নিউজ ডেস্ক, 29 জানুৱাৰী : দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত শুকুৰবাৰ বিয়লি সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বিশেষ শাখা তথা অগ্নিনিৰ্বাপক বাহিনীৰ দল ৷
ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণৰ প্ৰকৃত কাৰণ বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷ এই পৰ্যন্ত ঘটনাত কোনোলোক হতাহত হোৱাৰ খবৰ লাভ কৰিব পৰা হোৱা নাই ৷ ইফালে ঘটনাস্থলীত কেইখনমান বাহনৰ কিছু ক্ষতিসাধন হোৱা বুলি জানিবলৈ দিছে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ৷ বৰ্তমান সুৰক্ষা বাহিনীয়ে আবদ্ধ কৰি ৰাখিছে সমগ্ৰ অঞ্চলটো ৷
লগতে পঢ়ক : উত্তৰাখণ্ডত ১২৫০০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা