ETV Bharat / bharat

মধ্যপ্ৰদেশত দিপাৱলীৰ ধামাকা দিব বিজেপিয়ে : শিৱৰাজ

author img

By

Published : Nov 5, 2020, 8:55 AM IST

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিৱৰাজ সিং চৌহানে কয় যে, ‘‘ৰাজ্যৰ জনগণ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আছে ৷ 15 মাহৰ ভিতৰত কংগ্ৰেছে কি ধৰণে দুৰ্নীতি কৰিলে সেয়া জনসাধাৰণে দেখিছে ৷ বিজেপি চৰকাৰৰ সকলো আঁচনিয়েই কংগ্ৰেছে বন্ধ কৰি দিছিল ৷ শাসনলৈ অহাৰ পাচত পুনৰ বিজেপিয়ে সকলোধৰণৰ উন্নয়নমূলক কাম আৰম্ভ কৰিছে ৷ সেয়ে জনসাধাৰণে বিজেপিকেই সমৰ্থন কৰিব’’ ৷

cm shivraj
cm shivraj

নিউজ ডেস্ক, 5 নবেম্বৰ : মধ্যপ্ৰদেশ উপনিৰ্বাচনত 28 খন আসনত প্ৰায় 70 শতাংশ ভোটদান হোৱাৰ পাচত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধাবাৰে মত প্ৰকাশ কৰিছে যে, এই উপনিৰ্বাচনত ব্যাপক হাৰত ভোটদান হৈছে আৰু বিজেপিয়ে বিপুলভাৱে জয়লাভ কৰিবলৈ সক্ষম হ’ব ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত চৌহানে কয় যে, ‘‘ৰাজ্যৰ জনগণ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আছে ৷ 15 মাহৰ ভিতৰত কংগ্ৰেছে কি ধৰণে দুৰ্নীতি কৰিলে সেয়া জনসাধাৰণে দেখিছে ৷ বিজেপি চৰকাৰৰ সলো আঁচনিয়েই কংগ্ৰেছে বন্ধ কৰি দিছিল ৷ শাসনলৈ অহাৰ পাচত পুনৰ বিজেপিয়ে সকলোধৰণৰ উন্নয়নমূলক কাম আৰম্ভ কৰিছে ৷ সেয়ে জনসাধাৰণে বিজেপিকেই সমৰ্থন কৰিব’’ ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ‘‘ক’ভিড-19 ৰ ভয়াৱহতাকো নেওচি ব্যাপক হাৰত লোক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৷ এইয়াই হৈছে গণতন্ত্ৰৰ শক্তি ৷ যিদৰে অধিক হাৰত ভোটদান হৈছে, সেইদৰেই জয়লাভ কৰিব বিজেপিয়ে ৷ উৎসাহেৰে বিজেপিক ভোটদান কৰা বাবে ভোটাৰ সকলক ধন্যবাদ জনাইছোঁ’’ ৷

পূৰ্বৰ মুখ্যমন্ত্ৰী কমল নাথ সম্পৰ্কত চৌহানে কয় যে, এইটোয়েই হ’ল কংগ্ৰেছৰ কথা, তেওঁলোকে আনৰ সৈতে কি কৰিব লাগে ৷ তেওঁ ভাবিছিল যে, তেওঁৰ মানুহ খিনিয়েই যঠেষ্ট ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে দোহাৰে যে, এইবাৰৰ দিপাৱলী জনসাধাৰণৰ বাবে আনন্দময় হ’ব ৷ দিপাৱলীত বিজেপিয়ে ধামাকা মাৰিব ৷

উল্লেখ্য যে, 3 নবেম্বৰত অনুষ্ঠিত হোৱা 28 খন আসনৰ উপ নিৰ্বাচনে নিৰ্ধাৰণ কৰিব কোনটো দল বহিব মধ্য প্ৰদেশৰ ৰাজপাটত ৷ যদিওবা 69.41 শতাংশ ভোটদান হোৱাৰ পাচতে মুখ্য়মন্ত্ৰী শিবৰাজ সিং চৌহানে তেওঁৰেই জয় হ’ব আৰু জনতাই তেওঁকেই বিশ্বাস কৰিছে বুলি দৃঢ়তা প্ৰকাশ কৰিছে ৷ এতিয়া 10 নবেম্বৰত কাৰ ভাগ্য সুপ্ৰসন্ন হয় সেয়া লক্ষণীয় হ’ব ৷ 28 খন খালী আসনৰ বাবে এই উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল মধ্যপ্ৰদেশত ৷ 230 গৰাকী সদস্য থাকিবলগীয়া মধ্যপ্ৰদেশৰ বিধান সভাত সদস্য আছিল 202 গৰাকী ৷ ইয়াৰে 107 গৰাকী বিজেপিৰ, 88 গৰাকী কংগ্ৰেছৰ, 2 গৰাকী বহুজন সমাজবাদী পাৰ্টীৰ, 1 গৰাকী সমাজবাদী পাৰ্টীৰ আৰু 4 গৰাকী নিৰ্দলীয় বিধায়ক ৷ শক্তিৰ ফালৰ পৰা বিজেপিক সংখ্য়া গৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে প্ৰয়োজন 9 খন আসনৰ ৷ আনহাতে কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ হ’লে জয়লাভ কৰিব লাগিব 28 খন আসনত ৷ খালী হৈ থকা 28 খন আসনৰ ভিতৰত 25 খনতেই কংগ্ৰেছৰ বিধায়কে পদত্যাগ কৰিছিল ৷ বাকী তিনিখন আসনৰ দুখন পূৰ্বতে কংগ্ৰেছৰ আছিল আৰু এখন বিজেপিৰ ৷

লগতে পঢ়ক : 14 দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.