ETV Bharat / bharat

শিৰদী সংস্থানক পৰীক্ষাগাৰ-অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ - কৰ'ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা

কৰ'ণাত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আহি পৰা সমস্যা সমাধানৰ এক পদক্ষেপ হিচাপে নতুন ক'ভিড-১৯ পৰীক্ষাগাৰ আৰু অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰিবলৈ শিৰদী চাইবাবা সংস্থানক নিৰ্দেশ দিলে বম্বে উচ্চ ন্যায়ালয়ে । সংস্থানে সকলো আইনী নীতি-নিৰ্দেশনা মানি চলিব লাগিব আৰু পৰীক্ষাগাৰ স্থাপনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি ল'ব লাগিব ।

শিৰদী সংস্থানক পৰীক্ষাগাৰ আৰু অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ

author img

By

Published : Apr 24, 2021, 11:45 AM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: মহাৰাষ্ট্ৰত এফালে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ আছে, আনফালে অক্সিজেনৰ অভাৱত চিকিৎসালয়ত ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । এনে সংকটৰ সময়তে বম্বে উচ্চ ন্যায়ালয়ে অক্সিজেনৰ চাহিদা পূৰণত সহায় হোৱাকৈ শিৰদী চাইবাবা সংস্থানক অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰিবলৈ নিৰ্দেশ দিছে । লগতে এটা নতুন ক'ভিড-১৯ পৰীক্ষাগাৰ স্থাপন কৰিবলৈও ন্যায়লয়ে নিৰ্দেশ জাৰি কৰে । লগতে প্ৰশাসনক ঔৰংগাবাদ জিলাৰ চৰকাৰী চিকিৎসালয়সমূহত যুদ্ধকালীনভাৱে অক্সিজেন যোগান ধৰিবলৈও নিৰ্দেশ দিয়ে আদালতে ।

এই নিৰ্দেশ জাৰি কৰি ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু ন্যায়াধীশ এছ ডি কুলকাৰ্ণীক লৈ গঠিত বিচাৰপীঠে শিৰদী চাইবাবা সংস্থানক পৰীক্ষাগাৰ স্থাপনৰ অনুমতি প্ৰদান কৰে । ১.০৫ কোটি টকা ব্যয় সাপেক্ষে পৰীক্ষাগাৰটো স্থাপন কৰা হ'ব আৰু ইয়াত ক'ভিড আৰু আন ৰোগৰে সম্পৰ্কিত পৰীক্ষাবোৰো সম্পন্ন কৰা হ'ব । সঞ্জয় কালেই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে সংস্থানৰ সঞ্চালকক পৰীক্ষাগাৰ স্থাপনৰ বাবে যথাযথ প্ৰক্ৰিয়া মানি চলিবলৈ নিৰ্দেশ দিয়ে ।

ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ জৰিয়তে কালেই ভক্তি নিৱাস আৰু মন্দিৰ ন্যাসৰ আন ভৱনবোৰ এখন সুসজ্জিত চিকিৎসালয়লৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছিল । মহাৰাষ্ট্ৰ চৰকাৰে যুক্তি দিছিল যে, ট্ৰাষ্টে ইতিমধ্যে ক'ভিড-১৯ ৰোগীসকলৰ বাবে ভৱন নিৰ্ধাৰণ কৰিছে আৰু তেওঁলোকৰ চিকিৎসা কৰি থকা হৈছে । এই ভৱনবোৰত ৰোগীসকলৰ বাবে প্ৰায় ৫২০ খন বিচনা উপলব্ধ হৈ আছে । ৰাজ্য চৰকাৰে আদালতক ইয়াকো কৈছিল যে, সংস্থানে নাৰ্ছ, অন্যান্য কৰ্মচাৰী আৰু চিকিৎসককো ইয়াত নিয়োগ কৰিছিল ।

চুক্তি অনুসৰি, যদি খালী পদ পূৰণৰ বাবে অনুমতি অস্বীকাৰ কৰা হয়, তেন্তে নাৰ্ছ আৰু চিকিৎসকসকলক অধিক নিযুক্তি দিব পৰা নাযাব । কিছুমান কৰ্মচাৰীক ইতিমধ্যে আৰ টি-পি চি আৰ পৰীক্ষা কৰা কামত নিয়োজিত কৰা হৈছে । ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ দ্বাৰা সঞ্জয় কালেই সংস্থানৰ পৰা ক'ভিড ৰোগীসকলৰ বাবে ঔষধ আৰু অন্যান্য সুবিধা বিচাৰিছিল ।

লগতে পঢ়ক: পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ বঞ্চিত শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.