ETV Bharat / bharat

ত্ৰিপুৰাত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

author img

By

Published : Jun 20, 2021, 9:42 AM IST

Tripura Board of Secondary Education (TBSE)এ শনিবাৰে 2021 চনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সন্দৰ্ভত এক বিজ্ঞপ্তি প্ৰকাশ কৰে ৷ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, ক’ভিড-19ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সকলো ব'ৰ্ডৰ পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Board exams for 10th and 12th cancelled
মাধ্যমিক তথা উচ্চমাধ্যমিক পৰীক্ষা বাতিল : ত্ৰিপুৰা মধ্যশিক্ষা পৰিষদ

ত্ৰিপুৰা, 20 জুন : ক'ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত বাতিল কৰা হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৷ ৰাজ্যখনত দশম তথা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা সন্দৰ্ভত শনিবাৰে Tripura Board of Secondary Education (TBSE)এ এক বিজ্ঞপ্তি প্ৰকাশ কৰে ৷ বিজ্ঞপ্তিটোত Tripura Board of Secondary Education (TBSE) এ কয় যে, "ক’ভিড-19ৰ জটিল পৰিস্থিতিৰ বাবে 2021 চনৰ 18 মে’ত অনুষ্ঠিত হ’বলগীয়া মাধ্যমিক, হায়াৰ চেকেণ্ডেৰি, মাদ্ৰাছা আলিম ইত্যাদি সকলো পৰীক্ষা বাতিল কৰা হৈছে ৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে সময়ত পৰীক্ষা অনুষ্ঠিত কৰাটোৱে শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিব পাৰে ৷"

বিবৃতিটোত উল্লেখ কৰা মতে, শিক্ষাৰ্থীসকলৰ মূল্যাংকন বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি প্ৰস্তুত কৰা হ’ব আৰু ইয়াৰ ফলাফলসমূহ ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব । যদিহে কোনো শিক্ষাৰ্থী বোৰ্ডে ঘোষণা কৰা ফলাফলক লৈ সন্তোষিত নহয়, তেন্তে তেওঁ অন ডিমাণ্ড পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে ৷

ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে এখন সংবাদমেল সম্বোধন কৰি কয় যে, "ৰাজ্য চৰকাৰে পৰীক্ষা সন্দৰ্ভত পৰীক্ষাৰ্থীসকলৰ পৰা মতামতৰ আহ্বান জনাইছিল । এই মতামতৰ ভিত্তিত ৪৬,০০০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২১,৯৮২ গৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছিল ৷ ৮৩.২৪ শতাংশ শিক্ষাৰ্থীয়ে শাৰীৰিক পৰীক্ষাৰ বিপক্ষে ভোট দিয়াৰ বিপৰীতে বাকী প্ৰাৰ্থীসকলে শাৰীৰিক পৰীক্ষাৰ সপক্ষে ভোট দিছিল । মুঠ 27,000 পৰীক্ষাৰ্থীৰ ভিতৰত 90.6 শতাংশ শিক্ষাৰ্থীয়ে নেতিবাচক মতামত পোষ্ট কৰিছিল । সেয়েহে, শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ মতামত আৰু সমগ্ৰ ক’ভিড-19 সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাসমূহ বাতিল কৰা হৈছে ৷"

লগতে পঢ়ক : ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.