ETV Bharat / bharat

সামান্য কথাতে ভগ্নী আৰু ভগ্নীৰ স্বামীক হত্যা কৰিলে ভাতৃয়ে

সামান্য কাজিয়াৰ বাবে আত্মীয়ৰ হাতত প্ৰাণ হেৰুৱালে এটা দম্পতীয়ে ৷ জানক ঘটনাৰ সবিশেষ...

Brother killed sister and brother in law
সামান্য কথাতে ভগ্নী আৰু ভগ্নীৰ স্বামীক হত্যা কৰিলে ভাতৃয়ে
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 5:20 PM IST

নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : দেওবাৰে নিশা পঞ্জাৱৰ ভটিণ্ডাৰ তুংৱালী গাঁৱত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ সামান্য কাজিয়াৰ বাবে আত্মীয়ৰ হাতত প্ৰাণ হেৰুৱালে এটা দম্পতীয়ে ৷ এই ঘটনাৰ পিচতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, বেয়ন্ত কৌৰ নামৰ যুৱতীগৰাকীয়ে তুংৱালী গাঁৱত তেওঁৰ পৰিয়ালৰ লগত বাস কৰে ৷ জানিব পৰামতে তেওঁ জগমিত সিং নামৰ এজন যুৱকৰ লগত 2019 চনতেই আইনমতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ জগমিত পেছাত এগৰাকী কনিষ্টবল ৷ দুুয়ো বিবাহপাশত আৱদ্ধ হৈছিল যদিও যুৱতীগৰাকীয়ে মাতৃৰ গৃহতেই বাস কৰি আছিল ৷

পূৰ্বৰ দৰেই শনিবাৰে মাজনিশা জগমিতে তেওঁৰ পত্নী বেয়ন্তক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহিছিল ৷ কিন্তু তেনেকুৱাতে বেয়ন্তৰ ভাতৃৰ লগত জগমিতৰ তৰ্কযুদ্ধ হয় ৷ ক্ৰমাৎ এই কাজিয়াই চূড়ান্ত ৰূপ লয় ৷ বেয়ন্তকে দুয়োকে ৰখাবলৈ চেষ্টা কৰিছিল যদিও দুয়োজনে হতাহতি কৰিবলৈ উদ্যাত হয় ৷ ফলত এই কাজিয়াৰ পৰিণতিত ভাতৃয়ে বেয়ন্তৰ লগতে জগমিতত হত্যা কৰে ৷ লগতে এই ঘটনাত বেয়ন্তৰ ভাতৃৰ সৈতে পিতৃ আৰু মাতৃ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি সোধা-পোছা আৰম্ভ কৰিছে ৷ এই ঘটনা সন্দৰ্ভত ডিএছপি ভুচো ৰশ্পাল সিঙে কয় যে, কনিষ্টবল জগমিত সিঙে ২০১৯ চনত বেয়ন্ত কৌৰৰ সৈতে আদালতত আইনী ৰীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু বেয়ন্ত কৌৰে তেওঁৰ পৰিয়ালৰ লগত দীৰ্ঘদিন ধৰি বাস কৰিছিল ৷ অপৰাধীসকলক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।

বৰ্তমান আৰক্ষীয়ে পৰিয়ালৰ তিনিজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে লগতে জনোৱা অনুসৰি, দোষী সাব্যস্ত হোৱা অভিযুক্তৰ বিৰুদ্ধে ভাৰতীৰ দণ্ডবিধিৰ ৩০২ ৰ অধীনত গোচৰ ৰুজু কৰা হ'ব আৰু উপযুক্ত ব্যৱস্থা লোৱা হ'ব।

লগতে পঢ়ক: প্ৰেমিকাক হত্যা কৰি হোৱাটছএপত ষ্টেটাছ লগালে যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.