ETV Bharat / bharat

Arunachal Landslide: ভূমিস্খলনত নিখোজ হোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ - Body of missing girl recovered in landslide

যোৱা ২৮ জুনত দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হলঙিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslides triggered by heavy rainfall in Arunachal Pradesh)৷ শনিবাৰে উদ্ধাৰকাৰী দলে এই ঘটনাত নিখোজ হৈ থকা এগৰাকী 28 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Deadbody rescue at Itanagar) ৷ এতিয়াও নিখোজ হৈ থকা দুজনৰ সন্ধানত অৰুণাচল প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

deadbody-rescue-at-itanagar
ভূমিস্খলনত নিখোজ হোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 2, 2022, 1:32 PM IST

ইটানগৰ, 2 জুলাই: প্ৰকৃতিৰ ৰোষত উত্তৰ-পূৰ্বাঞ্চল ৷ অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ এতিয়াও বহুকেইখন জিলা পানীৰ তলত (Flood in Assam 2022) । ইফালে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, অৰুণাচলতো অব্যাহত আছে ধাৰাসাৰ বৰষুণ ।

যোৱা ২৮ জুনত দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ সংযোগী ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হলঙীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslides triggered by heavy rainfall in Arunachal Pradesh)৷

ভূমিস্খলনত নিখোজ হোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ

এই ভূমিস্খলনৰ ফলত 9 জনীয়া এটা পৰিয়ালৰ বাসগৃহ পানীয়ে উটুৱাই লৈ যায় ৷ ইয়াৰ পিছতে 6 গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও তিনিগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল ৷ নিখোজ কেইজন একেটা পৰিয়ালৰ খিলং বনি, খিলং টাপক, আৰু খিলং মাৰগ বুলি জানিব পৰা গৈছে । অৱশেষত শনিবাৰে উদ্ধাৰকাৰী দলে এই ঘটনাত নিখোজ হৈ থকা এগৰাকী 28 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Deadbody rescue at Itanagar) ৷ এতিয়াও নিখোজ হৈ থকা দুজনৰ সন্ধানত অৰুণাচল প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে বিগত সময়চোৱাত নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়ে ৰাজ্যখনৰ কেইবাখনো জিলাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগৰ তথ্য অনুসৰি যোৱা 30 জুনলৈকে ৰাজ্যখনত 17 জন লোকে ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ সচিব ডেনি চলোঁৱে ইটিভি ভাৰতক জনায় যে এই সময়ছোৱাত পাহাৰীয়া ৰাজ্যখনত 100 ৰো অধিক সৰু বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।

ইয়াৰ সমান্তৰালকে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন বিভাগৰ 12 নং এন ডি আৰ এফয়ে ভূমিস্খলন হোৱা অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে 415 নং ৰাষ্ট্ৰীয় ঘাই পথৰ হলঙিৰ পৰা ইটানগৰ সংযোগী পথত চিম্পুৰ ওচৰত পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে যদিও ক্ষিপ্ৰতাৰে মেৰামতি কৰি পথটো মুকলি কৰা হৈছে ।

লগতে পঢ়ক : Landslide in Manipur: তিনিদিনে সন্ধান নাই নলবাৰীৰ ৰাজু আলীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.