ETV Bharat / bharat

বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশী - বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশীক

অজানিতে আন্তৰ্জাতিক সীমা অতিক্ৰম কৰাৰ সময়ত বাংলাদেশী নাগৰিক দুজনক ৮ মাৰ্চত বিএছএফে আটক কৰিছিল । অৱশেষত মঙলবাৰে বিএছএফে দুয়োজনকে বাংলাদেশৰ সীমান্তৰক্ষীক হস্তান্তৰ কৰে ।

বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশীক

author img

By

Published : Mar 10, 2021, 4:34 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত বাংলাদেশৰ সীমান্ত ৰক্ষী বাহিনীক (বিজিবি) ভাৰতৰ সীমান্ত ৰক্ষী বাহিনীয়ে (বিএছএফ) হস্তান্তৰ কৰে দুগৰাকী বাংলাদেশৰ নাগৰিকক । দক্ষিণ বংগ সীমান্তত মঙলবাৰে এক ফ্লেগ মিটিঙৰ সময়ত এই হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।

উল্লেখ্য যে, অজানিতে আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰাৰ সময়ত বাংলাদেশী নাগৰিক দুজনক ৮ মাৰ্চত বিএছএফে আটক কৰিছিল । নাগৰিক দুজন ক্ৰমে আছান হাবিব ৰাজু আৰু সন্দীপ দাস । দুয়োগৰাকীয়ে কানাইঘাট জিলাৰ বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা হৈছে । স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকৰ পৰা উদ্ধাৰ কৰা সকলো সামগ্ৰীৰ সৈতে নাগৰিক দুজনক বাংলাদেশৰ সীমান্ত ৰক্ষী বাহিনীৰ হাতত হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক: ইম্ফলত 20 গৰাকীকৈ নিসিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ আত্ম সমৰ্পণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.