ETV Bharat / bharat

Chamba road accident : হিমাচলত শোকাৱহ পথ দুৰ্ঘটনা, ৬ আৰক্ষীসহ ৭ জনৰ মৃত্যু - Chamba road accident

হিমাচল প্ৰদেশৰ চম্বা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই খাদত পৰিল যাত্ৰী ভৰ্তি বাহন । বাহনখনত থকা ৬ আৰক্ষী জোৱান আৰু চালকৰ মৃত্যু । আহত ৪ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Chamba road accident
হিমাচলত শোকাৱহ পথ দুৰ্ঘটনা
author img

By

Published : Aug 11, 2023, 6:57 PM IST

নেশ্যনেল ডেস্ক,১১ আগষ্ট : হিমাচল প্ৰদেশত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা । দ' খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বলেৰ’ বাহন । পথ দুৰ্ঘটনাটোত হিমাচল আৰক্ষীৰ ৬ গৰাকী জোৱান আৰু বাহনখনৰ চালক নিহত হয় । আন ৩ জন আৰক্ষী জোৱানসহ ৪ জনক জৱাহৰলাল নেহৰু চিকিৎসা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাটোক লৈ সমগ্ৰ হিমাচল প্ৰদেশত শোকৰ ছাঁ পৰিছে ।

দুৰ্ঘটনাটো চম্বা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । তিছাৰ পৰা বৈৰাগড়লৈ গৈ থকা অৱস্থাতে তৰৱাইৰ সমীপত দুৰ্ঘটনাত পতিত হয় বাহনখন । নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন ১০০ মিটাৰ গভীৰ খাদত পৰে । বাহনখনত হিমাচল আৰক্ষীৰ কেইবাগৰাকী জোৱান আৰু সাধাৰণ নাগৰিক আছিল । দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৬ আৰক্ষী জোৱান আৰু বাহনখনৰ চালক । আনফালে আহতসকলৰ ভিতৰত এজন স্থানীয় লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, বলেৰ’ বাহনখনত ১১ জন লোক আছিল । তাৰ ভিতৰত আছিল ৯ গৰাকী আৰক্ষী, এজন চালক আৰু এজন স্থানীয় লোক । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক খাদৰ পৰা উদ্ধাৰ কৰা হয় । একে সময়তে, দুৰ্ঘটনাটো কেনেকৈ ঘটিল ? আৰক্ষীয়ে ইয়াৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে চুৰা বিধানসভাৰ বিধায়ক হংসৰাজেও ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাটোৰ বিষয়ে ৰাইজৰ পৰা তথ্য সংগ্ৰহ কৰে ।

দুৰ্ঘটনাটোৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে শোকপ্ৰকাশ কৰিছে । সমান্তৰালকৈ দুৰ্ঘটনাটোৰ উচিত তদন্তৰো ঘোষণা কৰে । বিৰোধী নেতাসকলেও ৬ আৰক্ষীৰ জোৱানৰ মৃত্যুত শোকপ্ৰকাশ কৰাৰ লগতে লোক নিৰ্মাণ বিভাগক তীব্ৰ সমালোচনা কৰিছে । প্ৰকৃতিৰ ৰোষত পৰা হিমাচলত নিৰন্তৰভাৱে পাহাৰ খহি থকাৰ পাছতো লোক নিৰ্মাণ বিভাগে পথৰ মেৰামতিৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক :Pakistani intruders killed : পঞ্জাৱ সীমান্তত পুনৰ বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.