ETV Bharat / bharat

পশ্চিমবংগত বিজেপিৰ 'বিধায়োক্কে বোলো' অভিযান - দিদিক বোলো

ভোটাৰৰ কাষ চাপিবলৈ বিজেপিয়ে পশ্চিমবংগত আৰম্ভ কৰিছে বিশেষ কাৰ্যসূচী । ৰাজ্যখনৰ ৭৫ গৰাকী বিজেপি বিধায়কক তেওঁলোকৰ হোৱাটছ এপ নম্বৰ মুকলি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় নেতৃত্বই । যাতে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ অভিযোগসমূহ অতি সহজে বিধায়কক অৱগত কৰিব পাৰে ।

Bengal BJP
পশ্চিমবংগত বিজেপিৰ বিধায়োক্কে বোলো শীৰ্ষক নতুন অভিযান
author img

By

Published : Jul 17, 2021, 7:21 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুলাই : তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) বিভিন্ন পদক্ষেপক অনুসৰণ কৰি পশ্চিমবংগত ৰাইজৰ কাষ চাপিবলৈ বিজেপিয়েও আৰম্ভ কৰিছে কিছুমান বিশেষ নীতি । পশ্চিমবংগৰ বিজেপি গোটে এইবাৰ ৰাজ্যখনত আৰম্ভ কৰিছে 'বিধায়োক্কে বোলো' (আপোনাৰ বিধায়কৰ সৈতে কথা পাতক) শীৰ্ষক এক অভিযান । ৰাজ্যখনৰ ৭৫ গৰাকী বিজেপি বিধায়কক তেওঁলোকৰ হোৱাটছ এপ নম্বৰ মুকলি কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় নেতৃত্বই । যাতে সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ অভিযোগসমূহ অতি সহজে বিধায়কক অৱগত কৰিব পাৰে ।

এই অভিযান দলটোৰ তথ্য প্ৰযুক্তি কোষৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱীয়ৰ (Amit Malviya) তত্বাৱধানত আৰম্ভ কৰা হৈছে । পশ্চিমবংগ বিধানসভাৰ বিজেপিৰ মুৰব্বী মনোজ টিগ্গাই (Manjoj Tigga) এই অভিযান সন্দৰ্ভত কয় যে ৭৫ গৰাকী বিধায়কক পৃথক হোৱাটছ এপ গ্ৰুপ আৰম্ভ কৰিবলৈ কোৱা হৈছে । ইয়াৰ জৰিয়তে সংশ্লিষ্ট সমষ্টিৰ ভোটাৰসকলে তেওঁলোকৰ বিধায়কসকলৰ সৈতে পোনপটীয়াকৈ তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰিব । লগতে প্ৰতিজন বিধায়কক অভিযোগ লাভ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ লগতে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিশেষ সূত্ৰৰ মতে বিধায়কসকলৰ এই বিশেষ হোৱাটছ এপ নম্বৰবোৰ নিজ নিজ সমষ্টিৰ সকলো প্ৰান্ততে পৰ্যাপ্তভাৱে প্ৰচাৰ কৰিবলৈ কোৱা হৈছে । এগৰাকী জ্যেষ্ঠ বিজেপি নেতাই স্বীকাৰ কৰে যে দিদি অৰ্থাৎ মমতা বেনাৰ্জীৰ 'দিদিক বোলো' শীৰ্ষক এক প্ৰচাৰৰ বাবে টিএমচিয়ে বিগত বিধানসভা নিৰ্বাচনত বিজয়ৰ মুখ দেখিছিল । সেয়ে বিজেপিয়েও বিচাৰিছে যাতে তেওঁলোকৰ নিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ নিজ নিজ সমষ্টিত তীব্ৰ জনসম্পৰ্কৰ অনুশীলনত মনোনিৱেশ কৰিব পাৰে ।

নেতাগৰাকীৰ মতে এই উদ্দেশ্য আগত ৰাখিয়ে বিজেপিয়ে 'বিধায়োক্কে বোলো' (Bbidhayokke Bolo) কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । একে সময়তে, নিৰ্বাচিত বিজেপিৰ আটাইকেইগৰাকী বিধায়কক প্ৰতি দেওবাৰে তেওঁলোকৰ সমষ্টিৰ ভিতৰত থকা দলৰ স্থানীয় কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকে জনসাধাৰণৰ অভিযোগ গ্ৰহণ কৰিব পাৰে । উল্লেখ্য যে, টিএমচিৰ 'দিদিক বোলো' অভিযানটো নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ পৰামৰ্শ অনুসৰি মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : কোনেও ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব নোৱাৰে: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.