নেশ্যনেল ডেস্ক,8 জানুৱাৰী: বোম্বে উচ্চ ন্যায়ালয়ত ঔৰংগাবাদৰ বিচাৰপীঠে বিভিন্ন সংবাদ মাধ্যমত দেৱ-দেৱীৰ নামত বিজ্ঞাপন প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰে ৷ বিচাৰপতি টি.ভি নালাৱাদে আৰু এম.এছ সেৱালিকাৰে এই নিষেধাজ্ঞাৰ শুনানি জাৰি কৰে ৷ যিসকলে এই সামগ্ৰীসমূহ প্ৰস্তুত, বিক্ৰী বা প্ৰচাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে ‘অঘোৰী আইন’ আৰু ‘ক’লা যাদু আইন 2013’ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব ৷ ইয়াৰ উপৰিও ঔৰংগাবাদ বিচাৰপীঠক এমাহৰ ভিতৰত এই সন্দৰ্ভত অবগত কৰিব লাগিব ৷
ভগৱানৰ নামত জালিয়াতি
ধৰ্মৰ নামত সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰচাৰ হৈ আহিছে যে, হনুমান চলিচা আৰু দেৱীৰ যন্ত্ৰ আদিয়ে সমৃদ্ধি কঢ়িয়াই আনে ৷ কিন্তু ৰাজ্য চৰকাৰৰ অঘোৰী আইন আৰু ক’লা যাদু আইন 2013ৰ অধীনত এই ধৰণৰ বিজ্ঞাপনসমূহ কোনো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব নোৱাৰে ৷ এই সন্দৰ্ভতে ঔৰংগাবাদৰ CIDCO অঞ্চলৰ বাসিন্দা ৰাজেন্দ্ৰ গণপতৰাও অম্ভোৰ নামৰ এজন ব্যক্তিয়ে 2015 চনতে ঔৰংগাবাদ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছিল ৷
অন্ধবিশ্বাস নিৰ্মূল কৰাৰ বাবে ক’লা যাদু আইন 2013 খন প্ৰণয়ন কৰা হৈছিল ৷ ইয়াৰ বাবে প্ৰতিখন আৰক্ষী চকীতে এই বিষয়সমূহ নিৰীক্ষণ কৰাৰ বাবে এজনকৈ বিষয়াৰ লগতে আৰক্ষী নিয়োগ কৰা হৈছিল ৷ আবেদনকাৰীয়ে এই ধৰণৰ অন্ধবিশ্বাস সমূহ আইনৰ দ্বাৰা নিষিদ্ধ কৰাৰ বাবে দাবী জনাইছিল ৷
আদালতে ঘটনাটোৰ মতামত গ্ৰহণ কৰিছে
আবেদনকাৰী ৰাজেন্দ্ৰ গণপতৰাও অম্ভোৰে পৰৱৰ্তী সময়ত বিচাৰপীঠক আবেদনখন উঠাই লোৱাৰ বাবে অনুৰোধ জনায় ৷ কিন্তু বিচাৰপীঠে এই বিষয়টো সমাজৰ বাবে প্ৰয়োজনীয় হোৱা বাবে ইয়াৰ শুনানি অব্যাহত ৰাখে ৷ আদালতক সহযোগ কৰাৰ বাবে জ্যেষ্ঠ অধিবক্তা বিজয় কুমাৰ চাপকালক নিয়োগ কৰা হয় ৷ আনহাতে, চৰকাৰৰ হৈ সহকাৰী চৰকাৰী প্ৰচিকুউটৰ মহেন্দ্ৰ নাৰলিকাৰ আৰু কেন্দ্ৰৰ হৈ ডি.জি নাগোড়েই সহযোগিতা আগবঢ়ায় ৷
লগতে পঢ়ক-পৰৱৰ্তী প্ৰায় তিনিমাহৰ ভিতৰত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব অসামৰিক বিমান খণ্ড