ETV Bharat / bharat

Boy committed suicide at Daspur : পিতৃয়ে ধমক দিয়াৰ বাবেই কিশোৰ পুত্ৰৰ আত্মহনন - পিতৃৰ অনুশাসনৰ বোজা

কোন দিশে আজি যুৱ প্ৰজন্ম ? একাংশৰ বাবে পিতৃ-মাতৃৰ অনুশাসনো আজিৰ দিনত বোজা হৈ পৰিছে ৷ তাৰেই প্ৰমাণ এজন 14 বছৰীয়া কিশোৰ ৷ পিতৃৰ সাধাৰণ ধমকতে নিজ গৃহতে আত্মহননৰ পথ বাচি ল’লে কিশোৰটিয়ে (Boy committed suicide after father cruse him for hair style at Daspur) ৷

Boy committed suicide at Daspur
পিতৃৰ অনুশাসনৰ বোজা সহ্য কৰিব নোৱাৰি পুত্ৰৰ আত্মহনন
author img

By

Published : Dec 11, 2022, 2:21 PM IST

নেশ্যনেল ডেস্ক, 11 ডিচেম্বৰ : প্ৰজন্মৰ অসহিষ্ণুতা ৷ পিতৃৰ সাধাৰণ ধমকতে পুত্ৰই ল’লে চৰম সিদ্ধান্ত ৷ মূহুৰ্ততে ধ্বংস হ’ল এটা সুখৰ পৰিয়াল ৷ অকালতে পুত্ৰক হেৰুৱাই দিশহাৰা হৈ পৰিছে পিতৃ ৷

এইবাৰ ঘটনাৰ স্থান পশ্চিমবংগৰ দাসপুৰ থানাৰ চালামপুৰ ৷ আধুনিকতাৰ কৰাল গ্ৰাসত পৰি চালামপুৰৰ এজন 14 বছৰীয়া কিশোৰে আধুনিক ফেশ্বনত চুলি কাটিছিল ৷ চুলি কটাৰ ষ্টাইলটো পচন্দ কৰা নাছিল কিশোৰটিৰ পিতৃয়ে ৷ যাৰ বাবে কিশোৰটিক কিছু ধমকৰ সুৰত এনে ষ্টাইলৰ পুনাৰাবৃত্তি নকৰিবলৈ পিতৃয়ে নিৰ্দেশ দিছিল ৷

পিতৃৰ ধমকে গভীৰভাৱে আঘাত কৰিছিল কিশোৰটিক ৷ খঙৰ ভমকত একো নাই হৈ কিশোৰটিয়ে 9 ডিচেম্বৰ অৰ্থাৎ শুকুৰবাৰে বিয়লি আত্মহননৰ পথ বাচি লয় (Boy committed suicide after father cruse him for hair style) ৷ এই ঘটনাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় দাসপুৰ আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই দাসপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ তথ্য অনুসৰি, নিহত কিশোৰটি দাসপুৰৰ 1 নং ব্লকৰ ব্ৰহ্মণ বাসন হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷

জানিব পৰা মতে, কিছু দিন পূৰ্বে কিশোৰটিয়ে এখন চিনেমা চাইছিল ৷ সেই চিনেমাখনত হিৰ’গৰাকীয়ে এক অদ্ভূত ধৰণৰ চুলিৰ ষ্টাইল কৰিছিল ৷ সেই হিৰ’গৰাকীৰ চুলিৰ ষ্টাইলটো পৰৱৰ্তী সময়ত চালামপুৰৰ অধিকাংশ কিশোৰে অনুশৰণ কৰিছিল ৷ অঞ্চলটোৰ জ্যেষ্ঠসকলক দেখি কিশোৰটিয়েই সেই ষ্টাইলতে চুলি কাটে ৷

কিশোৰটিৰ চুলিৰ ষ্টাইলটো দেখি তেওঁৰ পিতৃয়ে কিছু ধমক দিছিল ৷ লগতে বুজনি দিছিল যে, এইসময়খিনি এনেধৰণৰ ষ্টাইল কৰাৰ বয়স নহয় ৷ সেয়ে পুনৰ এনেধৰণৰ অদ্ভূত ষ্টাইল নকৰিবলৈ বাধা প্ৰদান কৰে ৷ পিতৃৰ বাধাই যেন কাল কিশোৰটিৰ বাবে ৷ পিতৃয়ে কথাত অতিষ্ট হৈ কিশোৰটিয়ে নিজ গৃহতে আসত্মহননৰ পথ বাচি লয় (Boy committed suicide at Daspur) ৷

লগতে পঢ়ক : Bride committed suicide at Nizamabad : বিবাহৰ কেইমূহুৰ্তমানৰ পূৰ্বে কইনাৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.