন ৰাজ্যতে সতৰ্কতা জাৰি কৰা হৈছে ।

চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি বিএছএফৰ সূত্ৰই মঙলবাৰে ইটিভি ভাৰতক জনোৱা মতে, ২৬ জানুৱাৰীৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তত ছয় ধৰণৰ সন্ত্ৰাসবাদী ভাবুকিৰ সৃষ্টি হৈছে । সূত্ৰই জনোৱা মতে, ‘‘পাকিস্তান ৰেঞ্জাৰ্ছ আৰু আই এছ আইয়ে জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে বিদেশী সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা লঞ্চ পেডসমূহৰ ভিতৰত অন্যতম ‘মাছৰূৰ বাদা ভাই’ৰ জৰিয়তে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰক্ৰিয়াত সহায় কৰিছে ।’’

‘‘পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে চীনত নিৰ্মিত ড্ৰ’নৰ জৰিয়তে ড্ৰাগছৰ লগতে চীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বৃহৎ পৰিমাণে ভাৰতলৈ প্ৰেৰণ কৰিছে । পাকিস্তানৰ ৰেঞ্জাৰ আৰু আই এছ আইয়ে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ পৰিবহণতো সহায় কৰি আছে ।’’ সূত্ৰই জনায় । সাধাৰণতে গণৰাজ্য দিৱস উদযাপনৰ ১০ দিন আগতেই এনে সতৰ্কবাণী জাৰি কৰা হয় । ‘‘অৱশ্যে যিহেতু আমি ২২ জানুৱাৰীত ৰাম মন্দিৰ অভিষেক কৰি আছো, গতিকে গণৰাজ্য দিৱসৰ ১৫ দিন পূৰ্বে এই সতৰ্কবাণী জাৰি কৰা হৈছে ।’’ সূত্ৰটোৱে লগতে উল্লেখ কৰে ৷

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তানৰ আই এছ আইয়ে ড্ৰ’ন ব্যৱহাৰ কৰি পঞ্জাৱ আৰু ৰাজস্থানত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ যোগান ধৰাত সন্ত্ৰাসবাদী সংগঠনসমূহক সক্ৰিয়ভাৱে সহায় কৰি আছে ।

‘‘ভাৰত-পাকিস্তান সীমান্তৰ আটাৰী সীমান্ত, কৰতাৰপুৰ ক’ৰিডৰ আৰু হুছেইনীৱালা সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে । সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ পথ হিচাপে কাম কৰিব পৰা জম্মু-পঞ্জাৱৰ নদী অঞ্চলৰ আশেপাশেও বি এছ এফে সতৰ্কতা বৃদ্ধি কৰিছে । যিকোনো নিৰাপত্তা ভংগ বা সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰিবলৈ ইলেক্ট্ৰনিক চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে ।’’ সূত্ৰত প্ৰকাশ ।

জম্মু-কাশ্মীৰ খণ্ডৰ ১৩ টা সৰু পানী বৈ যোৱা নিজৰা আৰু তিনিখন ডাঙৰ নদীৰ কাষত নিৰাপত্তা আৰু চোৰাংচোৱা বৃদ্ধি কৰা হৈছে । সূত্ৰই জনোৱা মতে, পঞ্জাৱ খণ্ডৰ নদীৰ পাৰৰ অঞ্চলসমূহতো একেধৰণৰ ব্যৱস্থা তীব্ৰতৰ কৰা হৈছে । গুজৰাটৰ মাজেৰে লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিব পাৰে বুলি চোৰাংচোৱা তথ্যৰ পিছতে গুজৰাটত অল টেৰেইন ভেহিকেল (এটিভি)ৰ টহল বৃদ্ধি কৰিছে ।

লগতে পঢ়ক: ভক্তিৰ সাগৰলৈ ৰূপান্তৰিত হৈছে অযোধ্যা, জ্বলিছে 108 ফুট দীঘল ধূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.