ETV Bharat / bharat

Protest in Delhi Assembly: অক্সিজেন চিলিণ্ডাৰ লৈ দিল্লী বিধানসভাত বিজেপি বিধায়কৰ প্ৰতিবাদ

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ গুৰুতৰ পৰিস্থিতিক লৈ বিজেপি বিধায়কৰ অভিনৱ প্ৰতিবাদ (BJP protest against pollution in Delhi Assembly)। ক্ষুব্ধ বিধায়কসকলে মাস্ক পৰিধান কৰি অক্সিজেন চিলিণ্ডাৰ লৈ বিধানসভাত জনালে প্ৰতিবাদ । তেওঁলোকে দিল্লীৰ বৰ্ধিত প্ৰদূষণৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

author img

By

Published : Jan 16, 2023, 3:50 PM IST

BJP MLAs in Delhi Assembly with oxygen cylinder
অক্সিজেন চিলিণ্ডাৰ লৈ দিল্লী বিধানসভাত উপস্থিত বিজেপি বিধায়ক

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: চৰকাৰে দিল্লীৰ প্ৰদূষণ পৰিস্থিতি সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে বিজেপিৰ বিধায়কসকলে অক্সিজেন মাস্ক পৰিধান কৰি অক্সিজেন চিলিণ্ডাৰ লৈ দিল্লী বিধানসভাত উপস্থিত হয় (BJP MLAs in Delhi Assembly with oxygen cylinder) । বিজেপিৰ বিধায়কসকলে চৰকাৰে দিল্লীৰ প্ৰদূষণ পৰিস্থিতি সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বাবেই আজি অক্সিজেন চিলিণ্ডাৰ লৈ বিধানসভাৰ অধিৱেশনত উপস্থিত হয় বুলি ক্ষোভ ব্য়ক্ত কৰে । এই ক্ষুব্ধ বিধায়কসকলে লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰো দাবী উত্থাপন কৰে ।

সোমবাৰে বিধানসভাৰ বিশেষ তিনিদিনীয়া অধিৱেশন আৰম্ভ হোৱাৰ পিছতেই বিজেপিৰ বিধায়কসকলে অক্সিজেন মাস্ক পিন্ধি অক্সিজেন চিলিণ্ডাৰ লৈ উপস্থিত হোৱাত বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে এই কাৰ্যত আপত্তি দৰ্শায় (Delhi Assembly Special three day session)। তেওঁ সকলোকে অক্সিজেন চিলিণ্ডাৰ বাহিৰত ৰাখিবলৈ নিৰ্দেশ দিয়ে । অৱশ্যে বিধায়কসকলে অধ্যক্ষ ৰাম নিৱাস গোৱেলেৰ কথা নুশুনি এনেদৰে প্ৰতিবাদ অব্য়াহত ৰখাত ইয়াৰ কিছুসময় পিছতেই মাৰ্শ্বালৰ সহায়ত অক্সিজেন চিলিণ্ডাৰসমূহ বিধানসভাৰ বাহিৰত ৰখিবলৈ বাধ্য় হয় ।

দিল্লী বিধানসভাৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিজেপিৰ সকলো বিধায়কে প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰি কয় যে, দিল্লী চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । সেয়েহে প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হোৱা বুলি মন্তব্য় কৰি বিধায়কসকলে এনে পৰিস্থিতিত সকলোৱেই লগত এটা চিলিণ্ডাৰ কঢ়িয়াব লাগিব বুলি চৰকাৰক কটাক্ষ কৰে ।

বিজেপি বিধায়ক অ'পি শৰ্মাই কয় যে তেওঁ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওচৰত বাৰে বাৰে বিষয়টো উত্থাপন কৰি আহিছে (MLAs arrived in assembly wearing oxygen mask)। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতো এইক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা নাই । তেওঁ পুনৰ কয় যে ইয়াৰ ফলত দিল্লীৰ লোকসকলে আজি শ্বাসৰুদ্ধ পৰিৱেশত উশাহ ল'বলৈ বাধ্য হৈছে ।

ইপিনে, বিজেপিৰ আন এগৰাকী বিধায়ক অনিল বাজপেয়ীয়ে কয় যে শেহতীয়াকৈ প্ৰকাশ কৰা দেশৰ সকলো চহৰতে প্ৰদূষণৰ স্তৰৰ প্ৰতিবেদনত দিল্লী এক নম্বৰত আছে (Delhi latest news)। এইটো লজ্জাজনৰ বিষয় বুলি উল্লেখ কৰি পুনৰ কয় যে যি সময়ত দেশৰ ৰাজধানীৰ বায়ু বিশুদ্ধ হ'ব লাগে সেই সময়ত ইয়াৰ বায়ু প্ৰদূষিত হৈ বসবাসৰ অনুপযোগী হৈ পৰিছে (pollution in Delhi) ।

আনহাতে, বিধানসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে আম আদমী পাৰ্টীৰ বিধায়ক সৌৰভ ভৰদ্বাজে চৰকাৰী কামত লেফটেনেণ্ট গভৰ্ণৰৰ হস্তক্ষেপৰ বিষয়টো উত্থাপন কৰে (Aam Aadmi Party)। আপৰ আন বিধায়কসকলে এই সন্দৰ্ভত একেলগে বক্তব্য কৰিবলৈ আৰম্ভ কৰাত বিধানসভাৰ কাম-কাজ কিছু সময়ৰ বাবে স্থগিত ৰখা হয় ।

লগতে পঢ়ক:Priyanka Gandhi in Bengaluru today: না নায়াকি অধিৱেশনত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.