North East Assembly Poll 2023 : বিজেপিয়ে উত্তৰ-পূবত নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত কৰিব : কিৰেণ ৰিজিজু - BJP IPFT crosed majority mark in Tripura
উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া (Kiren Rijiju on NE Assembly poll result 2023) । প্ৰধানমন্ত্ৰীৰ ভাল কামৰ ফল এয়া । উল্লেখ্য যে, ত্ৰিপুৰাত বিজেপি-আইপিএফটি আৰু নাগালেণ্ডত বিজেপি-এনডিপিপি মিত্ৰজোঁটে ইতিমধ্যে শাসনৰ গাদীত বহাটো নিশ্চিত হৈছে ।
নিউজ ডেস্ক, ২ মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Union Minister Kiren Rijiju) বৃহস্পতিবাৰে কয় যে বিজেপিয়ে উত্তৰ-পূবৰ তিনিওখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত নিৰ্বাচনৰ ফলাফলক প্ৰভাৱিত কৰিব (North East Assembly Poll 2023 result) । যদিও ইতিমধ্যে ৰাজ্যখনত বেছিভাগ এক্সিট পোলে এখন ওলোমা বিধানসভাৰ ইংগিত প্ৰদান কৰিছে তাৰ পিছতো কিন্তু মেঘালয়ৰ মুখ্যমন্ত্ৰী (Meghalaya CM Conrad Sangma) তথা শাসনাধিষ্ঠিত এনপিপিৰ মুৰব্বী কনৰাড চাংমাই (NPP chief Conrad Sangma) নিৰ্বাচনোত্তৰ মিত্ৰতাৰ ইংগিত নাকচ কৰিছে । তাৰ মাজতে ৰিজিজুৰ এই দাবীয়ে সূচায় যে বিজেপিয়ে উত্তৰ-পূবৰ ৩ খন ৰাজ্যৰ আটাইকেইখনতে ফলাফল প্ৰভাৱিত কৰিব । লগতে তেওঁ ইংগিত দিয়ে যে এই নিৰ্বাচনী ফলাফলৰ প্ৰভাৱে আগন্তুক দিনত দলটোক এক নতুন চিন্তাধাৰা প্ৰদান কৰিব (Kiren Rijiju on NE Assembly poll result 2023) ।
উল্লেখ্য যে, উত্তৰ-পূবৰ তিনিখন ৰাজ্যত অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া গণনাৰ প্ৰৱণতা অনুসৰি, বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পুনৰ ক্ষমতালৈ উভতি আহিবলৈ গৈ আছে (Tripura Assembly poll result 2023) । ইয়াৰে ভিতৰত ত্ৰিপুৰাত বিজেপিৰ মিত্ৰদল হৈছে আইপিএফটি আৰু নাগালেণ্ডত গেৰুৱা দলটোৱে এনডিপিপিৰ সৈতে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । অৱশ্যে বিজেপিয়ে মেঘালয়ত নিজে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা নাই বাবে নিৰ্বাচনোত্তৰ মিত্ৰতাৰ সম্ভাৱনা মুকলি হ'ব ।
ইফালে নিৰ্বাচন আয়োগে (Election Commission of India) প্ৰকাশ কৰা শেহতীয়া ভোটগণনাৰ প্ৰৱণতা অনুসৰি, ত্ৰিপুৰাত বিজেপি-আইপিএফটিয়ে ইতিমধ্যে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰৰ সীমা অতিক্ৰম কৰিছে (BJP IPFT crossed majority mark in Tripura) । সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ৰিজিজুৱে কয় যে কেন্দ্ৰই কৰা কামে ৰাজ্যকেইখনৰ জনগণৰ দৈনন্দিন জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, যাৰবাবে ৰাইজে বিজেপিক ভোট দিছে ।
আনহাতে, বিজেপিয়ে উত্তৰ-পূবত যেনেদৰে জয়লাভ কৰিছে আৰু অঞ্চলটোত জনসাধাৰণৰ সমৰ্থন লাভ কৰিছে, তাৰ পৰা এইটো প্ৰতীয়মান হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) দূৰদৰ্শী নেতৃত্বত আমাৰ চৰকাৰে কৰা কামৰ ফল দেশৰ একেবাৰে অন্তিম প্ৰান্ততো উপনীত হৈছে । যদি আমি নিৰ্বাচনত জয়ী হওঁ, ইয়াৰ অৰ্থ হৈছে আমি মানুহৰ আত্মবিশ্বাস জয় কৰি আছোঁ । ৰিজিজুৱে লগতে কয় । উল্লেখ্য, অৰুণাচল প্ৰদেশৰ বাসিন্দা ৰিজিজুৱে লগতে কয় যে কেৱল বিজেপিয়েহে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত কৰিব ।