ETV Bharat / bharat

সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

সন্তোষ পাণ্ডেৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত বৈজনাথ মাহাতো সহ আন ৭ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড ৷ উচ্চতম ন্যায়লয়ে ঘোষণা কৰিছে এই কথা ৷

সন্তোষ পাণ্ডেৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

author img

By

Published : Jan 13, 2021, 10:19 AM IST

নেশ্যনেল ডেস্ক,13জানুৱাৰী : সন্তোষ পাণ্ডেৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ ৷ সন্তোষ পাণ্ডেৰ হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত আদালতে ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী জগৰনাথ মাহাতোৰ ভাতৃ বৈজনাথ মাহাতোকে ধৰি ৭ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷

উল্লেখ্য যে, 2014 চনৰ মাৰ্চ মাহত পাণ্ডেক হত্যা কৰা হৈছিল ৷ পাণ্ডেৰ হত্যাকাণ্ডৰ ঘটনাৰ লগত 10 জন লোক জড়িত হৈ থকা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত বৈজনাথ মাহাতো আছিল অন্যতম ৷

ইফালে, আন 9 জন অভিযুক্তৰ তিনিজনৰ বিৰুদ্ধে নাছিল কোনো প্ৰমাণ ৷ যাৰ বাবে এই তিনিজনৰ ক্ষেত্ৰত গ্ৰহণ কৰা হোৱা নাছিল কোনো ব্যৱস্থা ৷ বৈজনাথ মাহাতো, গণেশ ভাৰতী, নেমি পুৰী, কৈলাশ পুৰী, জিতেন্দ্ৰ পুৰী, নীৰজ পুৰী আৰু কেৱাল মাহাতোক ২০২১ চনৰ ৪ জানুৱাৰীত আদালতৰ তৰফৰ পৰা দোষী ঘোষণা কৰা হৈছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি, সন্তোষ পাণ্ডে এগৰাকী কিশোৰীৰ সৈতে পলাই গৈছিল আৰু এই ঘটনাৰ বাবেই বৈজনাথ মাহাতোৱে প্ৰহাৰ কৰিছিল পাণ্ডেক । যাৰ ফলত ডিভিচি চন্দ্ৰপুৰা চিকিৎসালয়ত মৃত্যু হৈছিল সন্তোষ পাণ্ডেৰ ।

অন্য এক খবৰৰ বাবে: ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.