আগৰতলা,30 মাৰ্চ: নতুন ৰাজ্যিক সমিতি গঠনত ধন হৰণ আৰু তুষ্টিকৰণৰ অভিযোগৰ ভিত্তিত বিএমএছ নেতা আৰু একাংশ সমৰ্থকৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ ফলত সোমবাৰে আগৰতলাৰ উডলেণ্ড হোটেলত ট্ৰেড ইউনিয়নৰ দুই পক্ষৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় । দুই পক্ষৰ সংঘৰ্ষৰ ফলত ৰাজ্যিক গোটৰ কেন্দ্ৰীয় পৰ্যবেক্ষক সমীৰ বিশ্বাস আঘাতপ্ৰাপ্ত হয় ।
গোপন সূত্ৰৰ তথ্য অনুসৰি, দেওবাৰে উদয়পুৰত বিএমএছ ত্ৰিপুৰাৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয় । উল্লেখযোগ্য় যে,সন্মিলনৰ সময়চোৱাতে নতুন ৰাজ্যিক সমিতি ঘোষণা কৰা হয় ৷ ইয়াৰ পিছতেই সৃষ্টি হয় সমস্যাৰ ৷ নতুন সমিতি ঘোষণা কৰাৰ পিছতে, নেতাসকলৰ এটা অংশই সভাকক্ষ পৰিহাৰ কৰে, যাৰ ফলত তীব্ৰ হাই-উৰুমিৰ সৃষ্টি হয় ।
![আগৰতলাৰ উডলেণ্ড হোটেলত ট্ৰেড ইউনিয়নৰ মাজত সংঘাট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-bms-scuffle_30032021000032_3003f_1617042632_33.jpg)
সংস্থাটোৰ বিসম্বাদীসকলে কয় যে, "বিএমএছৰ নিয়ম অনুসৰি, পূৰ্বতে সম্পাদক-সভাপতিৰ পদবোৰ সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ প্ৰতিনিধিসকলে পূৰণ কৰিছিল । কিন্তু, এই বছৰ দুয়োটা পদ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰে আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকলৰ প্ৰতিনিধিত্ব নগণ্য হৈ পৰে" ।
উল্লেখ্য় যে, পুঁজিৰ ব্যৱস্থাপনাতো গুৰুতৰ অনিয়ম হৈছিল । সংস্থাৰ সচিবৰ ভাষণৰ সময়ত, পুঁজিৰ বাৰ্ষিক বেলেন্স শ্বিট বৰ্ণনা কৰাৰ কথা আছিল, কিন্তু সেই গোটেই দিশটোৱেই বাদ পৰি ৰয় বুলি প্ৰকাশ কৰা হয় ৷ বিএমএছৰ সকলো নিয়ম উলংঘন কৰি শংকৰ দেৱ আৰু দিগ্বিজয় ভাৱাল নতুন ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদকৰূপে নিৰ্বাচিত হয় ।
সোমবাৰে, বিদ্ৰোহী নেতাসকলে হোটেল উডলেণ্ডত থকা কেন্দ্ৰীয় পৰ্যবেক্ষক সমীৰ বিশ্বাসক সাক্ষাৎ কৰিবলৈ গৈছিল ৷ নেতাসকলৰ উদ্দেশ্য আছিল তেওঁক বিএমএছ সংবিধানৰ অনিয়ম আৰু উলংঘনৰ বিষয়ে অৱগত কৰা ।
বিশ্বাসে প্ৰথমে তেওঁলোকক লগ কৰিবলৈ অস্বীকাৰ কৰে ৷ কিন্তু, পিছত বিদ্ৰোহী নেতাসকলক কোঠাৰ ভিতৰত আহিবলৈ অনুমতি দিয়ে ৷ ইফালে, নতুন সমিতিৰ ফালৰ পৰা থকা বিএমএছ নেতাৰ এটা দলো সেই কোঠাতে আছিল । সভাত কি ঘটিছিল সেই বিষয়ে তেতিয়াও স্পষ্ট হোৱা নাছিল ৷ কিছু সময়ৰ পিছত দুয়োটা গোটৰ মাজত হতাহতি আৰম্ভ হয় ৷ ঘটনাই ইমানে হিংসাত্মক ৰূপ লয় যে, চাৰিজন লোকক আগৰতলাৰ জিবিপি চিকিৎসালয়ত ভৰ্তি কৰিবলগা হয় ৷ বিশেষ সূত্ৰৰ মতে, বিদ্ৰোহীসকল যোৱাৰ আগতেই পৰ্যবেক্ষকৰ কোঠাত উপস্থিত থকা নেতাসকল তালৈ গৈছিল আৰু বিৰোধীসকলক প্ৰহাৰ কৰিছিল ।
পিছত সন্ধিয়া পূৱ আগৰতলা আৰক্ষী থানাত এখন এজাহাৰ আৰু কাউণ্টাৰ এজাহাৰ দাখিল কৰা হয় ৷ অৱশ্যে, এই গোচৰটোত জড়িত কোনো লোক এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই ।
লগতে পঢ়ক: দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্য